ছিংগাপুৰত শান্তি-সম্প্ৰীতিৰে বসবাস কৰা ভাৰতীয়সকল

Story by  atv | Posted by  Munni Begum • 17 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
অৰুণ কুমাৰ দাস / ছিংগাপুৰ
 
ঘৰৰ পৰা হাজাৰ মাইল দূৰত, ছিংগাপুৰৰ মাজমজিয়াত, এখন 'সৰু ভাৰতবৰ্ষ'ৰ অস্তিত্ব পোৱা যায়।ব্যস্ততাপূৰ্ণ ছিংগাপুৰৰ চাৰিওফালে সিচৰিত হৈ থকা ভাৰতীয়সকলে ঐক্যবদ্ধভাবে শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধিৰে বসবাস কৰে।ছিংগাপুৰত থকা ভাৰতীয় মূলৰ  লোকসকল হয়তো সংখ্যাত তেনেই কম, কিন্তু তেওঁলোক সন্তুষ্ট আৰু একেবাৰে ঘনিষ্ঠ। "আমি সকলো উৎসৱ একেলগে উদযাপন কৰো আৰু ইয়াত আমি সম্পূৰ্ণ সম্প্ৰীতিৰে বাস কৰো", লিছাৰ(LISHA) সদস্য তথা জনপ্ৰিয় গান্ধী ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী কীৰ্থীয়ে কয়।
 
ভাৰতীয় মূলৰ ছিংগাপুৰৰ দোকানৰ মালিকসকলে 'লিটল ইণ্ডিয়া শ্বপ ওনাৰ্ছ এণ্ড হেৰিটেজ এছ'চিয়েশ্যন' (LISHA) গঠন কৰিছে। যিয়ে হ'লী, গুৰু পৰ্ব, দীপাৱলী, ঈদ আৰু খ্ৰীষ্টমাছ উপলক্ষে নিয়মীয়াকৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। যেতিয়া তেওঁক প্ৰশ্ন কৰা হয় যে তেওঁ কেতিয়াবা বৰ্ণ বা সাম্প্ৰদায়িক ভেদাভেদৰ সন্মুখীন হৈছে নেকি ? তেওঁ কয়, 'একেবাৰে হোৱা নাই। আমি শান্তিপূৰ্ণভাৱে আৰু সম্পূৰ্ণ বুজাবুজিৰ মাজেৰে ইয়াত  বসবাস কৰি আছো।'
 
ছিংগাপুৰৰ এটি পথত ভাৰতীয় নাগৰিক
 
চহৰখন অন্বেষণ কৰি চণ্ডাৰ ৰোডত খোজকাঢ়ি গৈ থাকিলে আপুনি 'লিটিল ইণ্ডিয়া' নামেৰে জনাজাত ঠাইখিনিৰ এক অংশ দেখা পাবঃ গান্ধী ৰেষ্টুৰেণ্ট, মাদ্ৰাজ কফি, আজমী চাপাটি, মুস্তাফা চেন্টাৰ, আকবৰ আৰু আনন্দ ষ্ট'ৰ, জামান চেন্টাৰ, স্মাৰ্ট পঞ্জাৱ, খানছামা, আকৰুতী, হোলী ডিপাৰ্টমেণ্ট ষ্ট'ৰ আৰু বহু পৰিচিত ভাৰতীয় নাম। এই অঞ্চলটো জনসমাগমেৰে ভৰি থাকে আৰু বিদেশীসকলৰ বাবে অঞ্চলটো এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পৰ্যটন বা ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰা ভাৰতীয়সকলৰ বাবে এক বাধ্যতামূলক ভ্ৰমণ।
 
