অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত টীম ইণ্ডিয়াৰ; টি-২০ শৃংখলা দখল

Story by  atv | Posted by  [email protected] • 2 h ago
অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত টীম ইণ্ডিয়াৰ; টি-২০ শৃংখলা দখল
অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত টীম ইণ্ডিয়াৰ; টি-২০ শৃংখলা দখল
 
নতুন দিল্লী
 
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলা ২-১ ব্যৱধানত দখল কৰে ভাৰতীয় দলে। ৮ নৱেম্বৰ শনিবাৰে ব্রিজবেনৰ দ্য গাব্বাত অনুষ্ঠিত হয় এই শৃংখলাৰ অন্তিমখন মেচ৷ অৱশ্যে বৰষুণৰ বাবে মেচখন পৰিত্যক্ত ঘোষণা কৰা হয়। ২০০৮ চনৰ পৰা অষ্ট্ৰেলিয়াৰ মাটিত টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই টীম ইণ্ডিয়া। সেই ধাৰা পুনৰ ৰক্ষা কৰে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে।
 
অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত টিম ইণ্ডিয়াই ৫ খন টি-২০ মেচ আৰু তিনিখন এদিনীয়া খেল খেলিছিল। শুভমন গীলৰ অধিনায়কত্বত ভাৰতে ১-২ ব্যৱধানত এদিনীয়া শৃংখলাত পৰাস্ত হয়। অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত ভাৰতীয় খেলুৱৈসকলে বিশেষ বিৰতি নাপাব। ভাৰতীয় দলটোৱে এতিয়া ঘৰুৱা মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া, পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব।
 
ভাৰত-দক্ষিণ আফ্ৰিকা শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ১৪ নৱেম্বৰত কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব, য’ত এসপ্তাহতকৈও কম সময় বাকী আছে। ইয়াৰ পিছত ২২ নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয় আৰু অন্তিম টেষ্ট মেচ। টেষ্টৰ পিছতে আৰম্ভ হ’ব এদিনীয়া শৃংখলা। ৩০ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ। দ্বিতীয়খন খেল ৩ ডিচেম্বৰত ৰায়পুৰত অনুষ্ঠিত হ’ব আৰু অন্তিম এদিনীয়া ৬ ডিচেম্বৰত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব।
 
এদিনীয়া খেলৰ পিছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই পাঁচখন খেলৰ টি-২০ শৃংখলাত মুখামুখি হ’ব। ৯ ডিচেম্বৰত কটকত অনুষ্ঠিত হ’ব টি-২০ ছিৰিজৰ প্ৰথমখন মেচ। ইয়াৰ পিছত ১১ ডিচেম্বৰ (মুল্লানপুৰ), ১৪ ডিচেম্বৰ (ধৰমশালা), ১৭ ডিচেম্বৰ (লক্নৌ) আৰু ১৯ ডিচেম্বৰ (আহমেদাবাদ)ত অনুষ্ঠিত হ’ব টি-২০ মেচ।
 
উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলে টেষ্ট শৃংখলাৰ বাবে নিজৰ দল ঘোষণা কৰিছে। টেষ্ট শৃংখলাত টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে শুভমন গীল, দক্ষিণ আফ্ৰিকাৰ দলৰ নেতৃত্ব দিব টেম্বা বাভুমাই। এদিনীয়া আৰু টি-২০ শৃংখলাৰ দল এতিয়াও চূড়ান্ত হোৱা নাই।
 
শুভমন গীল (অধিনায়ক), ঋষভ পন্ট (উপ-অধিনায়ক/উইকেটকীপাৰ), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পাদ্দিকল, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, কুলদীপ যাদৱ আৰু আকাশ দীপ।