ইছলামাবাদ
মঙলবাৰে ইছলামাবাদৰ ন্যায়িক ভৱনৰ সমীপত এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয়। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই বিস্ফোৰণত কমেও ১২ জন লোকৰ মৃত্যু হয় আৰু ২৫ জনৰো অধিক লোক আহত হয়। আহতসকলৰ অধিকাংশই অধিবক্তা।
ইছলামাবাদ জিলা আদালতৰ প্ৰৱেশদ্বাৰৰ ওচৰত দিনৰ প্ৰায় ১২.৩০ বজাত সংঘটিত এই বিস্ফোৰণে আদালত চৌহদত উপস্থিত থকা অধিবক্তাসকলৰ মাজত আতংক সৃষ্টি কৰে। বিস্ফোৰণটো ইমানেই তীব্ৰ আছিল যে ছয় কিলোমিটাৰ দূৰৈৰ পৰা ইয়াৰ শব্দ শুনিবলৈ পোৱা গৈছিল।
ভয়ংকৰ বিস্ফোৰণটোত কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হয়। আহতসকলৰ অধিকাংশই আদালতত কাম কৰা অধিবক্তা আৰু কৰ্মচাৰী। আৰক্ষীয়ে এয়া আত্মঘাতী আক্ৰমণ বুলি সন্দেহ কৰিছে।
"মই গাড়ীখন ৰখাই ভৱনটোলৈ সোমাই আহোঁতে গেটত এটা প্ৰচণ্ড শব্দ শুনিবলৈ পাওঁ... মই দুটাকৈ মৃতদেহ গেটত পৰি থকা দেখিবলৈ পাওঁ আৰু কেইবাখনো গাড়ী জ্বলি থকা প্ৰত্যক্ষ কৰো", অধিবক্তা ৰুস্তাম মালিকে AFPৰ আগত এইদৰে কয়।
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফে বিস্ফোৰণৰ বাবে আফগানিস্তানক দায়ী কৰি দেশখন "যুদ্ধৰ অৱস্থাত’’ থকা বুলি ঘোষণা কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফে এক টুইট বাৰ্তাত কয় যে আমি এতিয়া যুদ্ধৰ অৱস্থাত আছো। পাকিস্তানী সেনাই কেৱল আফগানিস্তান-পাকিস্তান সীমান্ত অঞ্চলত বা বেলুচিস্তানত যুদ্ধ কৰি আছে বুলি যিসকলে ভাবে, তেওঁলোকে ইছলামাবাদৰ জিলা আদালতত সংঘটিত আত্মঘাতী আক্ৰমণক লৈ সজাগ হোৱা উচিত। এয়া সমগ্ৰ পাকিস্তানৰ বাবে যুদ্ধ, য'ত সেনাই প্ৰতিদিনে লোকসকলক সুৰক্ষিত কৰি ৰখাৰ বাবে ত্যাগ স্বীকাৰ কৰি আহিছে।
ইপিনে, ৰাষ্ট্ৰপতি আছিফ আলী জাৰদাৰীয়ে আত্মঘাতী বিস্ফোৰণৰ তীব্ৰ নিন্দা কৰাৰ লগতে মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
পাকিস্তানৰ সংবাদ মাধ্যমৰ মতে, দক্ষিণ ৱাজৰিস্তানৰ কেডেট কলেজ ৱানাত তেহৰিক-ই-তালিবান পাকিস্তানৰ (টিটিপি) আক্ৰমণ প্ৰতিহত কৰাৰ কেইঘণ্টামানৰ পিছতে এই বিস্ফোৰণটো সংঘটিত হয়। এই অভিযানত টিটিপিৰ দুজন সন্ত্ৰাসবাদী নিহত হয়। অৱশ্যে টি টি পি দলে কলেজ আক্ৰমণত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।
এই ঘটনাই ২০১৪ চনত পেচৱাৰত সেনাবাহিনীৰ দ্বাৰা পৰিচালিত এখন বিদ্যালয়ত তালিবানৰ আক্ৰমণৰ স্মৃতি সজীৱ কৰি তোলে, য'ত ১৫৪ জন লোকৰ মৃত্যু হৈছিল। পাকিস্তানী সেনাই কয় যে আক্ৰমণকাৰীসকলে ২০১৪ চনত পেচৱাৰত কৰা আক্ৰমণৰ পুনৰাবৃত্তি কৰিব বিচাৰিছিল।
বিগত কেইবাবছৰ ধৰি পাকিস্তানে তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) ৰ দ্বাৰা সৃষ্ট সন্ত্ৰাসবাদীৰ ভাবুকিৰ সৈতে যুঁজি আছে, যাক পাকিস্তানী তালিবান বুলিও জনা যায়। তালিবান কাবুললৈ উভতি অহাৰ পিছত পাকিস্তানত টি টি পিৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। ই পাকিস্তান আৰু আফগানিস্তানৰ মাজত সম্পৰ্ক বেয়া হোৱাৰ এটা প্ৰধান কাৰক আছিল, যাক ইছলামাবাদে টিটিপি নেতাসকলক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰিছিল।
দিল্লীৰ লালকিল্লাৰ সমীপত এখন হুণ্ডাই আই-২০ গাড়ী বিস্ফোৰিত হৈ ১০ জন লোকৰ মৃত্যু হোৱাৰ এদিন পাছতে ইছলামাবাদত এই বিস্ফোৰণটো সংঘটিত হয়।