চণ্ডাৰ ৰোডলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে ১৯৭০ চনত কাফ ৰোডত স্থাপন কৰা গান্ধী ৰেষ্টুৰেণ্ট এখন ৰন্ধনশৈলীৰ বিশেষ ক্ষেত্ৰলৈ পৰিণত হৈছে। স্বত্বাধিকাৰী কীৰ্থীয়ে কয়, "আমাৰ গ্ৰাহকসকল বিশ্বৰ বিভিন্ন ঠাইৰ পৰা আহে। ইউৰোপীয়ান আৰু চীনাসকলৰ উপৰিও ছিংগাপুৰৰ স্থানীয়সকলটো নিয়মীয়া গ্ৰাহক। বৰ্তমান ব্যৱসায়ত যথেষ্ট উন্নতি হৈছে আৰু তেওঁ এতিয়া মালয়েছিয়াত আন এখন ৰেষ্টুৰেণ্ট খোলাৰ চিন্তা-চৰ্চা কৰা হৈছে।"
 
"আমাৰ চিকেন বিৰিয়ানী, মটন মছলা আৰু লাছী বিদেশী পৰ্যটকৰ মাজত বিশেষভাৱে জনপ্ৰিয়। আমি সকলোবোৰ অতি পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰো", তেওঁ গৌৰৱেৰে কয়। বিৰিয়ানী হওক বা ভাত আৰু দাইল, ৰেষ্টুৰেণ্টখনে ধুনীয়াকৈ প্ৰস্তুত কৰে। লগতে ৰেষ্টুৰেণ্টখনে গুণগত মানৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে।
 
ছিংগাপুৰত থকা অন্যতম পুৰণি আৰু বিশিষ্ট হিন্দু মন্দিৰ শ্ৰী বীৰমাকলিয়াম্মান মন্দিৰ
 
ৰাস্তাটোৰ সিটোপাৰে থকা আজমী ৰেষ্টুৰেন্টত মালিক ছাইফুল্লাহ টাৱাত ব্যস্ত, গ্ৰাহকৰ বাবে ৰুটি প্ৰস্তুত কৰি আছে। তেওঁ কয়, "গ্ৰাহকসকলে আমাৰ ৰুটি বৰ ভাল পায়। আমাৰ ইয়াত অন্য বহু খাদ্য পোৱা যায়, কিন্তু এই ৰুটি গ্ৰাহকৰ গৰমে গৰমে মাজত বিক্ৰী হয়। মাদ্ৰাজ কফি হৈছে ভাৰতীয়সকলৰ বাবে আন এক প্ৰিয় স্থান। পুষ্পেন্দ্ৰ সিঙে ১৮ বছৰ ধৰি ছিংগাপুৰত বাস কৰি আছে। তেওঁ মূলত ভাৰতৰ গোৱালিয়ৰৰ। তেওঁ কয়, 'যিমানবাৰ মই এই অঞ্চলৰ মাজেৰে পাৰ হওঁ, তেতিয়াই মই মাদ্ৰাজ কফিত কফি আৰু ভাডা খাবলৈ ৰৈ দিওঁ।'
 
ভাৰতীয়সকলে নাপিত, ফুলৰ দোকানৰ পৰা আৰম্ভ কৰি কাপোৰৰ দোকানলৈকে ভাৰতীয়ই পৰিচালনা কৰা প্ৰতিষ্ঠানবোৰক বেছি ভাল পায়। ফলস্বৰূপে, তাত এই ব্যৱসায়বোৰ সমৃদ্ধিশালী হৈ উঠিছে। ফুল আৰু কাপোৰৰ দোকানবোৰে বিবাহৰ বতৰত বৃহৎ সংখ্যক অৰ্ডাৰ লয়। "ভাৰতীয় বিবাহবোৰ পৰম্পৰাগত ধৰণে অনুষ্ঠিত হয় আৰু আমাৰ 'লিটিল ইণ্ডিয়া'ত বিবাহৰ বাবে প্ৰয়োজনীয় সকলোবোৰ উপলব্ধ", কীৰ্থীয়ে কয়।
 
