মাৰাত্মক ক্ষেপণাস্ত্ৰ নিক্ষেপৰ পিছত ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে; '৪০০ৰো অধিক লোক নিহত'

Story by  atv | Posted by   Imtiaz Ahmed • 15 h ago
তেহৰাণত ইজৰাইলৰ বোমা বিস্ফোৰণ
তেহৰাণত ইজৰাইলৰ বোমা বিস্ফোৰণ
তেহৰান

দেওবাৰে ইজৰাইল আৰু ইৰাণে একেৰাহে তৃতীয় দিত্ৰ বাবে ক্ষেপণাস্ত্ৰৰে আক্ৰমণৰ কৰাৰ লগে লগে মধ্যপ্ৰাচ্যত উত্তেজনা তীব্ৰতৰ হৈ পৰে আৰু দুয়োপক্ষৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা ক্ষয়-ক্ষতি আৰু ব্যাপক ধ্বংসৰ বাতৰি পোৱা গৈছে। ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ১২৮ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ইজৰাইলত ১৩ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে ইৰাণত ইজৰাইলৰ আক্ৰমণত কমেও ৪০৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬৫৪ জন লোক আহত হৈছে বুলি এটা মানৱ অধিকাৰ সংগঠনে প্ৰকাশ কৰিছে।

ইজৰাইলে তেহৰানত থকা ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় আৰু ইয়াৰ পাৰমাণৱিক কাৰ্যসূচীৰ সৈতে জড়িত অন্যান্য স্থানত লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণ চলাইছে, আনহাতে ইৰাণৰ ক্ষেপণাস্ত্ৰই ইজৰাইলৰ বায়ু প্ৰতিৰক্ষাত প্ৰৱেশ কৰি আৱাসিক অট্টালিকাত খুন্দা মাৰি সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।

ইৰাণে আন এটা পাৰমাণৱিক সমৃদ্ধি কেন্দ্ৰ সক্ৰিয় কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ কিছু সময়ৰ পিছতে এই শত্ৰুতা সংঘটিত হয় আৰু ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিগৰানী সংস্থাই ইয়াক নিন্দা কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে “ইৰাণৰ ওপৰত আক্ৰমণৰ সৈতে আমেৰিকাৰ কোনো সম্পৰ্ক নাই,” কিন্তু স্পষ্ট কৰি দিয়ে যে আমেৰিকাৰ স্বাৰ্থৰ প্ৰতি যিকোনো আগ্ৰাসনে শক্তিশালী প্ৰতিশোধৰ সৃষ্টি কৰিব।

ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কঠোৰ ভাষাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, “যদি ইৰাণে আমাক যিকোনো ধৰণে, আকৃতি বা ৰূপত আক্ৰমণ কৰে, তেন্তে আমেৰিকাৰ সশস্ত্ৰ বাহিনীৰ সম্পূৰ্ণ শক্তি আপোনাৰ ওপৰত আগতে কেতিয়াও দেখা নোপোৱা স্তৰত আক্ৰমণ কৰিব,” ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পৰ পোষ্টত পঢ়িবলৈ পোৱা গৈছে।

তেওঁ আৰু কয় “অৱশ্যে আমি ইৰাণ আৰু ইজৰাইলৰ মাজত সহজেই চুক্তি সম্পন্ন কৰিব পাৰো, আৰু এই ৰক্তাক্ত সংঘাতৰ অন্ত পেলাব পাৰো!!!” 

শুকুৰবাৰে ইজৰাইলে ইৰাণৰ ভূখণ্ডত ‘ৰাইজিং লায়ন’ নামৰ অভিযানৰ অধীনত তেহৰাণত থকা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সৈতে জড়িত স্থানসমূহক লক্ষ্য কৰি প্ৰত্যক্ষ আৰু বৃহৎ পৰিসৰৰ সামৰিক আক্ৰমণ আৰম্ভ কৰে। ইজৰাইলৰ বিষয়াসকলে এই অভিযানক ইৰাণৰ পাৰমাণৱিক উচ্চাকাংক্ষাক লৈ বৃদ্ধি পোৱা আশংকাৰ, যিটোক টেল আভিভে ইয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰে, প্ৰতিক্ৰিয়া বুলি অভিহিত কৰে।

ইয়াৰ প্ৰতিশোধ হিচাপে ইৰাণে ইজৰাইলৰ বায়ু প্ৰতিৰক্ষাক উলঙ্ঘন কৰি ইজৰাইলৰ ভিতৰৰ গভীৰতম অট্টালিকাত ক্ষেপণাস্ত্ৰৰ আক্ৰমণ কৰে বুলি এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে।

ইৰাণৰ সংবাদ মাধ্যমে দেওবাৰে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰ আৰু শনিবাৰে ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ১২৮ জন, য’ত ৪০ গৰাকী মহিলা আৰু বহু শিশুও আছে। স্বাস্থ্য বিষয়াৰ উদ্ধৃতি দি ইটেমাদ দৈনিক কাকতে মৃত্যু হোৱা লোকসকলৰ ভিতৰত কমেও “৪০ গৰাকী মহিলা” থকাৰ বাতৰি প্ৰকাশ কৰাৰ লগতে কয় যে “শ্বহীদ শিশুৰ সংখ্যা যথেষ্ট”। অৱশ্যে এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই মানৱ অধিকাৰ সংগঠন এটাৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে ইৰাণত ইজৰাইলৰ আক্ৰমণত কমেও ৪০৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬৫৪ জন লোক আহত হৈছে। ইজৰাইলৰ বিষয়াসকলে দেওবাৰে নিশ্চিত কৰে যে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ১৩ জন লোকৰ মৃত্যু হৈছে।