নতুন দিল্লী
সোমবাৰে সন্ধিয়া পুৰণি দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণত কমেও ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৪ জন লোক আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। এই বোমা বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেশৰ কেইবাগৰাকী মুছলমান চিন্তাবিদ তথা পণ্ডিতে। আৰক্ষীয়ে এই গোচৰটো আইনৰ এনে কিছুমান ধাৰাত পঞ্জীয়ন কৰিছে য’ত এই অপৰাধক সন্ত্ৰাসবাদী কাৰ্য্য বুলি গণ্য কৰা হ’ব।
প্ৰখ্যাত শল্য চিকিৎসক তথা পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে দিল্লীৰ বিস্ফোৰণৰ তীব্ৰ নিন্দা কৰি কয় যে এনে ঘটনাৰ বাবে মুছলমান সম্প্ৰদায়ক দোষাৰোপ কৰাটো সমানেই নিন্দাজনক। ডাঃ আলীয়ে কয় যে ইছলাম হৈছে শান্তিৰ ধৰ্ম আৰু ইছলামত হিংসাৰ কোনো স্থান নাই। তেওঁ কয় যে যিসকলে হিংসা আৰু সন্ত্ৰাসবাদক বাছনি কৰে তেওঁলোক ইছলামৰ অনুগামী নহয় আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকক নিষিদ্ধ কৰিব লাগে।
ইছলামিক পণ্ডিত মৌলানা নুৰুল আমিন কাছিমিয়ে কয়; "আজি দিল্লীত হোৱা বোমা বিস্ফোৰণৰ দৰে ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই বোমা বিস্ফোৰণত নিহত আৰু আহতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ইছলাম শব্দৰ অৰ্থতো হৈছে শান্তি। ইছলামত সন্ত্ৰাসবাদৰ কোনো স্থান নাই। কোৰান আৰু হাদিছে বা ইছলামে মানৱতা শিকাই। নিৰীহ লোকক লক্ষ্য কৰি হত্যা কৰাটো ইছলাম ধৰ্মৰ পৰিপন্থী। সকলো মানুহৰ সৈতে ইছলামে শান্তিৰে বসবাস কৰিবলৈ শিকাই। কোৰান আৰু হাদিছত আছে যে, 'যদি কোনোবাই অনাহকত এজন মানুহক হত্যা কৰিছে, তেন্তে তেওঁ সম্পূৰ্ণ মানৱ জাতিক হত্যা কৰিছে।' ইছলামে সন্ত্ৰাসবাদ বা অশান্তিৰ পোষকতা কেতিয়াও নকৰে।"
বিস্ফোৰণৰ পিছৰ দৃশ্য
"আৰু যিসকলে ইছলামৰ নাম লৈ দাড়ি-টুপী পৰিধান কৰি সন্ত্ৰাসবাদ বিয়পাব বিচাৰে, তেওঁলোক আচলতে ইছলামত অন্তৰ্ভুক্তই নহয়। দাড়ি আৰু টুপী থাকিলেই মুছলমান নহয়। তেওঁলোকে ইছলাম বহিৰ্ভূত কাম কৰি আছে। ইছলাম সন্ত্ৰাসবাদৰ সম্পূৰ্ণ বিৰোধী। ইছলামৰ নামত সন্ত্ৰাসবাদ বিয়োপোৱা সকলে কোনো ইছলামৰ হকে কাম কৰা নাই। তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবেহে কিছুমান কাম কৰি আছে", মৌলানা নুৰুল আমিন কাছিমিয়ে কয়।
জামাত-ই-ইছলামী হিন্দৰ সভাপতি চৈয়দ ছাদাতুল্লাহ হুছেইনীয়ে এক বিবৃতিত কয় যে, এই মাৰাত্মক বিস্ফোৰণক তীব্ৰ গৰিহণা দিছোঁ।
"এয়া মানৱতাৰ বিৰুদ্ধে এক গুৰুতৰ অপৰাধ। আমি এই ঘটনাক লৈ গভীৰ দুখ আৰু শোক প্ৰকাশ কৰিছো আৰু এই ভয়ংকৰ কাণ্ডত প্ৰাণ হেৰুৱাসকলৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ সৈতেও আমি সংহতি প্ৰকাশ কৰিছো আৰু তেওঁলোকৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।"
