আজি এছিয়া কাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে ভাৰত-পাকিস্তানৰ মুখামুখি

Story by  atv | Posted by  [email protected] • 2 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

এছিয়া কাপ টি-২০ৰ ফাইনেলত ক্ৰিকেট অনুৰাগীয়ে এক ঐতিহাসিক মেচৰ সাক্ষী হৈ ৰ'ব। কাৰণ, প্ৰতিযোগিতাখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তানে ফাইনেলত মুখামুখি হ’ব। ২৮ হাজাৰ আসনবিশিষ্ট ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম দেওবাৰে নিশা এই মহাকাব্যিক ফাইনেলৰ বাবে ভৰি পৰিব। হাইভল্টেজ মেচখনৰ বাবে ইতিমধ্যে সকলো টিকট বিক্ৰী হৈ গৈছে, আৰু লাখ লাখ দৰ্শকে টিভি আৰু মোবাইলৰ পৰ্দাত ভাৰত-পাকিস্তানৰ ফাইনেল উপভোগৰ বাবে সাজু হৈছে।
 
গ্ৰুপ আৰু ছুপাৰ-৪ পৰ্যায়ৰ দুয়োখন মেচতে পাকিস্তানক অনায়াসে পৰাস্ত কৰি ভাৰতে এতিয়ালৈকে প্ৰতিযোগিতাখনত অপৰাজিত হৈ আছে যদিও ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰত অজেয়। যদি পাকিস্তানে নিজৰ কৌশল চতুৰতাৰে ৰূপায়ন কৰিব পাৰে, তেন্তে ভাৰতৰ কিছুমান মূল দুৰ্বলতাক আঘাত কৰি এছিয়া কাপ ২০২৫ত বিজয়ী হৈ ওলাই আহিব পাৰে। ভাৰতৰ কেইটামান দূৰ্বলতা তলত আলোচনা কৰা হৈছেঃ
 
১/ অধিনায়ক সূৰ্য্যকুমাৰ যাদৱৰ দুৰ্বল ফৰ্মঃ
 
ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে এই প্ৰতিযোগিতাত সুনাম অনুসৰি খেলিব পৰা নাই। টি-২০ ফৰ্মেটত আগ্ৰাসী বেটিঙৰ বাবে পৰিচিত সূৰ্য্যই বিগত তিনিখন মেচত মাত্ৰ ১৭ ৰানহে কৰিবলৈ সক্ষম হৈছে। এই পৰিসংখ্যা ফাইনেলৰ দৰে গুৰুত্বপূৰ্ণ মেচত ভাৰতৰ বাবে ডাঙৰ চিন্তাৰ কাৰণ। অধিনায়কৰ দূৰ্বল ফৰ্মে দলৰ মনোবলতো প্ৰভাৱ পেলাব পাৰে। পাকিস্তানে যদি আগতীয়া অভাৰত হেঁচা গঢ়ি তুলিবলৈ সক্ষম হয় আৰু সূৰ্যকুমাৰ যাদৱক আগতীয়াকৈ আউট কৰে, তেন্তে সেয়া ভাৰতৰ বেটিং অৰ্ডাৰৰ মেৰুদণ্ড ভাঙি পেলোৱাৰ দৰেই হ’ব।
 
২) আঘাতৰ সৈতে যুঁজিছে অভিষেক শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াঃ
 
ভাৰতীয় দলৰ দুজন গুৰুত্বপূৰ্ণ খেলুৱৈ ক্ৰমে অ’পেনাৰ অভিষেক শৰ্মা আৰু অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে ছুপাৰ ফ'ৰৰ অন্তিমখন খেলৰ সময়ত ক্ৰেম্পৰ সৈতে যুঁজিছিল। যদিও ফাইনেলৰ পূৰ্বে দলীয় মেনেজমেণ্টে তেওঁলোকক ফিট বুলি ঘোষণা কৰিছে, তথাপিও তেওঁলোক ১০০% ফিট হৈছে নে নাই, সেয়া কোৱাটো টান।
 
