পাকিস্তানৰ বিৰুদ্ধে সৰৱ পশতুন মানৱ অধিকাৰ কৰ্মীঃ ৰাষ্ট্ৰসংঘৰ কাষ চাপিল ফজল উৰ ৰহমান আফ্ৰিদী
জেনেভা
নিজ দেশ আৰু চুবুৰীয়া আফগানিস্তানৰ নিৰীহ নাগৰিকৰ ওপৰত নিৰ্মম আক্ৰমণ চলোৱাৰ অভিযোগত পাকিস্তানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে এগৰাকী পশতুন মানৱ অধিকাৰ কৰ্মী। ফজল উৰ ৰহমান আফ্ৰিদী নামৰ এই কৰ্মীগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ কাষ চাপি পাকিস্তানক এই কাৰ্যৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জবাবদিহি কৰিবলৈ দাবী জনাইছে।
জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৬১ সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰি আফ্ৰিদীয়ে এই গুৰুতৰ অভিযোগসমূহ উত্থাপন কৰে। তেওঁ কয় যে শেহতীয়াকৈ পাকিস্তানে কৰা বিমান আক্ৰমণসমূহত সামৰিক ঘাটিৰ সলনি সাধাৰণ ৰাইজৰ বাসভৱনকহে লক্ষ্য কৰি লোৱা হৈছে। এই কাৰ্য আন্তঃৰাষ্ট্ৰীয় আইনৰ চৰম উলংঘন বুলি তেওঁ অভিহিত কৰিছে।
তেওঁ লগতে দাবী কৰে যে কাবুলত শেহতীয়াকৈ হোৱা এক আক্ৰমণত এখন চিকিৎসালয়ত আঘাত হানিছিল, যাৰ ফলত বহু সাধাৰণ নিৰীহ লোকৰ প্ৰাণহানি হৈছে। এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ ৰাষ্ট্ৰসংঘলৈ আহ্বান জনাইছে।
আফ্ৰিদীয়ে অভিযোগ কৰে যে খাইবাৰ পাখতুনখোয়া আৰু বেলুচিস্তানৰ দৰে অঞ্চলত চলোৱা সামৰিক অভিযানৰ বাবে সাধাৰণ ৰাইজ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ আফগানিস্তান-পাকিস্তান সীমান্তত বিৰাজ কৰা উত্তেজনাৰ সময়ত এই সমস্যা আৰু বৃদ্ধি পাইছে।
বলপূৰ্বকভাৱে মানুহক নিৰুদ্দেশ কৰা কাৰ্যৰ ওপৰতো তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ জনায় যে পশতুন আৰু বেলুচ সম্প্ৰদায়ৰ লোকসকলক এনেদৰে নিৰুদ্দেশ কৰা ঘটনা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। তেওঁৰ মতে, আটক কৰা লোকসকলক প্ৰায়ে অকথ্য নিৰ্যাতন চলোৱা হয় বা হত্যা কৰা হয়।
এই পৰিস্থিতিত বিশ্বৰ হস্তক্ষেপ বিচাৰি আফ্ৰিদীয়ে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক পাকিস্তান চৰকাৰক জবাবদিহি কৰিবলৈ আহ্বান জনায়। তেওঁ সতৰ্ক কৰি দিয়ে যে যদিহে কোনো আন্তঃৰাষ্ট্ৰীয় চোৱাচিতা নাথাকে, তেন্তে এনে মানৱ অধিকাৰ উলংঘনৰ ঘটনা নিৰ্বিঘ্নে চলিয়েই থাকিব।