দেশৰ ৰাজধানী নতুন দিল্লীত ভয়াৱহ বোমা বিস্ফোৰণ; এতিয়ালৈ ১৩ জন লোকৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 2 h ago
নতুন দিল্লীত ভয়াৱহ বোমা  বিস্ফোৰণ
নতুন দিল্লীত ভয়াৱহ বোমা বিস্ফোৰণ
 
আৱাজ- দ্য ভইচ অসম ব্যুৰো
 
সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাত যাত্ৰীসহ এখন হুণ্ডাই আই-২০ (Hyundai i20) গাড়ীত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৪ জনৰো অধিক লোক আহত হৈছে। লালকিল্লা মেট্ৰ' ষ্টেচনৰ সমীপত সন্ধিয়া প্ৰায় ৭ বজাত এই বিস্ফোৰণ সংঘটিত হৈছে, এই বিস্ফোৰণৰ ফলত অঞ্চলটোত মৃতদেহ আৰু বিধ্বস্ত গাড়ী সিচঁৰিত হৈ পৰে। বিস্ফোৰণত আহতসকলক কেই কিলোমিটাৰমান দূৰত থকা এলএনজেপি হাস্পতাললৈ লৈ যোৱা হয়। 
 
দিল্লী আৰক্ষীৰ এক সূত্ৰই কয়, "এটা অতি শক্তিশালী বিস্ফোৰণ সংঘটিত হৈছে।" এই বিস্ফোৰণ সংঘটিত হৈছিল একেদিনাই যেতিয়া হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্বত ২,৯০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছিল। বিস্ফোৰণৰ পিছত মুম্বাই, জয়পুৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত সতৰ্কতা জাৰি কৰা হৈছে।
 
বোমা বিস্ফোৰণৰ পিছত ৰাজধনী দিল্লীত উচ্চ সতৰ্কতা জাৰি
 
দিল্লীৰ আৰক্ষী আয়ুক্ত সতীশ গলচাই কয় যে, বিস্ফোৰণটো এখন ধীৰ গতিৰ বাহনত সংঘটিত হৈছিল, যিখন ট্ৰেফিক চিংনেলত গৈ ৰৈছিল। বাহনৰ ভিতৰত যাত্ৰীও আছিল। বিস্ফোৰণৰ ফলত সমীপৰ আন বাহনসমূহো প্ৰভাৱিত হৈছে। কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে, আৰু কিছু লোক আহত হৈছে।
 
দিল্লীৰ অগ্নিনিৰ্বাপক বিভাগে জনোৱা মতে, লালকিল্লা মেট্ৰ' ষ্টেচনৰ ১ নং গেটৰ ওচৰত এখন গাড়ীত বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ লাভ কৰা হৈছিল। তাৰ পিছতে তিনি-চাৰিখন গাড়ীত অগ্নিকাণ্ড সংঘটিত হয়।  
 
ভাৰতৰ প্ৰধান সন্ত্ৰাসবাদী তদন্তকাৰী সংস্থা, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী (এনএছজি) য়েও স্থানীয় আৰক্ষীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই বিস্ফোৰণৰ বিষয়ে অৱগত কৰিছে। দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু এনআইএ আৰু ইন্টেলিজেন্স ব্যুৰোৰ (আইবি) মুৰব্বীসকলে গৃহমন্ত্ৰী শ্বাহক পৰিস্থিতিৰ বিষয়ে নিয়মীয়াকৈ অৱগত কৰি আছে।  
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিস্ফোৰণত ১৩ জন লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এক পোষ্টত কয়, "আজি সন্ধিয়া দিল্লীত হোৱা বিস্ফোৰণত যিসকলে তেওঁলোকৰ আত্মীয়ক হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো। আৰু আহতসকলে শীঘ্ৰে আৰোগ্য লাভৰ কামনা কৰিছো। এই ঘটনাত ক্ষতিগ্ৰস্তসকলক কৰ্তৃপক্ষই সহায় কৰি আছে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আন বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰিছো।" 
বিস্ফোৰণত ২২খনকৈ গাড়ী ক্ষতিগ্ৰস্ত হয়। উপ মুখ্য অগ্নিনিৰ্বাপক বিষয়া এ কে মালিকে জানিবলৈ দিয়ে যে, আমি বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পিছতে তৎক্ষণাৎ সঁহাৰি জনাইছিলো আৰু ঘটনাস্থলীলৈ ৭ টাকৈ অগ্নিনিৰ্বাপন বাহিনীৰ দল পঠাইছিলো। সন্ধিয়া ৭.২৯ বজাত অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ আহে।
 
অগ্নিনিৰ্বাপন বিভাগে প্ৰায় ২০ খন অগ্নিনিৰ্বাপক বাহন ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে আৰু আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো বন্ধ কৰি দিছে, য'ত গোটেই বছৰটো তীব্ৰ পৰ্যটকৰ যথেষ্ট ভিৰ দেখা যায়। 
 
বিহাৰৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ এদিন পূৰ্বে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। লালকিল্লা ৰাষ্ট্ৰীয় ৰাজধানীৰ পুৰণি দিল্লী অঞ্চলত অৱস্থিত। ই দিল্লীৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী। 
 
এজন প্ৰত্যক্ষদৰ্শীৰ মতে, বিস্ফোৰণটো এখন সৰু গাড়ীত সংঘটিত হৈছিল। বিস্ফোৰণৰ ফলত আহত হোৱা অটো চালক জিছানে কয়, "মোৰ সন্মুখৰ গাড়ীখন মোৰ পৰা প্ৰায় দুই ফুট আঁতৰত আছিল। মই নাজানো তাত বোমা আছিল নে আন কিবা, কিন্তু সেয়া বিস্ফোৰিত হ'ল।"
 
