পাকিস্তানত তেল সংকট; বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্য্যালয়ৰ বাবে শ্বাহবাজ শ্বৰীফৰ নিৰ্দেশনা

Story by  atv | Posted by  [email protected] • 1 Months ago
শ্বাহবাজ শ্বৰীফ
শ্বাহবাজ শ্বৰীফ
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ প্ৰভাৱ আৰু হৰমুজ প্ৰণালীত বৃদ্ধি পোৱা উত্তেজনাৰ প্ৰভাৱ এতিয়া পাকিস্তানত স্পষ্টকৈ দেখা গৈছে। তেলৰ দাম ১০০ ডলাৰ অতিক্ৰম কৰাৰ লগে লগে দেশত ইন্ধনৰ সংকট গভীৰ হৈছে কাৰণ ইৰাণে হৰমুজ প্ৰণালীত আৰোপ কৰা নিষেধাজ্ঞাৰ পিছত পাকিস্তানে তেলৰ যোগান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
 
এনে পৰিস্থিতিত পাকিস্তান চৰকাৰে কিছুমান বৃহৎ নির্দেশ জাৰি কৰি ইয়াক কঠোৰভাৱে বলবৎ কৰিবলৈ কৈছে৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ৰ বাবে কঠোৰ নিৰ্দেশনা ঘোষণা কৰিছে।পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে শক্তি সংকট দূৰ কৰাৰ লক্ষ্যৰে এই নতুন নিয়ম ঘোষণা কৰিছে।
 
বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয়ৰ ৫ টা নিৰ্দেশনা হ’ল…
 
১. দুসপ্তাহৰ বাবে বন্ধ থাকিব পাকিস্তানৰ বিদ্যালয়।
 
২. উচ্চ শিক্ষা (মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়)ৰ শ্ৰেণীসমূহ অনলাইনলৈ স্থানান্তৰ কৰা হ’ব।
 
৩. সপ্তাহত চাৰিদিনহে চৰকাৰী কাৰ্যালয় খোলা থাকিব।
 
৪. চৰকাৰী বিভাগৰ ৫০% কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব।
 
৫. আগন্তুক দুমাহৰ বাবে চৰকাৰী বিভাগসমূহে লাভ কৰা ইন্ধন ৫০% কৰ্তন কৰা হ’ব।
 
ইয়াৰ উপৰিও ইফটাৰ পাৰ্টিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।চৰকাৰৰ মতে, আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে এই পদক্ষেপ প্ৰযোজ্য হৈ থাকিব।
 
পাকিস্তানত ইন্ধনৰ সংকটৰ মূল কাৰণ হৈছে হৰমুজ প্ৰণালীত বৃদ্ধি পোৱা উত্তেজনা।আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতে এই গুৰুত্বপূৰ্ণ সাগৰীয় পথৰ জৰিয়তে তেল যোগানত প্ৰভাৱ পেলাইছে।পাকিস্তানেও এই পথৰ জৰিয়তে তেলৰ যোগান লাভ কৰে,যাৰ বাবে এই সংকটৰ প্ৰত্যক্ষ প্ৰভাৱ দেশখনৰ অৰ্থনীতিত পৰিছে।