পাকিস্তানত ৩০ টাতকৈ অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছে ভাৰতৰ চোৰাংচোৱাই

Story by  atv | Posted by  [email protected] • 15 h ago
পাকিস্তানত ৩০ টাতকৈ অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছে ভাৰতৰ চোৰাংচোৱাই
পাকিস্তানত ৩০ টাতকৈ অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছে ভাৰতৰ চোৰাংচোৱাই
 
নতুন দিল্লী
 
লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ সন্ত্ৰাসবাদী ৰিজৱান হানিফে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে যে বিগত তিনিৰ পৰা চাৰি বছৰৰ ভিতৰত পাকিস্তানস্থিত এই সন্ত্ৰাসবাদী সংগঠনটোৰ ৩০ জনতকৈ অধিক সদস্য নিহত হৈছে। বিগত কেইবছৰমানত সন্ত্ৰাসবাদী সংগঠনটোৱে নিজৰ সদস্যক হেৰুওৱা সন্দৰ্ভত এয়া হৈছে আটাইতকৈ ডাঙৰ স্বীকাৰোক্তি।
 
মে’ মাহত ৰেকৰ্ড কৰা বুলি ধাৰণা কৰা আৰু বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত সন্ত্ৰাসবাদী ৰিজৱান হানিফে দিয়া ভাষণত অভিযোগ কৰিছে যে ‘অজ্ঞাত বন্দুকধাৰী মডেল’ৰ জৰিয়তে এই হত্যাকাণ্ডসমূহ সংঘটিত কৰা হৈছিল আৰু এই প্ৰতিটো হত্যাত জড়িত আছিল ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহ।
 
একাংশ সমর্থকক সম্বোধন কৰি হানিফে দাবী কৰে যে পেছাৱৰ, কৰাচী, ৰাৱালপিণ্ডি, মুজাফৰাবাদ আৰু ৰাৱালকোটকে ধৰি পাকিস্তানৰ কেইবাখনো চহৰত লস্কৰৰ সন্ত্ৰাসবাদীসকলক লক্ষ্য কৰি আক্ৰমণ কৰা হৈছে। হানিফে কয়, ‘বিগত তিনি-চাৰি বছৰত আমাৰ ৩০ জনতকৈ অধিক লোকক ভাৰতীয় চোৰাংচোৱা এজেণ্টে হত্যা কৰিছে।’
 
হানিফৰ এই মন্তব্যৰ দ্বাৰা লস্কৰৰ সৈতে জড়িত কোনো ব্যক্তিয়ে পোনপটীয়াভাৱে তথা ৰাজহুৱাকৈ স্বীকাৰ কৰিছে যে বিগত কেইবছৰমান ধৰি সন্ত্ৰাসবাদী সংগঠনটোৱে বাৰে বাৰে নিজৰ সদস্য হেৰুৱাবলগীয়া হৈছে। বিগত কেইবছৰমানত পাকিস্তানৰ বিভিন্ন প্ৰান্তত অচিনাক্ত বন্দুকধাৰীয়ে কেইবাটাও কুখ্যাত সন্ত্ৰাসবাদীক হত্যা কৰাৰ আঁৰত কোন আছিল তাক লৈ ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। পাকিস্তানে নিজৰ ভূমিত এনে হত্যাকাণ্ড চলোৱাৰ বাবে ভাৰতক কেইবাবাৰো অভিযুক্ত কৰিছে, আনহাতে নতুন দিল্লীয়ে এনে অভিযোগ নাকচ কৰি আহিছে।
 
ভাষণত হানিফে দাবী কৰে যে এই কথিত অভিযানৰ বাবে সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্যসকলে পাকিস্তান অধিকৃত কাশ্মীৰত ‘শান্তি আৰু স্বস্তিৰে’ জীয়াই থাকিবলৈ সক্ষম হোৱা নাই।
 
তেওঁ দাবী কৰে, ‘ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে কাশ্মীৰত আমাৰ সদস্যসকলক শান্তি আৰু স্বস্তিৰে জীয়াই থাকিবলৈ দিয়া নাই। তেওঁলোকৰ এজেণ্টৰ জৰিয়তে তেওঁলোকে আমাৰ সদস্যসকলক হত্যা কৰিছে।’
 
ভাষণৰ সময়ত হানিফে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ মৃত্যুৰ সন্দৰ্ভত আন ধৰ্মৰ অনুসৰণকাৰীসকলক লক্ষ্য কৰি কেইবাটাও উচটনিমূলক আৰু অপমানসূচক মন্তব্য কৰে। সংগঠনটোৰ সদস্যসকলক তেওঁলোকৰ ধৰ্মৰ বাবে লক্ষ্য কৰি লোৱা হৈছে বুলি দাবী কৰে। ইয়াৰ পাছতে তেওঁ হিন্দু আৰু ইহুদীসকলক লৈ আক্ৰমণাত্মক মন্তব্য কৰে আৰু ইছলামৰ সৈতে তেওঁলোকৰ ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ তুলনা কৰি অপমানসূচক ভাষা ব্যৱহাৰ কৰে। ইয়াৰোপৰি তেওঁ অন্যান্য ধৰ্মৰ
 
অনুসৰণকাৰীসকলকো লক্ষ্য কৰি ঘৃণামূলক মন্তব্য কৰে। আমেৰিকা বা ইজৰাইল কোনোৱেই শ্ৰেষ্ঠ নহয় বুলিও নিজৰ ভাষণতে হুংকাৰ দিয়ে হানিফে।