আফগানিস্তানৰ বহু কেইখন চহৰত পাকিস্তানী বায়ুসেনাৰ আক্ৰমণ

Story by  atv | Posted by  [email protected] • 5 h ago
আফগানিস্তানৰ বহু কেইখন চহৰত পাকিস্তানী বায়ুসেনাৰ আক্ৰমণ
আফগানিস্তানৰ বহু কেইখন চহৰত পাকিস্তানী বায়ুসেনাৰ আক্ৰমণ
 
নতুন দিল্লী
 
পবিত্ৰ ৰমজান মাহৰ অন্তিম দিনকেইটাত আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। আফগানিস্তানে দাবী কৰিছে যে- পাকিস্তানে পুনৰবাৰ আফগানৰ সাৰ্বভৌমত্ব উলংঘা কৰি কাবুল,কন্দহাৰ, পাকটিয়া, পক্তিকাকে ধৰি কেইবাখনো ঠাইত ভয়াৱহ বিমান আক্ৰমণ কৰিছে।
 
পাকিস্তানী বায়ুসেনাৰ বিমানে কান্দাহাৰ বিমানবন্দৰৰ সমীপত অৱস্থিত ব্যক্তিগত বিমান সংস্থা ‘কাম এয়াৰ’ৰ ইন্ধন ডিপোক লক্ষ্য কৰি লৈছে।এই কোম্পানীটোয়ে অসামৰিক বিমান সংস্থাৰ লগতে ৰাষ্ট্ৰসংঘৰ বিমানকো ইন্ধন যোগান ধৰে।এই আক্ৰমণটো এনে সময়ত হৈছে যেতিয়া ইৰাণ-ইজৰাইল সংঘাতৰ বাবে কেইবাখনো দেশত তেল সংকট অব্যাহত আছে।
 
উল্লেখযোগ্য যে, আফগান তালিবানৰ বিষয়াসকলে জাৰি কৰা এক বিবৃতি অনুসৰি:এই বিমান আক্ৰমণত আৱাসিক অঞ্চলক লক্ষ্য কৰি লোৱা হৈছে,ফলত বহু অসামৰিক বাসগৃহ ধ্বংস হৈছে।এই আক্ৰমণত মহিলা আৰু শিশুৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে।ইফালে আন কিছুমান স্থানত পাকিস্তানী বিমানে মৰুভূমি আৰু জনবসতিহীন অঞ্চলটো আক্ৰমণ কৰিছে।