নতুন দিল্লী
চুবুৰীয়া ৰাষ্ট্ৰঃ পাকিস্তানত সন্ত্ৰাসৰ ঘটনা সঘনাই হৈ থাকে। আকৌ এক অমানৱীয় ঘটনা সংঘটিত হৈছে পাকিস্তানত। দুৰ্বৃত্তৰ এটা দলে এখন চলন্ত বাছ ৰখাই ৯ জন যাত্ৰীক অপহৰণ কৰি পিছত হত্যা কৰে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে পাকিস্তানৰ বেলুচিস্তানৰ ঝোব অঞ্চলত।
জানিব পৰা মতে কালেটাৰ পৰা লাহোৰলৈ যোৱা এখন যাত্ৰীবাহী বাছক পথত সশস্ত্ৰ আক্ৰমণকাৰীয়ে প্ৰথমে ৰখাইছিল। ইয়াৰ পিছত বন্দুকধাৰীয়ে বাছখনত থকা যাত্ৰীসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰি পঞ্জাৱ প্ৰদেশৰ ৯ জন পুৰুষ যাত্ৰীক বাছনি কৰি অপহৰণ কৰে। পিছত তেওঁলোকক হত্যা কৰা হয়।
যিসকল যাত্ৰীক অপহৰণ কৰা হৈছিল, তেওঁলোকৰ অধিকাংশই মণ্ডী বাহাউদ্দিন, গুজৰাণৱালা আৰু ৱাজিৰাবাদৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। অপহৰণৰ ডেৰ ঘণ্টাৰ পিছত ওচৰৰ পাহাৰীয়া অঞ্চলত এখন দলঙৰ তলত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়। আটাইকেইজনকে অতি ওচৰৰ পৰা গুলীয়াই হত্যা কৰা হয়।
স্থানীয় উপাযুক্ত হাবিবুল্লাহ মুছাখেলৰ মতে, আক্ৰমণকাৰীৰ সংখ্যা প্ৰায় ১০ৰ পৰা ১২জন আছিল। লগতে ৰকেট চালিত গ্ৰেনেড (আৰ পি জি) আৰু স্বয়ংক্ৰিয় অস্ত্ৰৰে নিৰাপত্তা বাহিনীক আক্ৰমণ কৰি পলায়ন কৰে।
পাকিস্তান চৰকাৰ আৰু বেলুচিস্তান প্ৰশাসনে ইয়াক পৰিকল্পিত সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিছে। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে মৃতকৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰি দোষীক শীঘ্ৰে ধৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।