উল্লেখ্য যে, ফ্ল’ৰিডাৰ টাম্পাত অলপতে অনুষ্ঠিত এক অনুষ্ঠানত পাকিস্তান সেনা প্ৰধানগৰাকীয়ে পাৰমাণৱিক বোমাৰ ভাবুকি দি কৈছিল, “আমি এখন পাৰমাণৱিক ৰাষ্ট্ৰ। যদি আমি নামি যাম বুলি ভাবো, তেন্তে আমি আধা পৃথিৱীখনক নিজৰ লগত তললৈ নমাই নিব পাৰো।” তেওঁৰ এই চাঞ্চল্যকৰ মন্তব্যৰ পিছতে পেন্টাগনৰ প্ৰাক্তন বিষয়া মাইকেল ৰুবিনৰ প্ৰতিক্ৰিয়া ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।#WATCH | Washington DC, USA | On upcoming meeting between US and Russia, Former Pentagon official Michael Rubin says, "...Asim Munir is Osama Bin Laden in a suit..."
— ANI (@ANI) August 12, 2025
He says, "Donald Trump is a businessman and is used to horse-trading... He does not understand that a bad peace… pic.twitter.com/Cra1y24e19
কঠোৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই তেওঁ কয়, "আছিম মুনিৰক আমেৰিকাই এগৰাকী অগ্ৰহণযোগ্য (persona non grata) ব্যক্তি হিচাপে গণ্য কৰা উচিত আৰু পাকিস্তানে ক্ষমা নুখুজা পৰ্যন্ত পাকিস্তানৰ কোনো বিষয়াই আমেৰিকান ভিছা লাভ কৰা উচিত নহয়।"#WATCH | Washington DC, USA | On Pakistan Army Chief Asim Munir’s nuclear threat, Former Pentagon official Michael Rubin says, "Pakistan's threats on American soil are completely unacceptable and it is raising questions in many people's minds whether if it can fulfill the… pic.twitter.com/y7I5wh2VK7
— ANI (@ANI) August 11, 2025