নতুন দিল্লী
ইৰাণত আবদ্ধ হৈ থকা কমেও ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক স্থানান্তৰ কৰাৰ বাবে নিৰাপদ পথ প্ৰদানৰ বাবে নতুন দিল্লীয়ে কৰা অনুৰোধৰ প্ৰতি সোমবাৰে তেহৰানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিয়নো ইজৰাইলে বৃহৎ চহৰসমূহত বোমা বিস্ফোৰণ অব্যাহত ৰাখিছে।
ভাৰতৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ইৰানে উল্লেখ কৰিছে যে, যিহেতু ইৰাণে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে, সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ স্থল সীমাপথ ব্যৱহাৰ কৰি আজাৰবাইজান, তুৰ্কমেনিস্তান আৰু আফগানিস্তান পাৰ হৈ যাব পাৰে। বৰ্তমান ভাৰতে নিজৰ নাগৰিকসকলল ইৰাণৰ পৰা উলিয়াই অনা অভিযানৰ বাবে চিন্তা-চৰ্চা কৰি আছে।
ইয়াৰ পূৰ্বে তেহৰাণত থকা ভাৰতীয় দূতাবাসে কয় যে, তেওঁলোকে নিৰাপত্তা পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু ইৰাণৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জড়িত কৰি ৰাখিছে।
কিছুমান ক্ষেত্ৰত দূতাবাসৰ সুবিধাৰে ইৰাণৰ ভিতৰৰ নিৰাপদ স্থানলৈ ছাত্ৰ-ছাত্ৰী সকলক স্থানান্তৰ কৰা হৈছে। অন্যান্য সম্ভৱপৰ বিকল্পসমূহো পৰীক্ষাৰ অধীনত আছে। ইয়াৰ পিছত আৰু অধিক আপডেট আহিব বুলি দেওবাৰে ভাৰতীয় দূতাবাসে এক বিবৃতিত প্ৰকাশ কৰিছে।
ইফালে, যোৱা নিশা তেহৰাণ বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ বাবে থকা ল’ৰা ছাত্ৰাবাসৰ সমীপত এক আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণত কাশ্মীৰৰ পৰা অহা দুই ভাৰতীয় ছাত্ৰ আহত হয়। সৌভাগ্যক্ৰমে দুয়োৰে অৱস্থা বৰ্তমান সুস্থিৰ আৰু নিৰাপত্তাৰ বাবে বিশ্ববিদ্যালয়ে ৰামছাৰলৈ স্থানান্তৰিত কৰা হৈছে।
ইৰাণত আৱদ্ধ হৈ থকা কেইবাজনো ভাৰতীয় ছাত্ৰই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পূৰ্বে তেওঁলোকক স্থানান্তৰ কৰিবলৈ ভাৰতীয় কৰ্তৃপক্ষক আহ্বান জনায়। দেশত আবদ্ধ হৈ থকা শতাধিক ছাত্ৰৰ ভিতৰত এজনে সংবাদ সংস্থা এএনআইক জনাইছে যে, তেওঁলোকে তিনিদিন ধৰি শুব পৰা নাই।
শুকুৰবাৰে পুৱতিনিশা ২:৩০ বজাত তীব্ৰ বিস্ফোৰণত সাৰ পাই বেছমেণ্টলৈ লৰালৰিকৈ উলাই আহিলোঁ। তেতিয়াৰ পৰা আমি শুব পৰা নাই বুলি এমবিবিএছৰ ২২ বছৰীয়া ছাত্ৰ ইমতিছাল মহিদিনে এএনআইক জনাইছে।
জম্মু-কাশ্মীৰৰ হাণ্ডৱাৰাৰ পৰা অহা ইমতিছালে তেহৰাণৰ শ্বাহিদ বেহেষ্টী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে। য’ত বৰ্তমান ৩৫০ জনতকৈ অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে।
ফোনযোগে তেওঁলোকৰ অধ্যায়ৰ বিষয়ে শ্বেয়াৰ কৰি ইমতিছালে এএনআইক কয়, "আমি আমাৰ এপাৰ্টমেণ্টৰ বেছমেণ্টৰ ভিতৰত আবদ্ধ হৈ আছো। আমি প্ৰতি নিশাই বিস্ফোৰণৰ শব্দ শুনিবলৈ পাই আছো। ইয়াৰে এটা বিস্ফোৰণ আছিল মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত। তিনিদিন ধৰি আমি শুব পৰা নাই।"
দেওবাৰে জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটী (জেকেপিচিচি)য়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক কয় যে, তেল আভিভ আৰু তেহৰাণৰ মাজৰ সংঘাত তীব্ৰতৰ হোৱাৰ লগে লগে কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক ইৰাণৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে।
এক্স পোষ্টত জেকেপিচিচিৰ সভাপতি তাৰিক হামিদ কাৰাই লিখিছে, উত্তেজনা আৰু অস্থিৰ পৰিস্থিতিৰ মাজৰ পৰা ইৰাণত অধ্যয়ন কৰা জে এণ্ড কেৰ ছাত্ৰ-ছাত্ৰীসকলক স্থানান্তৰ কৰাৰ বাবে ড° এছ জয়শংকৰৰ জৰুৰী ব্যৱস্থাৰ প্ৰয়োজন। তেওঁলোকৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ক, ব্যাপক সহায় আগবঢ়াওক আৰু তেওঁলোকৰ দ্ৰুত, নিৰাপদ ব্যৱস্থাৰে ঘৰলৈ উভতি অহাটো নিশ্চিত কৰক।
বিৰোধী দল পিপলছ ডেম’ক্ৰেটিক পাৰ্টিয়ে জম্মু-কাশ্মীৰৰ পৰা আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক তেহৰাণত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী ইলটিজা মুফতিয়ে ইৰাণত আবদ্ধ কাশ্মীৰী ছাত্ৰ-ছাত্ৰীৰ বাবে এক্সত পোষ্ট কৰি কয়, অনুগ্ৰহ কৰি তেওঁলোকে WhatsApp মেছেজ দিয়ক বা এই ভাৰতীয় দূতাবাস (ইৰাণত ভাৰত) নম্বৰ +98 9128109115 আৰু +98 9128109109 নম্বৰত ফোন কৰক।
উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ইৰাণৰ বিভিন্ন বিশ্ববিদ্যালয়ত প্ৰধানকৈ চিকিৎসা বিজ্ঞানৰ পেছাদাৰী পাঠ্যক্ৰম গ্ৰহণ কৰি আছে।