মেচৰ পূৰ্বে ভাৰত-পাকিস্তানৰ খেলুৱৈসকল, এছিয়া কাপৰ ছুপাৰ-৪ পৰ্যায়ত
 
পাকিস্তানৰ বাবে এয়া এক কৌশলগত সুযোগ। যদিহে শ্বাহীন শ্বাহ আফ্ৰিদী আৰু হৰিশ ৰৌফৰ দৰে বেগী বলাৰসকলে প্ৰথম অভাৰ কেইটাত এই খেলুৱৈসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰি স্ক'ৰ কৰাত বাধা দিয়ে, তেন্তে ভাৰতৰ আৰম্ভণি মন্থৰ হ'ব পাৰে।
 
৩/ ফিল্ডিঙত দূৰ্বলতাঃ
 
এছিয়া কাপ ২০২৫ত ভাৰতৰ ফিল্ডিঙৰ ওপৰত কেইবাবাৰো প্ৰশ্ন উত্থাপন হৈছে। ছুপাৰ ফ'ৰৰ এক গুৰুত্বপূৰ্ণ মেচত ভাৰতে চাৰিটা সহজ কেচ হেৰুৱাইছিল, যাৰ বাবে শেষৰ ফালে দলটো ক্ষতিগ্ৰস্ত হৈছিল। টি-২০ৰ দৰে দ্ৰুতগতিত চলি থকা ফৰ্মেটত প্ৰতিটো কেচে মেচৰ গতিপথ সলনি কৰিব পাৰে। পাকিস্তানৰ কৌশল হ’ব লাগে যে দ্ৰুত আৰম্ভণি দিব পৰা বেটছমেনক সোনকালে বেটিঙৰ বাবে পঠিয়াব লাগে, যাৰ ফলত ভাৰতৰ ফিল্ডিঙৰ ওপৰত হেঁচা পৰিব আৰু ভুল কৰিবলৈ বাধ্য হ’ব।
 
 
৪/ অনিশ্চিত বলিং সংমিশ্ৰণঃ
 
ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে যশপ্ৰীত বুমৰাহক জিৰণি দিছিল। তেওঁৰ ঠাইত হৰ্ষিত ৰাণা আৰু আৰ্শদীপ সিঙক সুযোগ দিয়া হৈছিল। আৰ্শদীপে নিজৰ ভূমিকা ভালদৰে পালন কৰিছিল, যদিও লাইন আৰু লেংথৰ ক্ষেত্ৰত হৰ্ষিত ৰানাৰ বলিং অত্যন্ত অসামঞ্জস্যপূৰ্ণ আছিল। তেওঁৰ উদ্দেশ্য আৰু বলৰ দিশৰ মাজত সমন্বয়ৰ অভাৱ দেখা গৈছিল। যদি ভাৰতে ফাইনেলত একেধৰণৰ কম্বিনেচনৰ সৈতে খেলপথাৰত নামে, তেন্তে পাকিস্তানে পাৱাৰপ্লে’ত দ্ৰুতগতিত গ’ল দি ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ সুযোগ পাব পাৰে।
 
৫/ বিশৃংখল বেটিং অৰ্ডাৰ আৰু সঘন পৰিৱৰ্তনঃ
 
ভাৰতীয় দল পৰিচালনা সমিতিয়ে এই প্ৰতিযোগিতাখনৰ সমগ্ৰ সময়ছোৱাত বেটিং ক্ৰমৰ পৰীক্ষা-নিৰীক্ষা কৰি আহিছে। সঞ্জু ছেমচন আৰু তিলক বাৰ্মাক কেতিয়াবা ওপৰলৈ আৰু কেতিয়াবা লৱাৰ অৰ্ডাৰলৈ পঠিয়াই দিয়া হৈছে। বাংলাদেশৰ বিৰুদ্ধে তিলকে মাত্ৰ ৭টা বলহে খেলাৰ সুযোগ লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাৰ বিৰুদ্ধে ৪৯ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল।
 
এনে কৌশলে খেলুৱৈসকলৰ মনত মানসিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। এই অস্থিৰতাৰ সুযোগ লৈ পাকিস্তানে নিজৰ বলিং কৌশল পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱা উচিত। ভাৰতৰ বেটছমেনসকলৰ যদি স্পষ্ট পজিচন নাথাকে তেন্তে চাঁপৰ সময়ত ভুল সিদ্ধান্ত ল’ব পাৰে।
৬) ভাৰতৰ ধাৰাবাহিক জয়ৰ হেঁচাঃ
 
