আদিম যুগ’লৈ লৈ যোৱা হ’ব ইৰানক: ড’নাল্ড ট্ৰাম্পৰ হুংকাৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
ইৰানে আমেৰিকাক তীব্ৰ প্ৰত্যাক্ৰমণৰ ভাবুকি দিয়াৰ পাছতে কঠোৰ সকীয়নি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। দেশবাসীক সম্বোধন কৰি ট্ৰাম্পে যুদ্ধক্ষেত্ৰৰ বৃহৎ সফলতাৰ কথা উল্লেখ কৰে আৰু কয় যে আমেৰিকান বাহিনীয়ে তেওঁলোকৰ মূল কৌশলগত লক্ষ্যসমূহত উপনীত হোৱাৰ নিচেই ওচৰ চাপিছে। ইয়াৰ ভিতৰত আছে ইৰানৰ সামৰিক সক্ষমতা ধ্বংস কৰা আৰু দেশখনক পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত বাধা দিয়া। আমেৰিকাই চলাই থকা অভিযানৰ কথা উল্লেখ কৰি ট্ৰাম্পে দাবী কৰে যে যোৱা এমাহৰ অভিযানে ইৰানৰ সামৰিক আন্তঃগাঁথনি আৰু নেতৃত্বক যথেষ্ট দুৰ্বল কৰি তুলিছে।
 
ইয়াৰ লগতে তেওঁ দোহাৰে যে তেহৰাণৰ পাৰমাণৱিক অস্ত্ৰ বিকাশ কৰাৰ ক্ষমতা নোহোৱা কৰাটোকে ৱাশ্বিংটনে প্ৰথম অগ্ৰাধিকাৰ দিছে। দেশবাসীক সম্বোধন কৰি কি কি মূল বিষয় উত্থাপন ড’নাল্ড ট্ৰাম্পৰ?
 
মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যদি ইৰানে আমেৰিকাৰ চৰ্তত সন্মত নহয়, তেন্তে আগন্তুক দুই-তিনি সপ্তাহত ৱাশ্বিংটনে আক্ৰমণ তীব্ৰতৰ কৰিবলৈ সাজু। তেওঁ সতৰ্ক কৰি দিয়ে যে দেশখনক আদিম যুগলৈ লৈ যোৱা হ’ব পাৰে। আমেৰিকাৰ লক্ষ্য পূৰণ নোহোৱালৈকে সামৰিক আভিযান অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত ট্ৰাম্পে গুৰুত্ব আৰোপ কৰে।
 
ট্ৰাম্পে কয় যে এই সংঘৰ্ষত আমেৰিকান বাহিনীয়ে দ্ৰুত অগ্ৰগতি লাভ কৰিছে। যোৱা এমাহৰ যুদ্ধক ‘দ্ৰুত, নিৰ্ণায়ক আৰু অপ্ৰতিৰোধ্য বিজয়’ হিচাপে তেওঁ অভিহিত কৰে। তেওঁ দাবী কৰে যে ‘অপাৰেচন এপিক ফিউৰী’ৰ সময়ত ইৰানৰ মিছাইল ক্ষমতা, নৌসেনাৰ সম্পদ আৰু সামৰিক নেতৃত্বৰ গুৰুতৰ ক্ষতিসাধন হৈছে।
 
ট্ৰাম্পে কয় যে আমেৰিকাই ইয়াৰ প্ৰাথমিক যুদ্ধৰ লক্ষ্যসমূহত উপনীত হোৱাৰ নিচেই ওচৰ চাপিছে। ইয়াৰ ভিতৰত আছে ইৰানৰ মিছাইল উৎপাদন ক্ষমতা ধ্বংস কৰা, নৌসেনাক দুৰ্বল কৰা আৰু তেহৰাণে যাতে পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰা।
 
মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে ইৰানৰ নৌসেনা প্ৰায় ধ্বংস হৈছে আৰু বায়ুসেনাও ধ্বংসস্তূপত পৰিণত হৈছে। অৱশ্যে, এপি (AP) নিউজৰ তথ্য অনুসৰি, আক্ৰমণৰ তীব্ৰতা হ্ৰাস পালেও ইৰানৰ সামৰিক ক্ষমতা এতিয়াও সম্পূৰ্ণৰূপে নিঃশেষ হোৱা নাই।