ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো
নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কয় যে, তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ফোন কলত ভাৰতৰ উদ্বেগ সন্দৰ্ভত অৱগত কৰে। ইজৰাইলীয় প্ৰধানমন্ত্ৰীয়ে মোদীক ফোন কৰিছিল। ইয়াৰ উপৰিও, নেতানিয়াহুৱে ইৰানৰ সৈতে ইজৰাইলৰ নতুন সংঘাত সন্দৰ্ভত মোদীক অবগত কৰিছিল। শুকুৰবাৰে ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাঁটি, বেলিষ্টিক মিছাইল কাৰখানা আৰু সামৰিক কমাণ্ডাৰক লক্ষ্য কৰি লয়।
"মই ভাৰতৰ উদ্বেগ সন্দৰ্ভত অৱগত কৰিলোঁ আৰু অঞ্চলটোত সোনকালে শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা ওপৰিও গুৰুত্ব আৰোপ কৰিলোঁ," মোদীৰ টুইটৰ এটা অংশত উল্লেখ আছে।
ইয়াৰ আগতে ভাৰতে কয়ছিল যে, ইৰান আৰু ইজৰাইলৰ মাজত হোৱা সাম্প্ৰতিক ঘটনা সন্দৰ্ভত তেওঁলোকে "গভীৰ উদ্বে" প্ৰকাশ কৰিছে আৰু পৰিস্থিতিটো "সাৱধানে লক্ষ্য" কৰি আছে। চৰকাৰে দুয়োখন দেশক উত্তেজনা বৃদ্ধি নকৰিবলৈ আহ্বান জনাইছিল।
ইজৰাইলৰ কূটনৈতিক প্ৰচেষ্টাত, ইৰানৰ সৈতে সংঘাতৰ মাজত সমৰ্থন সংগ্ৰহ কৰিবলৈ, নেতানিয়াহুৱে জাৰ্মান চ্যান্সেলৰ ফ্ৰিডৰিখ মাৰ্জ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰোণসহ বহুতো বিশ্ব নেতাৰ সৈতে কথা পাতিছিল।
নেতানিয়াহুৱে এতিয়াও ডোনাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ বাকী আছে, কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে ইৰানক কঠোৰ সতৰ্কবাণী প্ৰদান কৰিছে। তেওঁ কয় যে ইৰানৰ সৈতে এখন চুক্তি কৰিব লাগে। তেওঁ কৈছিল, আমেৰিকাই পৃথিৱীৰ আটাইতকৈ বিধ্বংসী অস্ত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বহুতো ইজৰাইলৰ ওচৰত আছে।
ইৰানৰ বহুতো স্থানত -- ইয়াৰ মুখ্য পাৰমাণৱিক ঘাঁটি আৰু মিছাইল কাৰখানা -- আক্ৰমণৰ লক্ষ্য হৈছিল, যি ১৯৮০ দশকৰ ইৰান-ইৰাক যুদ্ধৰ পিছত দেশখনত হোৱা আটাইতকৈ গুৰুত্বপূর্ণ আক্ৰমণ বুলি ধৰা হৈছে।
ইৰানৰ নূৰনিউজ অনুসৰি, ইজৰাইলৰ আক্ৰমণৰ পিছত তেহৰানত ৭৮ জন লোক নিহত হৈছে। আক্ৰমণৰ পিছত ইজৰাইলে কয় যে, ইয়া তেহৰানক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰা ৰোধ কৰিবলৈ এটা দীঘলীয়া অভিযান হ’ব।
এই আক্ৰমণক "অপাৰেচন ৰাইজিং লায়ন" বুলি অভিহিত কৰি, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ইয়াক দেশখনৰ ইতিহাসত এটা নিৰ্ণায়ক মুহূর্ত বুলি বৰ্ণনা কৰে, আৰু কয় যে ইজৰাইলী সেনাই "ইৰানৰ পাৰমাণৱিক সমৃদ্ধিকৰণ কাৰ্যসূচীৰ মূলতন্ত্ৰত" আঘাত হানিছে।