বিশ্বজয়ৰ পদক পাব প্ৰতিকা ৰাৱালে

Story by  atv | Posted by  [email protected] • 6 h ago
প্ৰতিকা ৰাৱাল
প্ৰতিকা ৰাৱাল
 
নতুন দিল্লী
 
বিশ্বকাপজয়ী ভাৰতীয় মহিলা দলটোৰ অন্যতম সদস্য আছিল প্রতিকা ৰাৱাল। কিন্তু ভাৰত বিশ্ব চেম্পিয়ন হোৱাৰ পিচত যোৱা ২ নৱেম্বৰৰ নিশা পদক পোৱা নাছিল প্রতিকাই। অৱশ্যে এই আক্ষেপ অতি সোনকালে আঁতৰিব তাৰকাগৰাকীৰ। আই চি চিয়ে ভাৰতীয় অলৰাউণ্ডাৰগৰাকীক বিশ্বকাপৰ পদক আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।
 
অহা কিছুদিনৰ ভিতৰতে প্রতিকাই লাভ কৰিব বিশ্বকাপ জয়ৰ পদক। লীগ পৰ্বৰ অন্তিমখন মেচত বাংলাদেশৰ বিৰুদ্ধে ফিল্ডিং কৰি থকাৰ সময়ত ভৰিত আঘাত পাই নআউট পৰ্বৰ পূৰ্বে বিশ্বকাপৰ পৰা বাহিৰ হৈছিল প্রতিকা। তেওঁৰ পৰিৱৰ্ত হিচাপে ছেমি ফাইনেল আৰু ফাইনেল খেলিছিল শেফালী বাৰ্মাই।
 
ফাইনেল মেচখনত ভাৰতৰ ১৫ জনীয়া দলটোত নথকাৰ বাবেই প্রতিকাক পদক দিয়া হোৱা নাছিল। আই চি চিৰ নিয়ম অনুসৰি বিশ্বকাপজয়ী দলৰ ১৫ ক্রিকেটাৰকহে পদক দিয়া হয়। হুইল চেয়াৰত বহি সতীৰ্থসকলৰ সৈতে বিশ্ব জয়ৰ আনন্দোৎসৱত উপস্থিত থাকিলেও প্রতিকাই সেইদিনা পদক লাভ কৰা নাছিল। পিচে ভাৰতৰ তাৰকাগৰাকীক পদক দিয়াৰ ক্ষেত্ৰত উদ্যোগ লৈছে আই চি চিৰ অধ্যক্ষ জয় শ্বাহে।
 
প্রতিকাই আজি এই কথা সদৰী কৰি কয় যে ভাৰত বিশ্ব চেম্পিয়ন হোৱাৰ দিনাই জয় শ্বাহে তেওঁক পদক আগবঢ়াব বুলি জনাইছিল।