ইৰাণত থকা ভাৰতীয় নাগৰিকৰ বাবে পৰামৰ্শ জাৰি ভাৰতৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
তেহৰাণ
 
শুকুৰবাৰে ইৰাণত থকা ভাৰতীয় নাগৰিকসকলক ইৰাণৰ দূতাবাসে সজাগ হৈ থাকিবলৈ, সকলো অপ্ৰয়োজনীয় গতিবিধিৰ পৰা আঁতৰি থাকিবলৈ আৰু দেশখনত ইজৰাইলৰ আক্ৰমণ আৰম্ভ কৰাৰ পিছত সুৰক্ষাৰ প্ৰট'কল মানি চলিবলৈ পৰামৰ্শ জাৰি কৰিছে। শুকুৰবাৰে পুৱা ইৰাণৰ ৰাজধানীত ইজৰাইলে দেশখনৰ পাৰমাণৱিক কাৰ্যসূচীক লক্ষ্য কৰি আক্ৰমণ চলায়।  
 
তেহৰাণত থকা ভাৰতীয় দূতাবাসে এক্সত এক পোষ্টত জাৰি কৰা পৰামৰ্শত কয় যে, "ইৰাণৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণত থকা সকলো ভাৰতীয় নাগৰিক আৰু ভাৰতীয় মূলৰ ব্যক্তিক সজাগ হৈ থাকিবলৈ, সকলো অপ্ৰয়োজনীয় গতিবিধিৰ পৰা আঁতৰি থাকিবলৈ, দূতাবাসৰ ছ’চিয়েল মিডিয়া একাউণ্ট মানি চলিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি সুৰক্ষা প্ৰট’কল মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে।" 
ইৰাণৰ পাৰমাণৱিক উচ্চাকাংক্ষাক বিফল কৰাৰ লক্ষ্যৰে অপাৰেচন ৰাইজিং লায়ন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰি শুকুৰবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে দাবী কৰে যে, তেওঁৰ দেশখনে নাটাঞ্জত থকা মূল সমৃদ্ধি কেন্দ্ৰকে ধৰি ইছলামিক শাসনৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূলতে আঘাত হানিছে।