নিউয়ৰ্ক
শনিবাৰে ৱাশ্বিংটন মিলিটাৰী পেৰেডলৈ পাকিস্তানৰ সামৰিক মুৰব্বী অসীম মুনিৰক আমন্ত্ৰণ জনোৱাৰ কথা অস্বীকাৰ কৰিছে হোৱাইট হাউছে। মুনীৰলৈ নিমন্ত্ৰণ সন্দৰ্ভত প্ৰকাশিত বাতৰি বিষয়ত হোৱাইট হাউছৰ এজন বিষয়াই কয় যে, "এয়া সম্পূৰ্ণ মিছা। কোনো বিদেশী সামৰিক নেতাক নিমন্ত্ৰণ কৰা হোৱা নাছিল।"
শনিবাৰে অনুষ্ঠিত হ'বলগীয়া এই পেৰেডক আমেৰিকাৰ অন্যতম বৃহৎ সামৰিক শ্ব' হিচাপে গণ্য কৰা হৈছে, ইয়াৰ প্ৰতিৰক্ষা ক্ষমতা প্ৰদৰ্শন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ভাবমূৰ্তি বৃদ্ধিৰ প্ৰয়াস।
এই পেৰেডত ১৭৭৫ চনৰ ১৪ জুনত ব্ৰিটিছ ঔপনিৱেশিকসকলৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকান সেনাবাহিনীৰ আনুষ্ঠানিক প্ৰতিষ্ঠাক স্মৰণ কৰা হয়, যিটো আমেৰিকাই স্বাধীনতা লাভ কৰাৰ এবছৰ পূৰ্বে। এই তাৰিখটো ট্ৰাম্পৰ ৭৯ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি নিৰধাৰন কৰিছে।
শনিবাৰে বিয়লি হেলিকপ্টাৰ আৰু পেৰাচুট আৰোহীৰ উপৰিও হাজাৰ হাজাৰ সৈন্য, টেংক আৰু অন্যান্য সামৰিক হাৰ্ডৱেৰে অংশগ্ৰহণ কৰিব। এয়া এক অনন্য দৃশ্য হ’ব কাৰণ আমেৰিকাত ভাৰতৰ গণৰাজ্য দিৱস বা ফ্ৰান্সৰ বেষ্টিল দিৱসৰ পেৰেডৰ দৰে সামৰিক পেৰেডৰ পৰম্পৰা নাই।
ৱাশ্বিংটনে শেষবাৰৰ বাবে সামৰিক অনুষ্ঠানৰ সাক্ষী হৈছিল ১৯৯১ চনত যেতিয়া প্ৰথম উপসাগৰীয় যুদ্ধত আমেৰিকাই ইৰাকক পৰাস্ত কৰি কুৱেইটক মুক্ত কৰাৰ পিছত ৰাষ্ট্ৰীয় বিজয় উদযাপন অনুষ্ঠিত কৰা হৈছিল, যিটোক অপাৰেচন ডেজাৰ্ট ষ্টৰ্ম বুলিও জনা গৈছিল।