নতুন দিল্লী
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ইৰানৰ আকাশমাৰ্গত শুকুৰবাৰে ধ্বংস কৰা হয় আমেৰিকাৰ F-15E বিমান। ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে দেশখনৰ ভিতৰত আমেৰিকাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।
জানিব পৰা মতে, বিমানখনৰ ভিতৰত দুগৰাকী পাইলট আছিল। ইতিমধ্যে বিমানখনৰ দুজন ক্ৰু সদস্যৰ এজনক আমেৰিকাৰ বিশেষ বাহিনীয়ে উদ্ধাৰ কৰিছে আৰু আনজনৰ সন্ধান অব্যাহত ৰাখিছে। ইপিনে আমেৰিকাৰ শীৰ্ষ সংবাদ প্ৰতিষ্ঠানসমূহৰ মতে, যান্ত্ৰিক বিজুতি নে ইৰানৰ প্ৰতিৰক্ষা বাহিনীৰ আক্ৰমণত বিমানখন ধ্বংস হৈছে সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট চৰকাৰী বিবৃতি প্ৰকাশ পোৱা নাই।
উল্লেখযোগ্য যে, এই সকলোবোৰৰ মাজতে ইৰানৰ টিভি চেনেলসমূহে ঘোষণা কৰিছে যে যদি কোনো নাগৰিকে আমেৰিকাৰ পাইলট গৰাকীক ধৰি আৰক্ষী বা সেনাবাহিনীৰ হাতত গতাই দিয়ে তেন্তে তেওঁলোকে পুৰস্কাৰ লাভ কৰিব।