ৱাশিংটন
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে দক্ষিণ এছিয়াৰ পৰমাণু শক্তি সম্পন্ন দেশ পাকিস্তানৰ সৈতে যুক্তৰাষ্ট্রৰ উষ্ণ সম্পর্কৰ নতুন পৰ্যায়ৰ অংশ হিচাপে হোৱাইট হাউছত পাকিস্তানৰ প্ৰধানমন্ত্রী শ্বেহবাজ শ্বৰীফৰ সৈতে বৈঠকত মিলিত হয়।
এই সপ্তাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনৰ কাষত গাজাত ইজৰাইল-হামাচ যুদ্ধৰ অন্ত পেলাবলৈ ৰণকৌশল আলোচনা কৰিবলৈ ট্ৰাম্পে আয়োজিত বৈঠকত আটাইতকৈ গুৰুত্বপূর্ণ আটাইজন আৰবদেশৰ উচ্চপদস্থ চৰকাৰী ব্যক্তিসকলৰ ভিতৰত প্ৰধানমন্ত্রী শ্বৰীফো এজন আছিল।
আমেৰিকা-পাকিস্তানৰ মাজৰ সম্পৰ্ক উন্নত হোৱা দেখা গৈছে, কাৰণ ট্ৰাম্প আৰু ভাৰতীয় প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সম্পৰ্ক তেতিয়াৰ পৰা সংকটজনক হৈ পৰিছে যেতিয়া ভাৰতয়ে ২০২২ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্রমণ কৰাৰ পিছত উল্লেখযোগ্যভাৱে ৰছিয়াৰ হ্ৰাসমূল্যত তেল ক্ৰয় বৃদ্ধি কৰিছিল। ভাৰত আৰু পাকিস্তান পৰস্পৰৰ সীমান্ত দেশ আৰু তীব্ৰ প্ৰতিদ্বন্দ্বী।
মস্কোক আৰ্থিকভাৱে হেঁচা প্ৰয়োগ কৰাৰ বাবে ট্ৰাম্পে ভাৰতক সেই তেল ক্ৰয়ৰ বাবে ব্যাপক শুল্ক বৃদ্ধি কৰিছে। ইপিনে, জুলাই মাহত আমেৰিকা আৰু পাকিস্তানৰ মাজত এটা বাণিজ্য চুক্তি সম্পন্ন হয়। যাৰ মাধ্যমে ৱাশিংটনে পাকিস্তানৰ প্ৰায় অচোৱা থকা তেল সংৰক্ষণ বিকাশত সহায় কৰিবলৈ আৰু ইছলামাবাদৰ বাবে শুল্ক হ্ৰাস কৰিবলৈ পথ মুকলি কৰিছে।
বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰী শ্বৰীফ হোৱাইট হাউছত উপস্থিত হয়, সেই সময়ত ট্ৰাম্পে এক্সিকিউটিভ অ’ৰ্ডাৰ স্বাক্ষৰ কৰি সংবাদিকসকলৰ সৈতে কথা পাতি আছিল। দুয়ো নেতাৰ মাজৰ বৈঠকটো সংবাদ মাধ্যমৰ বাবে বন্ধ আছিল আৰু পাকিস্তানৰ প্ৰতিনিধি দলটো সন্ধিয়া ৬.১৮ বজাত হোৱাইট হাউছৰ পৰা ওলাই যায়।
পাকিস্তান-ভাৰতৰ মাজত উত্তেজনা হ্ৰাস কৰিবলৈ চলিত বছৰত ট্ৰাম্পৰ প্ৰশাসনে কৰা প্ৰচেষ্টাৰ বাবে আমেৰিকান নেতাজনক নোবেল শান্তি বঁটা প্ৰদানৰ সমৰ্থন জনাই প্ৰধানমন্ত্ৰী শ্বৰীফে।