উল্লেখ্য যে, এইবাৰৰ এছিয়া কাপত ভাৰতে পাকিস্তানক গ্ৰুপ পৰ্যায়ত এবাৰ আৰু ছুপাৰ-৪ ৰাউণ্ডত এবাৰ পৰাস্ত কৰিবলৈ সক্ষম হৈছে। অহা ২৮ ছেপ্তেম্বৰত চিৰবৈৰী দল দুটা ফাইনেলত পুনৰ এবাৰ পৰস্পৰৰ মুখামুখি হ'ব। ইয়াৰ পূৰ্বে ভাৰতে আজি সন্ধিয়া শ্ৰীলংকাৰ বিৰুদ্ধে ছুপাৰ-৪ ৰাউণ্ডৰ অন্তিমখন মেচ খেলিব। এই মেচৰ কোনো গুৰুত্ব নাই যদিও ফাইনেলৰ পূৰ্বে ভাৰতৰ বাবে এয়া অতি প্ৰয়োজনীয় মেচ প্ৰেকটিচ হ'ব।A historic Sunday awaits: Pakistan and India are set to meet in their first Asia Cup final, marking the third straight weekend they face each other pic.twitter.com/xfuM3SYJWR
— ESPNcricinfo (@ESPNcricinfo) September 25, 2025