ভাৰতৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত পৰিয়ালৰ ১০ জন সদস্য হেৰুৱালে জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে

Story by  atv | Posted by  [email protected] • 2 d ago
জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ
জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ
 
লাহোৰ

জইছ-ই-মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰে বুধবাৰে স্বীকাৰ কৰে যে ভাৰতে বাহাৱালপুৰত সংস্থাটোৰ মুখ্য কাৰ্যালয়ত কৰা ক্ষেপণাস্ত্ৰ আক্ৰমণত তেওঁৰ পৰিয়ালৰ ১০ জন সদস্য আৰু চাৰিজন ঘনিষ্ঠ সহযোগী নিহত হৈছে।
 
আজহাৰক প্ৰতিনিধিত্ব কৰা এক বিবৃতিত কোৱা হৈছে যে বাহাৱালপুৰৰ জামিয়া মছজিদ চুভান আল্লাহৰ ওপৰত হোৱা আক্ৰমণত নিহতসকলৰ ভিতৰত জইছ-ই-মহম্মদৰ মুৰব্বীগৰাকীৰ ডাঙৰ ভগ্নী আৰু তেওঁৰ স্বামী, এজন ভতিজা আৰু তেওঁৰ পত্নী, আন এগৰাকী ভতিজী আৰু তেওঁৰ পৰিয়ালৰ পাঁচটা সন্তানো আছে।
 
বিবৃতিটোত আৰু উল্লেখ কৰা হৈছে যে এই আক্ৰমণত আজহাৰৰ এজন ঘনিষ্ঠ সহযোগী আৰু তেওঁৰ মাতৃৰ লগতে আন দুজন ঘনিষ্ঠ সংগীৰো প্ৰাণ কাঢ়ি লোৱা হৈছে। "এই নৃশংসতাই সকলো সীমা চেৰ পেলাইছে। এতিয়া দয়াৰ কোনো আশা কৰিব নালাগে।"-বিবৃতিটোত লগতে কোৱা হৈছে।
উল্লেখ্য যে, ১৯৯৯ চনত আইচি-৮১৪ৰ অপহৰণ কৰা যাত্ৰীসকলৰ বিনিময়ত আজহাৰক মুকলি কৰি দিয়াৰ পিছত বাহাৱালপুৰ জইছ-ই-মহম্মদৰ কেন্দ্ৰস্থল হৈ পৰে। চীনে জেএমৰ মুৰব্বীগৰাকীক ব্লেকলিষ্ট কৰাৰ প্ৰস্তাৱৰ ওপৰত নিজৰ দখল উঠাই লোৱাৰ পিছত ২০১৯ চনৰ মে’ মাহত ৰাষ্ট্ৰসংঘই আজহাৰক “গোলকীয় সন্ত্ৰাসবাদী” বুলি অভিহিত কৰিছিল।
 
ভাৰতে প্ৰায় এক দশক পূৰ্বে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ মজিয়াত এই দাবী উত্থাপন কৰিছিল। ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা ৰাজহুৱা স্থানৰ পৰা দূৰত থকা আজহাৰে বাহাৱালপুৰৰ "নিৰাপদ স্থানত" আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে।


শেহতীয়া খবৰ