যৌন হিংসাক লৈ ৰাষ্ট্ৰসংঘত পাকিস্তানক আক্ৰমণ ভাৰতৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
ভাৰতীয় কূটনীতিবিদ এলড’ছ মেথিউ পুন্নুছ
ভাৰতীয় কূটনীতিবিদ এলড’ছ মেথিউ পুন্নুছ
 
ৰাষ্ট্ৰসংঘ
 
ভাৰতে জম্মু-কাশ্মীৰৰ মহিলাসকলক যৌন হিংসাৰ লক্ষ্য কৰি লোৱা বুলি ইছলামবাদে অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানক আক্ৰমণ কৰি কয় যে, "তেওঁলোকে প্ৰতিবেশী দেশখনক মহিলাৰ বিৰুদ্ধে কৰা নিজৰ অপৰাধৰ দুখজনক তথ্যৰ বিষয়ে তীব্ৰভাৱে সোঁৱৰাই দিছে।" 
 
মঙলবাৰে সংঘাত সম্পৰ্কীয় যৌন হিংসাৰ ওপৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্কত ভাষণ দি ভাৰতীয় কূটনীতিবিদ এলড’ছ মেথিউ পুন্নুছে স্পষ্ট কৰি দিয়ে যে, পাকিস্তানৰ এনে অভিযোগ কৰাৰ কোনো নৈতিক অধিকাৰ নাই। 
 
ৰাষ্ট্ৰসংঘৰ ভাৰতৰ চাৰ্জ ডি এফেয়াৰ্ছ পুন্নুছে কয় যে ১৯৭১ চনত পূৰ্বৰ পূব পাকিস্তানত পাকিস্তান সেনাই যি ধৰণৰ জঘন্য যৌন হিংসাৰ  নিৰ্মম অপৰাধ সংঘটিত কৰিছিল সেয়া এক লজ্জাজনক অভিলেখৰ বিষয়।
 
পুন্নুছে উল্লেখ কৰে যে, পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলে এতিয়াও অপহৰণ, পাচাৰ, বাধ্যতামূলক বিবাহ আৰু ধৰ্মান্তৰনৰ দৰে অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। তেওঁ কয়, পাকিস্তানৰ ন্যায় ব্যৱস্থাই এই অপৰাধসমূহক বৈধতা প্ৰদান কৰি আহিছে। যি লোকসকলে এনে অপৰাধ কৰে, তেওঁলোকে এতিয়া ন্যায়ৰ পক্ষপাতিত্ব কৰাৰ চৰম অভিনয় কৰি আছে। যিটো অতি দুৰ্ভগ্যজনক।   
 
২০২৪ চনত বহনক্ষম সামাজিক উন্নয়ন সংস্থাৰ প্ৰতিবেদন অনুসৰি, পাকিস্তানত যোৱা বছৰ ২৪ হাজাৰতকৈ অধিক অপহৰণৰ গোচৰ, ৫ হাজাত্ৰো অধিক ধৰ্ষণৰ গোচৰ আৰু ৫০০ টাৰো অধিক "অসন্মানজনক" হত্যাকাণ্ডৰ ঘটনা পঞ্জীয়ন কৰা হৈছিল। সিন্ধ প্ৰদেশৰ বহু ভুক্তভোগী আছিল হিন্দু সংখ্যালঘু যুৱতীক বলপূৰ্বক বিবাহ আৰু ধৰ্মান্তৰকৰণ কৰা হৈছিল। কিন্তু দোষীক দণ্ড বিহাৰ হাৰ ২ শতাংশতকৈও কম আছিল।
 
জবাবদিহিতাৰ আহ্বান জনোৱাৰ সময়ত পুন্নুছে জোৰ দি কয় যে জীৱিতসকলক স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি আইনী সাহায্যলৈকে ব্যাপক সহায়ৰ প্ৰয়োজন। সংঘাত সম্পৰ্কীয় যৌন হিংসাৰ জঘন্য কাৰ্য্যৰ দোষীক সম্ভৱপৰ কঠোৰ ভাষাৰে নিন্দা কৰি ন্যায়ৰ কাষ চাপিব লাগিব বুলিও তেওঁ কয়।
 
দূতগৰাকীয়ে ঘৰুৱা আৰু বিশ্ব শান্তিৰক্ষা অভিযানত লিংগভিত্তিক হিংসাৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতৰ নিজা প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰে। পুন্নুছে কয়, দোষীক শাস্তি দিয়া উচিত আৰু পীড়িতসকলক চিকিৎসা, আইনী সহায় আদিৰে সমগ্ৰ সহায় প্ৰদান কৰাটো এক প্ৰয়োজন তথা বাধ্যতামূলক। তেওঁ কয়, ভাৰত প্ৰথমখন দেশ আছিল যিয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ ট্ৰাষ্ট ফাণ্ডত অৱদান আগবঢ়ায় আৰু ২০১৭ চনত ৰাষ্ট্ৰসংঘৰ সৈতে যৌন শোষণ ৰোধৰ স্বেচ্ছাসেৱী চুক্তিত স্বাক্ষৰ কৰে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত ৰাষ্ট্ৰসংঘৰ অভিযানত যৌন শোষণ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতে নেতৃত্বৰ চক্ৰত যোগদান কৰে। পুন্নুছে আঙুলিয়াই দিয়ে যে ভাৰতে ২০০৭ চনত লাইবেৰিয়াত প্ৰথমটো সৰ্বমহিলা আৰক্ষী ইউনিট নিয়োগ কৰিছিল আৰু ৰাষ্ট্ৰসংঘৰ অভিযানলৈ মহিলা দল প্ৰেৰণ কৰি আছে।
এই দলসমূহে স্থানীয় সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন আৰু লিংগ-সংবেদনশীল সমস্যাসমূহৰ সমাধানত প্ৰচণ্ড সফলতা লাভ কৰিছে।
 
ঘৰুৱাভাৱে পুন্নুছে কয় যে, ভাৰতে মহিলাৰ সুৰক্ষাৰ বাবে নিবেদিত ব্যৱস্থা সৃষ্টি কৰিছে, য’ত আছে মহিলাৰ সুৰক্ষাৰ বাবে ১.২ বিলিয়ন ডলাৰৰ নিৰ্ভয়া পুঁজি, দেশজোৰা জৰুৰীকালীন সঁহাৰি নম্বৰ (১১২), আৰু জিলাসমূহৰ মাজত আৰক্ষী, চিকিৎসা, আৰু আইনী সহায় আগবঢ়োৱা সাখী ৱান ষ্টপ চেণ্টাৰ। 
 
ইউএনএছচিক তেওঁ কয় যে, ভাৰতে মহিলাৰ সুৰক্ষাৰ বাবে এক বিস্তৃত ঘৰুৱা কৌশল ৰূপায়ণ কৰিছে। ই জীৱন ৰক্ষাকাৰী সেৱাৰ সুবিধা নিশ্চিত কৰাৰ বাবে অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে আৰু সংঘাতৰ পৰিস্থিতিত জীৱিতসকলৰ বাবে সুৰক্ষা প্ৰদান কৰিব পাৰে।