আন এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, "মই মোৰ ঘৰৰ টেৰেচৰ পৰা এক বিশাল অগ্নি জ্বলি উঠা দেখিছিলোঁ। এটা ডাঙৰ শব্দ হৈছিল। বিস্ফোৰণটোৱে মোৰ ঘৰৰ খিৰিকীবোৰ কঁপাই তুলিছিল।" 
 
আন এজন ব্যক্তিয়ে কয়, "তেতিয়া মই গুৰুদ্বাৰত আছিলো, যেতিয়া মই এটা শক্তিশালী শব্দ শুনিলোঁ। আমি একো বুজি পোৱা নাছিলো, সেয়া কি আছিল; ইমান ডাঙৰ শব্দ আছিল।"
 
বোমা বিস্ফোৰণৰ পিছত ৰাজধনী দিল্লীৰ এক দৃশ্য
 
আন এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, "এই বিস্ফোৰণ ইমানেই তীব্ৰ আছিল যে, পৃথিৱীখন খহি পৰাৰ দৰে অনুভৱ হৈছিল আৰু মই মৰি যোৱাৰ দৰে অনুভৱ হৈছিল। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে, ৰাস্তাৰ লাইটবোৰ ভাঙি গৈছিল আৰু কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হৈছিল।"
 
আৰক্ষীয়ে কয়, এই বিস্ফোৰণৰ পিছত মহাৰাষ্ট্ৰত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে আৰু গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, মুম্বাইৰ বাবে "উচ্চ সতৰ্কতা" জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰৰ জিলা পৰ্যায়ৰ সকলো ইউনিট কমাণ্ডাৰ আৰু চহৰৰ উপায়ুক্তসকলক কোনো অপ্ৰীতিকৰ ঘটনা এৰাই চলিবলৈ সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। 
 
এই ভয়ংকৰ বিস্ফোৰণৰ কথা অৱগত কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দিল্লী আৰক্ষী আয়ুক্ত আৰু চোৰাংচোৱা বিভাগৰ সঞ্চালকক এই ঘটনাৰ এক সমন্বিত বহু সংস্থাৰ তদন্তৰ নিৰ্দেশ দিয়ে। তেওঁ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ), ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী (এনএছজি), ফৰেনছিক বিজ্ঞান গৱেষণাগাৰ (এফএছএল) আৰু দিল্লী আৰক্ষীক জড়িত কৰি এক সমন্বিত তদন্তৰ নিৰ্দেশ দিয়ে।
 
গৃহমন্ত্ৰী শ্বাহে এই বিস্ফোৰণক লৈ শোক প্ৰকাশ কৰি কয় যে, এই ঘটনা সন্ত্ৰাসবাদী আক্ৰমণ হয় নে নহয় সেয়া নিশ্চিত কৰাৰ লগতে সকলো দিশৰ পৰা তদন্ত কৰা হ'ব।
 
গৃহমন্ত্ৰী শ্বাহে কয়, "আজি সন্ধিয়া প্ৰায় ৭ বজাত দিল্লীৰ লালকিল্লাৰ সমীপৰ সুভাষ মাৰ্গৰ ট্ৰেফিক চিগনেলত এখন হুণ্ডাই আই-২০ গাড়ীত বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণত কেইবাজনো পথচাৰী আহত হয় আৰু কেইখনমান বাহন ক্ষতিগ্ৰস্ত হয়। প্ৰাথমিক প্ৰতিবেদনত কোৱা হৈছে যে, কেইবাগৰাকীও নিহত হৈছে।"  
 
 
তেওঁ লগতে কয়, "বিস্ফোৰণৰ খবৰ পোৱাৰ ১০ মিনিটৰ ভিতৰতে দিল্লী ক্ৰাইম ব্ৰাঞ্চ আৰু দিল্লী স্পেচিয়েল ব্ৰাঞ্চৰ দল ঘটনাস্থলীত উপস্থিত হয়। এনএছজি আৰু এনআইএ দলে এফএছএলৰ সৈতে এক গভীৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীৰ সমীপৰ সকলো চিচিটিভি কেমেৰা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।" 
 
তেওঁ লগতে কয়, "আমি সকলো সম্ভাৱনীয়তা বিচাৰ কৰি আছো আৰু সকলো সম্ভাৱনীয়তা বিবেচনা কৰি এক পুংখানুপুংখ তদন্ত চলাম। সকলো বিকল্পৰ ওপৰত তৎক্ষণাৎ তদন্ত কৰা হ'ব আৰু আমি ফলাফলসমূহ জনসাধাৰণৰ আগত দাঙি ধৰিব লাগিব। মই অতি শীঘ্ৰে ঘটনাস্থলীত উপস্থিত হ'ম আৰু ততাতৈয়াকৈ হাস্পতাললৈ গৈও পৰিদৰ্শন কৰিম।" 
 
বিষয়াসকলৰ মতে, সংশ্লিষ্ট সকলো সংস্থাকে "বিস্ফোৰণৰ কাৰণ আৰু প্ৰকৃতিৰ বিষয়ে পুংখানুপুংখভাৱে অনুসন্ধান চলাবলৈ আৰু শীঘ্ৰে সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ" কোৱা হৈছে।
 
বিস্ফোৰণস্থলীৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে, আৰু ফৰেনচিক দলসমূহক প্ৰমাণ সংগ্ৰহ কৰিবলৈ নিয়োজিত কৰা হৈছে। ইতিমধ্যে, এনআইএৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে আৰু দিল্লী আৰক্ষীক সহায় কৰিবলৈ আৰম্ভ কৰিছে।