ভয়ংকৰ দুৰ্ঘটনাত পতিত সামৰিক বিমান; ২৯ জন লোকৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 6 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত থকাৰ মাজতে ৰাছিয়াৰ এখন সামৰিক বিমান দুৰ্ঘটনাত পতিত হৈছে। দুৰ্ঘটনাটোত ২৯ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতিৰে বুধবাৰে টিএএছএছ সংবাদ সংস্থাই এই কথা প্ৰকাশ কৰিছে। ক্ৰিমিয়া উপদ্বীপৰ ওপৰেৰে গৈ থকা সময়তে এণ্টন'ভ-২৬ সামৰিক বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
 
প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে ৩১ মাৰ্চৰ মস্কোৰ সময় অনুসৰি প্ৰায় ১৮:০০ বজাত ক্ৰিমিয়া উপদ্বীপৰ ওপৰেৰে বিমানখন গৈ থকাৰ সময়তে এন-২৬ সামৰিক পৰিবহণ বিমানখনৰ সৈতে যোগাযোগ বিশ্চিন্ন হৈছিল।
 
মন্ত্ৰালয়ে জনোৱা মতে, "এন-২৬ বিমানখনৰ দুৰ্ঘটনাস্থলী অৱশেষত অনুসন্ধানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাস্থলীৰ পৰা পোৱা খবৰ অনুসৰি বিমানখনত থকা ৬ গৰাকী ক্ৰু মেম্বাৰ আৰু ২৩ গৰাকী যাত্ৰী নিহত হৈছে।"
 
একেটা সূত্ৰৰ মতে বিমানখনৰ ধ্বংসাৱশেষত বাহ্যিক প্ৰভাৱৰ কোনো চিন পোৱা হোৱা নাই। যাৰ ফলত ধাৰণা কৰা হৈছে যে কাৰিকৰী বিফলতাৰ বাবেই দুৰ্ঘটনা সংঘটিত হ'ব পাৰে।
 
উল্লেখযোগ্য যে, যোৱা ২৩ মাৰ্চত একেধৰণৰ এক ঘটনা পোহৰলৈ আহিছিল। কলম্বিয়াৰ প'ৰ্ট' লেগুইজামোত উৰণৰ কিছু সময়ৰ পাছতে এখন সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ১২১ গৰাকী লোক থকা সামৰিক পৰিবহণ বিমানখনৰ দুৰ্ঘটনাৰ ফলত প্ৰায় ৬৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহুতো লোক আহত হৈছিল৷ কলম্বিয়াৰ বায়ুসেনাই জনোৱা মতে হাৰকিউলিছ চি-১৩০ বিমানখনত ১১০ গৰাকী জোৱান আৰু ১১ গৰাকী ক্ৰুকে ধৰি মুঠ ১২১ গৰাকী লোক আছিল।