জেৰুজালেম
ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষকলৈ মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ইৰাণে দ্বিতীয় দিনাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিয়ে আছে। তাৰ মাজতে ইৰাণক তীব্ৰ সকীয়নি দিলে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে। ইজৰাইলৰ বিৰুদ্ধে অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিলে 'তেহৰাণ জ্বলিব' বুলি শনিবাৰে সকীয়াই দিয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
কাটজৰ উদ্ধৃতিৰে এক বিবৃতিত উল্লেখ কৰিছে যে ইৰাণৰ একনায়কত্ববাদীয়ে নাগৰিকক পণবন্দী কৰি লৈছে আৰু এনে এক বাস্তৱ পৰিস্থিতিৰ দিশলৈ আনিছে, য'ত তেওঁলোকে বিশেষকৈ তেহৰাণৰ বাসিন্দাসকলে – ইজৰাইলৰ সাধাৰণ নাগৰিকৰ অপৰাধমূলক ক্ষতিৰ বাবে গধুৰ মূল্য দিব লাগিব।
মন্ত্ৰীগৰাকীয়ে কয়, "যদি (আয়াতুল্লাহ আলী) খামেনেই ইজৰাইলৰ দিশে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি থাকে, তেন্তে তেহৰাণ জ্বলিব।"
ইফালে ইজৰাইলে শনিবাৰে ইৰাণৰ বায়ু প্ৰতিৰক্ষা আৰু মিছাইল লঞ্চাৰক লক্ষ্য কৰি লৈছিল। ইৰাণক অস্তিত্বৰ ভাবুকি বুলি অভিহিত কৰা ইজৰাইলে ব্যাপক আক্ৰমণৰ জৰিয়তে পাৰমাণৱিক আৰু সামৰিক কেন্দ্ৰসমূহত আঘাত হানিছে। য'ত সেনা বিষয়াকে ধৰি সাধাৰণ নাগৰিক নিহত হোৱাৰ কথা জানিব পৰা গৈছে। আনহাতে ইয়াৰ প্ৰত্যুত্তৰত ইৰাণেও জেৰুজালেম আৰু তেল আভিভত নিশাৰ ভিতৰতে বহু মিছাইল নিক্ষেপ কৰে।
দশক দশক ধৰি চলি থকা শত্ৰুতা আৰু প্ৰক্সিৰ দ্বাৰা সংঘাতৰ পিছত ইজৰাইল আৰু ইৰাণে প্ৰথমবাৰৰ বাবে ইমান তীব্ৰতৰভাৱে সংঘৰ্ষত লিপ্ত হৈছে। এই সংঘৰ্ষ দীৰ্ঘদিন ধৰি চলিব বুলিও আশংকা কৰা হৈছে। শুকুৰবাৰে পুৱাই ইজৰাইলে ইৰাণক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। ইৰাণৰ বিৰুদ্ধে এই অভিযানক "ৰাইজিং লায়ন" বুলি অভিহিত কৰিছে ইজৰাইলে।
শনিবাৰে ইজৰাইলৰ সেনাই তেহৰাণ অঞ্চলত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক লক্ষ্য কৰি লোৱা বুলি ঘোষণা কৰাৰ লগে লগে ইৰাণৰ তৰফৰ পৰাও কেইবা ডজন ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়।
ৰাষ্ট্ৰসংঘত ইৰাণৰ ৰাষ্ট্ৰদূতে শুকুৰবাৰে কয় যে, ইজৰাইলৰ প্ৰথম আক্ৰমণত ৭৮ গৰাকী লোক নিহত আৰু ৩২০ গৰাকী আহত হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইৰাণ প্ৰশাসনৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনোৱাৰ সময়তে ইৰাণে নিজৰ নাগৰিকসকলক দেশৰ প্ৰতিৰক্ষাৰ বাবে একত্ৰিত হ'বলৈ আহ্বান জনাইছে। নিশাটোৰ ভিতৰতে সমগ্ৰ ইজৰাইলত বিমান আক্ৰমণৰ চাইৰেন আৰু বিস্ফোৰণৰ শব্দ শুনা গৈছিল। বহু লোকে সুৰক্ষিত স্থান আৰু বাংকাৰত আশ্ৰয় লয়।
ইজৰাইলে দাবী কৰামতে, ইৰাণৰ পৰা অহা শেহতীয়া আক্ৰমণত কেইবা ডজন ক্ষেপণাস্ত্ৰ অন্তৰ্ভুক্ত আছিল। তাৰ একাংশক বাধা দিয়া হৈছে আৰু ধ্বংস কৰা হৈছে। অৱশ্যে তেল আভিভৰ সমীপত ধ্বংস্তুপত পৰিণত হোৱা অট্টালিকা, বাহন আদিৰ ছবি প্ৰকাশ পাইছে। ইজৰাইলী উদ্ধাৰকাৰীয়ে জনোৱা মতে, উপকূলীয় সমভূমিৰ এটা আৱাসিক এলেকাত শনিবাৰে ৰকেট আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে ১৯ জন আহত হয়।