বিশ্বজুৰি সক্ৰিয় ইৰানৰ শ্লিপাৰ চেলসমূহ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ৱাশ্বিংটন ডি চি
 
ইৰানৰ সৈতে যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা পোনপটীয়া সামৰিক সংঘাতত লিপ্ত হোৱা আমেৰিকাক এটা নতুন ভয়ে আৱৰি ধৰিছে। পশ্চিম এছিয়া উত্তাল কৰি চলি থকা যুদ্ধখনৰ মাজতেই ইৰানে দেশখনৰ শীর্ষ ধর্মীয় নেতা আয়াতুল্লা আলী খামেইনীৰ মৃত্যুৰ পিচতে বিশ্বৰ বিভিন্ন দেশত থকা দেশখনৰ শ্লিপাৰ চেলসমূহক সক্ৰিয় কৰিছে বুলি বাতৰি ওলাইছে। 
 
ৱাশ্বিংটন মহলে শ্লিপাৰ চেলসমূহ সক্ৰিয় কৰি ইৰানে প্ৰেৰণ কৰা গোপন বাৰ্তা ধৰা পেলাইছে। এই বার্তাত বিশ্বৰ বিভিন্ন দেশত, বিশেষকৈ আমেৰিকাত থকা শ্লিপাৰ চেলসমূহ সক্রিয় হ'বলৈ নির্দেশ দিয়া হৈছে। ইৰানে ইজৰাইল, আমেৰিকাৰ লগতে পশ্চিম এছিয়াৰ বিভিন্ন দেশত থকা আমেৰিকাৰ সামৰিক ঘাটি-ক্ষেত্রসমূহত আক্রমণ চলাই থকাৰ মাজতেই শ্লিপাৰ চেলসমূহৰ জৰিয়তে অন্য এক অভিযান আৰম্ভ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি মার্কিন চোৰাংচোৱা সংস্থাই আশংকা প্রকাশ কৰিছে। 
 
এই গোপন বার্তাই দুশ্চিন্তাত পেলোৱা মার্কিন চোৰাংচোৱা সংস্থাই এনেধৰণৰ শ্লিপাৰ চেলৰ আক্ৰমণৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ সন্ত্রাসবাদবিৰোধী গোট তথা চোৰাংচোৱা সংস্থাসমূহক সতর্ক হৈ থাকিবলৈ নির্দেশ দিছে। ২৮ ফেব্ৰুৱাৰীত আক্ৰমণৰ পিচতে এফ বি আইৰ সঞ্চালক কাশ পেটেলে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো নিৰাপত্তা সংস্থাক সতর্ক হৈ থাকিবলৈ নির্দেশ দিছে। 
 
ইৰানে এই গোপন বার্তা ইণ্টাৰনেট বা ম'বাইল নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ নোহোৱাকৈয়ে শ্লিপাৰ চেলসমূহলৈ দিয়া বুলি মার্কিন চোৰাংচোৱা সংস্থাই সদৰী কৰিছে। আক্ৰমণৰ পিচতে কেতবোৰ অস্বাভাৱিক ৰেডিঅ' ফ্রিকুৱেন্সি ছিগনেল মার্কিন চোৰাংচোৱা সংস্থাই ধৰা পেলাইছিল। এই ছিগনেলৰ জৰিয়তেই ইৰানে শ্লিপাৰ চেলসমূহক সক্রিয় হ'বলৈ নির্দেশ দিয়া বুলি অনুমান কৰা হৈছে।