৩ দেশৰ ভ্ৰমণসূচীৰে চাইপ্ৰাছ অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী মোদী; অংশ ল'ব জি-৭ শীৰ্ষ সন্মিলনত

Story by  atv | Posted by  [email protected] • 9 h ago
চাইপ্ৰাছ অভিমুখে ৰাওনা হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
চাইপ্ৰাছ অভিমুখে ৰাওনা হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পুৱা নতুন দিল্লীৰ পৰা চাইপ্ৰাছ অভিমুখে ৰাওনা হয়। ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীৰ তিনিখন দেশৰ কূটনৈতিক ভ্ৰমণৰ আৰম্ভণি হয়।
 
এই ভ্ৰমণত তেওঁ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়ালৈ যাব। তেওঁৰ এই বিদেশ ভ্ৰমণৰ লক্ষ্য হৈছে বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, আৰু নিৰাপত্তাৰ দৰে ক্ষেত্ৰত এই দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক গভীৰ কৰা, আৰু কানাডাত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা।
 
প্ৰস্থানৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য আৰু মূল উল্লেখযোগ্য দিশসমূহৰ ৰূপৰেখা দাঙি ধৰি এক বিবৃতি প্ৰকাশ কৰে।
 
প্ৰধানমন্ত্ৰী মোদীৰ প্ৰস্থান বিবৃতিত কোৱা হৈছে যে আজিৰে পৰা তেওঁ তিনিখন দেশ ক্ৰমে ৰিপাব্লিক অৱ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ১৫-১৬ জুনত চাইপ্ৰাছত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী। ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ আমন্ত্রণত তেওঁ ভূমধ্যসাগৰীয় দেশখন ভ্ৰমণ কৰিছে।
 
চাইপ্ৰাছ ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰীয়ে কানাডাৰ কানানাস্কিছলৈ গৈ ১৬-১৭ জুনত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁক আমন্ত্ৰণ জনাইছে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে। জি-৭ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে একেৰাহে ষষ্ঠবাৰৰ বাবে অংশগ্ৰহণ কৰিব।