পাকিস্তানক দুবাৰকৈ পৰাস্ত কৰাকে ধৰি ভাৰতে এই প্ৰতিযোগিতাত এতিয়ালৈকে সকলো খেলতে জয়লাভ কৰিছে। ভাৰতৰ আত্মবিশ্বাসৰ বাবে এয়া ইতিবাচক হ’লেও ধাৰাবাহিক বিজয়ৰ মানসিক চাপো আছে। এই হেঁচাত কেতিয়াবা খেলুৱৈৰ মাজত অত্যধিক আত্মবিশ্বাস বা ক্লান্তিৰ সৃষ্টি হ’ব পাৰে। পাকিস্তানে "আণ্ডাৰডগ" হিচাপে খেলিব আৰু কোনো ধৰণৰ হেঁচা নোহোৱাকৈ তেওঁলোক খেলপথাৰত নামিব।
 
ৱাছিম ​​আক্ৰমে কোৱাৰ দৰে, “এটা ভাল ইনিংছ বা এটা উজ্জ্বল বলিং স্পেলে সমগ্ৰ মেচৰ গতিপথ সলনি কৰিব পাৰে।” পাকিস্তানৰ সৈতে শ্বাহীন শ্বাহ আফ্ৰিদি, হৰিশ ৰৌফ, মহম্মদ নৱাজৰ দৰে বলাৰ আছে যিয়ে এখন মেচৰ গতিপথ সলনি কৰিব পাৰে।
 
৭) শুভমন গিল আৰু অভিষেক শৰ্মাৰ পাৰ্টনাৰশ্বিপ ভংগ কৰাঃ
 
২১ ছেপ্টেম্বৰত পাকিস্তানৰ বিৰুদ্ধে ছুপাৰ ফ'ৰৰ খেলখনত শুভমন গিল আৰু অভিষেক শৰ্মাই ১০৫ ৰানৰ বৃহৎ পাৰ্টনাৰশ্বিপ গঢ় দিছিল। এই যুটীটোৱে ভাৰতক এক শক্তিশালী স্থানত ৰাখিলে। যদি পাকিস্তানৰ বলিং শক্তিয়ে এইবাৰ আগতীয়াকৈ এই দুজনক পেভিলিয়নলৈ ঘূৰাই পঠিয়াব পাৰে, তেন্তে ভাৰতৰ স্ক’ৰত বহু পৰিমাণে প্ৰভাৱ পৰাটো নিশ্চিত।
৮/ পিটচ আৰু কণ্ডিচন ব্যৱহাৰ কৰাঃ
 
ডুবাইৰ পিটচ সাধাৰণতে স্পিনাৰ-অনুকূল হয়। দ্বিতীয় ইনিংছত বেটিং কঠিন হৈ পৰে। যদি পাকিস্তানে প্ৰথমে টছত জয়ী হৈ প্ৰথমে বলিং কৰে আৰু ভাৰতক ১৫০-১৬০ ৰানৰ ভিতৰত সীমাবদ্ধ কৰি ৰাখে তেন্তে লক্ষ্য খেদিবলৈ সহজ হ’ব পাৰে। এই প্ৰচেষ্টাত পাকিস্তানৰ স্পিনাৰ মহম্মদ নৱাজ, খুছদিল শ্বাহ, আৰু আব্ৰাৰ আহমেদে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।
 
৯) চাঁপৰ সময়ত ভাৰতৰ ব্যৰ্থতাঃ
 
যিকোনো ডাঙৰ প্ৰতিযোগিতাৰ নকআউট বা ফাইনেল মেচত ভাৰতে প্ৰায়ে হেঁচাত পৰি ভুল কৰি আহিছে। যদিহে পাকিস্তানে ভাৰতক আগতীয়াকৈ স্তম্ভিত কৰিবলৈ সক্ষম হয়, তেন্তে এই হেঁচাই তেওঁলোকৰ কৌশল আৰু সিদ্ধান্তত স্পষ্টভাৱে প্ৰভাৱ পেলাব পাৰে। ইয়াতেই পাকিস্তানে সংযম আৰু ধৈৰ্য্য প্ৰদৰ্শন কৰিব লাগিব।