টকিঅ'
জাপানৰ বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, জাপানৰ উপকূলত ৭.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পই সোমবাৰে জোকাৰি গ'ল জাপান আৰু ইয়াৰ উপকূল। তিনি মিটাৰ পৰ্যন্ত ওখ ঢৌ সৃষ্টি কৰাৰ পিছত ছুনামীৰ সতৰ্কবাণীৰ সূচনা কৰি মানুহক আতংকিত কৰি তুলে।
সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, নিশা ১১:১৫ বজাত (স্থানীয় সময় অনুসৰি) জাপানৰ উত্তৰ আৰু পূবৰ এক বৃহৎ অংশ জোকাৰি যোৱাৰ পিছত হোকাইডো, আওমোৰি আৰু ইৱাটে প্ৰিফেকচাৰৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।
কেইবাজনো ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত চেণ্ডেলিয়াৰ আৰু বাহন লৰচৰ কৰা দেখা গৈছিল। এজন ব্যক্তিয়ে কয় যে এই ভূমিকম্পটো এক মিনিটতকৈও অধিক সময় ধৰি চলিছিল।
ইয়াৰ পূৰ্বে অক্টোবৰ মাহত হনছুৰ পূব উপকূলৰ ওচৰত ৬.০ ৰিখটাৰ স্কেলৰ এক প্ৰবল ভূমিকম্পৰ সৃষ্টি হৈছিল বুলি নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজী (এনচিএছ)ৰ তথ্যত প্ৰকাশ পাইছে। কোনো ধৰণৰ ক্ষয়-ক্ষতি বা হতাহতৰ খবৰ পোৱা নাই।