তেওঁ চৰকাৰক বিস্ফোৰণৰ সম্যক তদন্ত কৰি ইয়াৰ দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়।
জমিয়ত উলামা-ই-হিন্দেও বিস্ফোৰণত লোকৰ প্ৰাণ হেৰুৱাই দুখ প্ৰকাশ কৰিছে আৰু লগতে এই কাপুৰুষৰ কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। এক্সত পোষ্ট কৰে:
বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে বিশিষ্ট মুছলমান পণ্ডিত মৌলানা জহীৰ আব্বাছ ৰিজৱীয়ে।
তেওঁ এই পৰিয়ালসমূহক সহায় কৰাৰ লগতে আহতসকলে চিকিৎসালয়সমূহত সৰ্বোত্তম চিকিৎসা লাভ কৰাটো নিশ্চিত কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায়।
চিষ্টি ফাউণ্ডেশ্যনৰ মুৰব্বী তথা আজমেৰ শ্বৰীফ দৰগাহৰ মুৰব্বী চৈয়দ ছলমান চিষ্টীয়ে এক বিবৃতিৰ জৰিয়তে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে।
তেওঁ কয়, “দিল্লীৰ লালকিল্লাৰ মেট্ৰ’ ষ্টেচনৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ গভীৰ দুখ আৰু শোকেৰে আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো, আৰু এই শোকাৱহ দুৰ্ঘটনাত আহত হোৱা সকলোৰে প্ৰতি আমাৰ সমবেদনা জ্ঞাপন কৰিছো।”
"এই হৃদয়বিদাৰক ঘটনাই আমাক সোঁৱৰাই দিয়ে যে সন্ত্ৰাসবাদে জাতি-ধৰ্ম নিৰ্বিশেষে নিৰীহ পুৰুষ-মহিলা-শিশুৰ ওপৰত বৰ্বৰতা দেখুৱাইছে। এই শোকৰ সময়ত আমাৰ প্ৰাৰ্থনা আৰু সমবেদনা সকলো শোকসন্তপ্ত পৰিয়াল আৰু আঘাতপ্ৰাপ্তসকলৰ সৈতে আছে। আমি সকলো সম্প্ৰদায়, ধৰ্মীয় অনুষ্ঠান আৰু বিবেকবান ব্যক্তিক আহ্বান জনাইছো যে, আমাৰ সাধাৰণ মানৱতাই দাবী কৰে যে আমি ঘৃণা, ভয় আৰু সন্দেহৰ পৰিৱৰ্তে প্ৰেম, শান্তি আৰু পাৰস্পৰিক সমৰ্থনৰ বাবে হাত আগবঢ়াওঁ।
"শান্তিৰ মনোভাৱেৰে আমি প্ৰাৰ্থনা কৰোঁ যে সৰ্বশক্তিমান ঈশ্বৰে মৃতকৰ পৰিয়ালক ধৈৰ্য্য আৰু সাহস প্ৰদান কৰক, আহতসকল যাতে সম্পূৰ্ণৰূপে আৰু সোনকালে সুস্থ হৈ উঠে, আৰু যাতে ভয় আৰু ঘৃণাৰ বীজৰ ঠাইত প্ৰেম, ঐক্য আৰু নিৰাময়ৰ বীজে ৰোপণ হয়, তাৰেই কামনা কৰোঁ। আমাৰ সমাজে পুনৰবাৰ পাৰস্পৰিক সন্মান, মানৱীয় মৰ্যাদা আৰু ইজনে সিজনৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা নবীকৰণ কৰক। ভগৱানে সকলোকে শক্তি প্ৰদান কৰক।"
ইণ্টাৰ ফেইথ হাৰমনি ফাউণ্ডেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি ড০ খোৱাজা ইফতিকাৰ আহমেদে এই আক্ৰমণক ভাৰতৰ সাৰ্বভৌমত্বৰ ওপৰত কাপুৰুষালি কৰা আক্ৰমণ বুলি অভিহিত কৰে। তেওঁ সকলো শ্ৰেণীৰ লোকক ইয়াক নিন্দা কৰিবলৈ কয়, লগতে দোষী যাতে কঠোৰতকৈ কঠোৰ শাস্তি পাই তাৰেই কামনা কৰে।
“অসংখ্য নিৰীহ লোকৰ জীৱন কাঢ়ি নিয়া এই বৰ্বৰ কাৰ্য্যই দেশৰ আত্মাক গভীৰভাৱে আঘাত কৰিছে। এই কঠিন সময়ত আমি সকলোৱে একত্ৰিত হৈ সন্ত্ৰাসৰ বিৰুদ্ধে থিয় হ'ব লাগিব।
তেওঁ কয় যে, “আমি একেলগে, অটল দৃঢ়তাৰে, সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ দুৰ্নীতিপৰায়ণ মানসিকতাক বিফল কৰিম।"