ভাৰত অভিমুখী আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজ জব্দ য়েমেনৰ হাউথী মিলিচীয়া গোটৰ

Story by  atv | Posted by  Munni Begum • 8 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
জেৰুজালেম
 
ইজৰাইলে দেওবাৰে অভিযোগ কৰে যে য়েমেনৰ হাউথী মিলিচীয়া গোটে ভাৰত অভিমুখী এখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজ দক্ষিণ লোহিত সাগৰত জব্দ কৰিছে। টেল আভিভে ইয়াক ইৰাণৰ সন্ত্ৰাসবাদৰ কাৰ্য আৰু ই বিশ্ব পৰ্যায়ত অতি ভয়াৱহ ঘটনা বুলি অভিহিত কৰিছ।
 
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ত উল্লেখ কৰা হৈছে যে ব্ৰিটিছৰ মালিকানাধীন আৰু জাপানৰ দ্বাৰা পৰিচালিত এখন মালবাহী জাহাজ তেহৰাণৰ মিত্ৰ হাউথীয়ে জব্দ কৰিছে। বিষয়াসকলে কয় যে জাহাজখনত কোনো ইজৰাইলী নাছিল। 
 
নেতানিয়াহুৰ কাৰ্যালয়ে জনোৱা মতে, এইটো ইৰাণৰ আন এক সন্ত্ৰাসবাদৰ কাৰ্য্য, যিয়ে মুক্ত বিশ্বৰ নাগৰিকৰ বিৰুদ্ধে ইৰাণৰ যুদ্ধংদেহ বৃদ্ধিৰ প্ৰতিনিধিত্ব কৰিছে, যাৰ সমান্তৰালভাৱে বিশ্ব জাহাজ পথৰ নিৰাপত্তাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় শাখা-প্ৰশাখাও দেখা যায়। 
 
হাউথীয়ে এই কথা নিশ্চিত কৰিছে আৰু তেওঁলোকে ইজৰাইলৰ এখন জাহাজ জব্দ কৰা বুলি দাবী কৰিছে। যিটো দাবী টেল আভিভে নাকচ কৰিছে। দক্ষিণ লোহিত সাগৰৰ পৰা অহা জাহাজখন য়েমেনৰ বন্দৰলৈ লৈ যোৱা হৈছে বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। 
 
গোটটোৰ সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয় যে আমি জাহাজখনৰ কৰ্মীসকলক ইছলামিক নীতি আৰু মূল্যবোধ অনুসৰি ব্যৱহাৰ কৰিছো। হাউথীয়ে হেলিকপ্টাৰ ব্যৱহাৰ কৰি যোদ্ধা বিমানখন নমাই জাহাজখন হাইজেক কৰে।
 
টেল আভিভে কয় যে মালবাহী জাহাজখন ব্ৰিটিছ কোম্পানী এটাৰ মালিকানাধীন আৰু জাপানৰ এটা প্ৰতিষ্ঠানে পৰিচালনা কৰে। জাহাজখনত ইউক্ৰেইন, বুলগেৰিয়ান, ফিলিপাইনছ আৰু মেক্সিকানকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ ২৫ জন ক্ৰু সদস্য আছিল। 
 
আজিৰ পূৰ্বে আন এক বিবৃতিত য়েমেনৰ ইৰাণ সংযুক্ত মিলিচীয়াৰ এগৰাকী মুখপাত্ৰই কয় যে গোটটোৱে ইজৰাইলৰ কোম্পানীসমূহৰ মালিকানাধীন বা পৰিচালিত বা ইজৰাইলৰ পতাকা কঢ়িয়াই অনা সকলো জাহাজকে লক্ষ্য কৰি ল’ব। গোটটোৱে দেশসমূহক এনে যিকোনো জাহাজৰ ক্ৰুত কাম কৰা নাগৰিকসকলক প্ৰত্যাহাৰ কৰিবলৈও কয়।
 
আমেৰিকাৰ দুগৰাকী প্ৰতিৰক্ষা বিষয়াই দ্য ৱাশ্বিংটন পোষ্টক নিশ্চিত কৰিছে যে মিলিচীয়াই হেলিকপ্টাৰৰ পৰা নামি গেলাক্সি লিডাৰ জাহাজখন জব্দ কৰে। এসপ্তাহ পূৰ্বে হাউথীৰ এজন নেতাই ঘোষণা কৰিছিল যে গোটটোৱে লোহিত সাগৰ আৰু বাব আল-মাণ্ডেব জলদ্বীপত ইজৰাইল আৰু ইজৰাইলৰ জাহাজসমূহৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিব। ৭ অক্টোবৰৰ পৰা ইজৰাইলে যুদ্ধ কৰি থকা হামাছৰ উগ্ৰপন্থীৰ সৈতে যোগ দি দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ছালভোৰে ইজৰাইলৰ পোষ্টসমূহক লক্ষ্য কৰি লৈছে গোটটোৱে।
 
নব্বৈৰ দশকত উত্তৰ য়েমেনত উদ্ভৱ হোৱা জাইদী ছিয়া মুছলমান আন্দোলন হাউথী। চুন্নী প্ৰধান চৰকাৰৰ বিৰোধী আৰু ২০০৪ চনৰ পৰা য়েমেন চৰকাৰৰ সৈতে ছখন যুদ্ধ চলাই আহিছে। ২০১৪ চনত ৰাজধানী ছানাৰ নিয়ন্ত্ৰণ দখল কৰি চৰকাৰক নিৰ্বাসন কৰিবলৈ বাধ্য কৰাইছিল। তেতিয়াৰ পৰাই তেওঁলোকে ছৌদি আৰব নেতৃত্বাধীন চুন্নী আৰব ৰাষ্ট্ৰৰ মিত্ৰজোঁটৰ বিৰুদ্ধে গৃহযুদ্ধ চলাই আহিছে।