ভাৰতৰ সৈতে বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে আভ্যন্তৰীণ আলোচনা আৰম্ভ পাকিস্তানৰ

Story by  atv | Posted by  Munni Begum • 12 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইছলামবাদ 
 
পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰে ভাৰতৰ সৈতে বাণিজ্যিক কাৰ্যকলাপ পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত দেশৰ ব্যৱসায়ী সমাজৰ সৈতে আভ্যন্তৰীণ আলোচনা আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে।
 
বৈদেশিক মন্ত্ৰীগৰাকীৰ শেহতীয়া বক্তব্য তেওঁৰ পূৰ্বৰ বক্তব্যৰ সম্প্ৰসাৰণ, য’ত তেওঁ ভাৰতৰ সৈতে পুনৰ বাণিজ্য মুকলি কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।  
 
ইছলামবাদৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংবাদ মাধ্যমত দাৰে কয় যে দেশৰ ব্যৱসায়ী সমাজে ভাৰতৰ সৈতে বাণিজ্যিক পথ পুনৰ মুকলি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।  
 
তেওঁ কয় যে ইতিমধ্যে ডুবাইকে ধৰি বিভিন্ন পথৰ জৰিয়তে সাধাৰণ সামগ্ৰী আৰু ঔষধৰ ব্যৱসায় চলি আছে যাৰ ফলত বাণিজ্য আৰু ব্যৱসায়ৰ ব্যয় বৃদ্ধি পায়।
 
তেওঁ লগতে কয় যে তেওঁৰ পূৰ্বৰ বিবৃতিত তেওঁ ভাৰতৰ সৈতে বাণিজ্য পথ আৰু বাণিজ্য পুনৰ মুকলি কৰাৰ আকাংক্ষা প্ৰকাশ কৰিছিল, সেইবোৰ ব্যৱসায়ী সমাজৰ শক্তিশালী পৰামৰ্শ আৰু দাবীৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল।
 
মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এনে এক পৰিকল্পনাত কাম কৰি আছে, য’ত সংশ্লিষ্ট মহলৰ পৰা আলোচনা আৰু অনুমোদন লোৱাটো অন্তৰ্ভুক্ত কৰা হৈছে।
 
বৈদেশিক মন্ত্ৰীগৰাকীৰ এই মন্তব্য এনে সময়ত কৰিছে, যেতিয়া তেওঁৰ নিজৰ দলৰ সহযোগী তথা প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কৈছিল যে, চলি থকা কাশ্মীৰ বিবাদৰ বাবে ভাৰতৰ সৈতে বাণিজ্যৰ সম্ভাৱনা শূন্য। 
 
বিশেষজ্ঞসকলে কয় যে দাৰৰ এই বক্তব্যই আনন্দদায়ক হ’লেও ভাৰতৰ সৈতে জড়িত বিষয়সমূহত কঠোৰ স্থিতি বজাই ৰখা কেবিনেটকে ধৰি সামৰিক প্ৰতিষ্ঠান আৰু অন্যান্য সংশ্লিষ্ট মন্ত্ৰালয়ৰ অনুমোদনৰ জৰিয়তে যাত্ৰা কৰিব নেকি সেয়া এতিয়াও অনিশ্চিত হৈ আছে।
 
জ্যেষ্ঠ ৰাজনৈতিক বিশ্লেষক আদনান শৌকাতে কয়, "পাকিস্তানৰ আনুষ্ঠানিক স্থিতি হ'ল যে যেতিয়ালৈকে কাশ্মীৰৰ বিষয়টোক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া নহয় তেতিয়ালৈকে ভাৰতৰ সৈতে বাণিজ্য সন্দৰ্ভত কোনো ধৰণৰ আলোচনা নহ'ব।"