"আমাৰ বাবে লিটিল ইণ্ডিয়া হৈছে প্ৰধান বজাৰ। আজি মই মুস্তাফা চেন্টাৰলৈ কাপোৰ কিনিবলৈ আহিছিলো, ইয়াত সকলো বস্তু সস্তা", ভাৰতীয় মূলৰ পুষ্পেন্দ্ৰাই কয়। খাদ্য আৰু শ্বপিংৰ বাহিৰেও 'লিটিল ইণ্ডিয়া' সমৃদ্ধ সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ ঘৰ। কালী মন্দিৰ, ভেংকটেশ্বৰ মন্দিৰ আৰু লক্ষ্মী নাৰায়ণ মন্দিৰৰ দৰে মন্দিৰসমূহ মছজিদ আংগুলিয়াৰ কাষতে অৱস্থিত, এই সকলোবোৰ উপাসনা ঘৰ খোজকাঢ়ি ঘূৰিব পৰা দূৰত্বৰ ভিতৰত।
 
ছিংগাপুৰত থকা লিটিল ইণ্ডিয়া আৰ্কেড
 
সন্ধিয়া কালী মন্দিৰত ভক্তৰ ভিৰ হয়। আনকি এই মন্দিৰে বিদেশীসকলৰো দৃষ্টি আকৰ্ষণ কৰে। অষ্ট্ৰেলিয়াৰ কিম আৰু তেওঁৰ কন্যা লিলিয়ে ইয়াৰ প্ৰতি যথেষ্ট আকৰ্ষিত। "মই মাজে মাজে ইয়ালৈ আহোঁ, কাৰণ এই ঠায়ে মোক ভাল আৰু পবিত্ৰ অনুভৱ কৰায়", কিমে কয়। তিনি বছৰ ধৰি ছিংগাপুৰত বাস কৰি থকা ব্ৰিটেইনৰ ইজাবেল, তেওঁ এজন নিয়মীয়া দৰ্শনাৰ্থী। তেওঁ কয়, "দ্বিতীয়বাৰৰ বাবে ইয়ালৈ আহিছোঁ। তেওঁ কয়। মই ইয়াত শান্তিপূৰ্ণ পৰিৱেশ বিচাৰি পাওঁ।"
 
লক্ষ্মী নাৰায়ণ মন্দিৰত মূলত উত্তৰ প্ৰদেশৰ দেওৰীয়াৰ পুৰোহিত আচাৰ্য সূৰ্য প্ৰকাশে সন্ধিয়াৰ পূজাৰ বাবে প্ৰসাদ প্ৰস্তুত কৰে। তেওঁ কয়, "সকলো স্তৰৰ লোক ইয়ালৈ আহে। গুৰদাসপুৰৰ চিমৰাট সিং আন এজন নিয়মীয়া অতিথি। তেওঁ লগতে কয়, 'মই প্ৰায়েই ইয়াত থকা গুৰুদ্বাৰাসমূহলৈ যাওঁ।" আন আন ভক্তসকলৰ ভিতৰত ৰাজ কৌলৰ আৰু তেওঁৰ চীনা পত্নীও ইয়ালৈ আহে। "আমি ইয়াত নিজৰ ঘৰত থকাৰ দৰে অনুভৱ কৰোঁ", ৰাজে কয়।
 
ছিংগাপুৰে স্বাধীনতাৰ ৬০ বছৰ পূৰ্তি উদযাপন কৰাৰ সময়তে, এই স্থানীয় ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি গঢ়ি উঠা ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে। বছৰ বছৰ ধৰি প্ৰস্তুত কৰা কফিৰ কাপৰ দৰে, ই এক অদম্য সাংস্কৃতিক মূল্য বহন কৰে আৰু চহৰখনৰ বিভিন্নতাপূৰ্ণ গাঁথনিৰ সমৃদ্ধি ঘটায়। ছিংগাপুৰ ইয়াৰ বহুসংস্কৃতিৰ জনসংখ্যাৰ দ্বাৰা গঢ়ি উঠা বিভিন্ন ধৰ্মীয় বিশ্বাস আৰু কাৰ্যকলাপৰ বাবে জনাজাত। দেশখনক এক সাংস্কৃতিক সমাহাৰ হিচাপে বৰ্ণনা কৰা হয়, য'ত ভাৰতৰ দৰে সমগ্ৰ বিশ্বৰ পৰম্পৰা অন্তৰ্ভুক্ত হৈ আছে।