লণ্ডন অভিমুখী এখন ৰে’লত একাধিক লোকক ছুৰীকাঘাত; ৯ জনৰ অৱস্থা অতি সংকটজনক

Story by  atv | Posted by  Munni Begum • 14 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
লণ্ডন
 
ব্ৰিটিছ আৰক্ষীয়ে জনোৱা মতে, লণ্ডন অভিমুখী এখন ৰে’লত কেইবাজনো লোকক ছুৰীৰে আঘাত কৰা হৈছে। আঘাতপ্ৰাপ্ত প্ৰায় ১০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ৯ জনৰ জীৱন অতি সংকটজনক। বৰ্তমান সন্ত্ৰাসবাদ বিৰোধী আৰক্ষীৰ দলে তদন্ত সহায় আগবঢ়াইছে।
 
এই আক্ৰমণৰ কেইঘণ্টামানৰ পাছত দেওবাৰে পুৱা এক বিবৃতিত ব্ৰিটিছ পৰিবহণ আৰক্ষীয়ে কয় যে, ছুৰীৰে আঘাত কৰাটোক এক “ভয়ংকৰ কাণ্ড” বুলি ঘোষণা কৰা হৈছে। 
 
বিবৃতিটোত কোৱা হৈছে যে, "১০জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু ৯ জন লোক সংকটজনকভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰা হৈছে। এইটো এটা অতি ভয়ংকৰ কাণ্ড। সন্ত্ৰাসবাদ বিৰোধী আৰক্ষীয়ে আমাৰ তদন্তক সহায় কৰি আছে।আমি এই কাণ্ডৰ সম্পূৰ্ণ পৰিস্থিতি আৰু উৎসৰ বিষয়ে জানিবলৈ চেষ্টা কৰি আছো।"
 
শনিবাৰে সন্ধিয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয় চহৰৰ পৰা কেইমাইলমান উত্তৰ-পশ্চিমে থকা বজাৰ চহৰ হান্টিংডনৰ দক্ষিণ দিশলৈ যোৱাৰ সময়তে ৰেলখনত এই আক্ৰমণ সংঘটিত হৈছিল। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে এই “ভয়ংকৰ কাণ্ড”ৰ পিছত কয় যে, তেওঁ ভুক্তভোগী সকলৰ দ্ৰুত আৰোগ্যৰ কামনা কৰিছে। 
 
ৰেলখনে হান্টিংডনত সোমোৱাৰ লগে লগে সশস্ত্ৰ আৰক্ষী আৰু এয়াৰ এম্বুলেন্সকে ধৰি জৰুৰীকালীন সেৱাই দ্ৰুত সঁহাৰি জনায়। ৰে’লখন ষ্টেচনত উপস্থিত হোৱাৰ পিছতে এই আক্ৰমণ ক্ষিপ্ৰতাৰে নিয়ন্ত্ৰণ কৰা হৈছিল। লণ্ডনৰ পৰা প্ৰায় ৭৫ মাইল (১২০ কিলোমিটাৰ) উত্তৰত অৱস্থিত ষ্টেচনটোত এই আক্ৰমণত জৰিত থকাৰ সন্দেহত দুয়োজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।  
 
ব্ৰিটিছ পৰিবহণ আৰক্ষীয়ে কয় যে, ডনকাষ্টাৰৰ পৰা লণ্ডনলৈ যোৱা কিংছ ক্ৰছ ৰে’লখনত হান্টিংডনলৈ যোৱাৰ সময়ত “একাধিক লোকক” ছুৰীৰে আঘাত কৰা হৈছিল। এতিয়ালৈ এই আক্ৰমণৰ কোনো উদ্দেশ্য প্ৰকাশ কৰা হোৱা নাছিল। কেম্ব্ৰিজশ্বাৰ আৰু পিটাৰব’ৰ’ৰ মেয়ৰ পল ব্রিষ্টোৱে কয় যে, তেওঁ ৰে’লত “ভয়ংকৰ দৃশ্য”ৰ কথা শুনিছিল৷ 
 
ব্ৰিটেইনত ইষ্ট ক’ষ্ট মেইনলাইন সেৱা পৰিচালনা কৰা লণ্ডন নৰ্থ ইষ্টাৰ্ণ ৰে’লৱেই ইয়াৰ এখন ৰে’লত এই কাণ্ড সংঘটিত হোৱা বুলি নিশ্চিত কৰি যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰেলখনত যাত্ৰা নকৰিবলৈ আহ্বান জনায়।