মুম্বাই
এছিয়া কাপ ছুপাৰ ৪ এখন খেলৰ সময়ত পাকিস্তানৰ ক্ৰিকেটাৰ হৰিশ ৰৌফ আৰু চাহিবজাদা ফাৰহানে কৰা উত্তেজক আচৰণৰ বাবে ভাৰতে আই চি চিত আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে। জানিব পৰা গৈছে যে বুধবাৰে বিচিচিআইয়ে এই খেলুৱৈ দুগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু আইচিচিয়ে এই ই-মেইল লাভ কৰিছে।
চাহিবজাদা আৰু ৰৌফে এই অভিযোগসমূহ লিখিতভাৱে অস্বীকাৰ কৰিলে আইচিচিৰ শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে হয়তো আইচিচিৰ এলিট পেনেলৰ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনৰ আগত শুনানিৰ বাবে হাজিৰ হ’ব লাগিব।
প্রতিশোধৰ ইংগিত দি পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰে। সূৰ্যকুমাৰ যাদৱে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে নিজৰ দলৰ বিজয় অপাৰেচন সিন্দুৰত জড়িত ভাৰতীয় সশস্ত্ৰ বাহিনীক উৎসৰ্গা কৰাৰ বাবে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে অসন্তুষ্টি প্ৰকাশ কৰিছে। ১৪ ছেপ্টেম্বৰৰ মেচখনত ভাৰতে চমকপ্ৰদ জয় সাব্যস্ত কৰাৰ পিছতে তেওঁ এই মন্তব্য আগবঢ়াইছিল।
পিচিবিয়ে অভিযোগ কৰে যে সূৰ্য্যকুমাৰৰ মন্তব্য সম্পূৰ্ণৰূপে “ৰাজনৈতিক” আছিল। অৱশ্যে, তেওঁৰ বিৰুদ্ধে অভিযোগটো সঠিকভাৱে কেতিয়া দাখিল কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আইচিচিৰ নিয়ম অনুসৰি, বিতৰ্কিত মন্তব্য অথবা আচৰণৰ বিষয়ে সাত দিনৰ ভিতৰত প্ৰতিপক্ষই আইচিচিৰ ওচৰত অভিযোগ দাখিল কৰিব লাগে।
উল্লেখ্য যে, ২১ ছেপ্টেম্বৰৰ মেচখনৰ সময়ত ভাৰতৰ সমৰ্থকে ২০২২ চনৰ টি-২০ বিশ্বকাপৰ সময়ত ভাৰতৰ ছুপাৰষ্টাৰ বিৰাট কোহলিয়ে পাকিস্তানৰ তাৰকা বেগী বলাৰ হৰিশ ৰৌফক দুটাকৈ ছিক্সাৰ কোবাই মেচৰ গতি সলনি কৰাৰ কথা সোঁৱৰাই 'কোহলি-কোহলি' ধ্বনি দিয়াৰ পিছতে ৰৌফে ভাৰতীয় নৌ সেনা বাহিনীক উপহাস কৰি এখন বিমান তলত পৰাৰ দৃশ্য আকাৰে-ইংগিতে দেখুৱাই দিয়ে।
মেচৰ সময়তো তেওঁ ভাৰতীয় অ’পেনাৰ শুভমন গীল আৰু অভিষেক শৰ্মাক গালি-গালাজ কৰিছিল। ভাৰতীয় তাৰকাদ্বয়ে আক্ৰমণাত্মক বেটিঙেৰে হৰিশ ৰৌফক প্ৰত্যুত্তৰ দিছিল। একেখন মেচৰ সময়তে চাহিবজাদাই নিজৰ বেটখনক মেচিনগান হিচাপে ব্যৱহাৰ কৰি গুলীচালনাৰ ইংগিতেৰে অৰ্ধশতক উদযাপন কৰিছিল। তেওঁৰ এই আচৰণক বহুলভাৱে সমালোচনা কৰা হৈছে।