ডুবাই
পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এছিয়া কাপৰ ১৪ ছেপ্টেম্বৰৰ খেলৰ সময়ত কৰা মন্তব্যৰ বাবে শুকুৰবাৰে ভাৰতৰ অধিনায়ক সূৰ্য্যকুমাৰ যাদৱক মেচ মাচুলৰ ৩০ শতাংশ জৰিমনা বিহা হয়।
সুৰ্যকুমাৰে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সাত উইকেটৰ জয়লাভ এপ্ৰিল মাহৰ সন্ত্রাসবাদী আক্ৰমণৰ পীড়িতসকল আৰু তাৰ পিছত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰস্থিত সন্ত্রাসবাদীৰ শিবিৰসমূহত প্ৰতিশোধমূলক আক্রমণ চলোৱা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈনিকসকলক উৎসৰ্গা কৰিছিল।
বিচিচিআইয়ে অধিনায়কগৰাকীৰ ওপৰত বিহা জৰিমনা বিৰুদ্ধে আবেদন দাখিল কৰিছে। দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনৰ দুদিন পূৰ্বে এই ঘটনা সংঘটিত হৈছে।
বৃহস্পতিবাৰে আনুষ্ঠানিক শুনানিৰ সময়ত মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনে সূৰ্য্যকুমাৰ যাদৱৰ স্বীকাৰোক্তি নাকচ কৰাৰ সিদ্ধান্তৰ পিছতে এই জৰিমনা বিহা হয়। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিত ৰাজনৈতিক মন্তব্য বহন কৰা বুলি ধৰা মন্তব্যৰ বাবে দাবী জনায় অভিযোগ দাখিল কৰাৰ পিছতে ভাৰতৰ অধিনায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ।
সূত্ৰই জনোৱা মতে, সূৰ্যকুমাৰক প্ৰতিযোগিতাখনত এতিয়াৰ পৰা ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে।
উল্লেখযোগ্য যে পাকিস্তানৰ বেগী বলাৰ হৰিছ ৰাউফকো তেওঁৰ মেচ মাচুলৰ ৩০ শতাংশ জৰিমনা বিহা হোৱাৰ বিপৰীতে অ’পেনাৰ চাহিবজাদা ফাৰহানক উচটনিমূলক ইংগিতৰ বাবে আনুষ্ঠানিকভাৱে সাৱধান হ'বলৈ কোৱা হৈছে। ২১ ছেপ্টেম্বৰ দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ছুপাৰ ৪ জয়ৰ সময়ত তেওঁলোকৰ আচৰণৰ বাবে বিচিচিআইয়ে অভিযোগ দাখিল কৰাৰ পিছত দুয়োজন খেলুৱৈয়ে শুনানিৰ সন্মুখীন হ’বলগীয়া হয়।