যুদ্ধৰ অন্ত পেলাবলৈ ইৰানৰ সৈতে কোনো চুক্তিৰ প্ৰয়োজন নাই: ড'নাল্ড ট্ৰাম্প

Story by  atv | Posted by  [email protected] • 7 h ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰানৰ সৈতে চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ সন্দৰ্ভত এক বৃহৎ বিবৃতিযোগে স্পষ্ট কৰিছে যে, অতি সোনকালে আমেৰিকাই ইৰানৰ পৰা সৈন্য প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ট্ৰাম্পে  উল্লেখ কৰিছে যে- আমেৰিকাক যুদ্ধৰ অন্ত পেলাবলৈ ইৰানৰ সৈতে কোনো চুক্তি কৰাৰ প্ৰয়োজন নাই।
 
ইপিনে ট্ৰাম্পে দাবী উত্থাপন কৰি কয়, ইৰানত ‘শাসন ব্যৱস্থা পৰিৱৰ্তন’ৰ লক্ষ্যত উপনীত হৈছে। সেইবাবেই আমেৰিকাই এতিয়া এই সংঘাতক দীঘলিয়া কৰাৰ পক্ষত নাই।
 
উল্লেখযোগ্য যে, ড'নাল্ড ট্ৰাম্পে যুদ্ধ অতি সোনকালে শেষ কৰাৰ কথা ঘোষণা কৰিছে যদিও ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে এতিয়াও কোনো কথা কোৱা নাই। শেহতীয়াকৈ নেতান্যাহুৱে ইৰানৰ সৈতে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে।