নতুন দিল্লী
ভাৰত-আমেৰিকা বাণিজ্য শুল্কক লৈ উদ্ভৱ হোৱা উত্তেজনাৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে 'আমি সদায় বন্ধু হৈ থাকিম' বুলি কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, তেওঁ ট্ৰাম্পৰ এই আৱেগৰ প্ৰতি সম্পূৰ্ণ সঁহাৰি জনাইছে। প্ৰধানমন্ত্ৰীৰ মতে, ভাৰত আৰু আমেৰিকাৰ মাজত এটা অতি ইতিবাচক বিশ্বব্যাপী কৌশলগত অংশীদাৰিত্ব আছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ মই গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু সম্পূৰ্ণৰূপে সঁহাৰি জনাইছো। ভাৰত আৰু আমেৰিকাৰ মজত এটা অতি ইতিবাচক আৰু আগন্তুক দৃষ্টিভংগীৰ বিস্তৃত বৈশ্বিক কৌশলগত অংশীদাৰিত্ব আছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এক পোষ্টত লিখিছে।
শুকুৰবাৰে ট্ৰাম্পে ভাৰত-আমেৰিকাৰ সম্পৰ্কক অতি বিশেষ সম্পৰ্ক বুলি আখ্যা দিয়ে আৰু তেওঁ আৰু প্ৰধানমন্ত্ৰী মোদী সদায় বন্ধুত্বপূৰ্ণ হৈ থাকিব বুলি দৃঢ়তাৰে কয়। অৱশ্যে ভাৰতৰ ৰাছিয়াৰ তেল আমদানিৰ কথা উল্লেখ কৰি এই মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীয়ে কি কৰি আছে, বুলি উল্লেখ কৰি তাক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে।
ট্ৰাম্পে লগতে কয়, "প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আমাৰ বন্ধুত্ব সদায় থাকিব। তেওঁ এজন মহান প্ৰধানমন্ত্ৰী। মই সদায় বন্ধু হৈ থাকিম, কিন্তু এই বিশেষ মুহূৰ্তত তেওঁ যি কৰি আছে, সেয়া মোৰ ভাল লগা নাই। কিন্তু ভাৰত আৰু আমেৰিকাৰ মাজত এক অতি বিশেষ সম্পৰ্ক আছে।"
ভাৰতৰ সৈতে বাণিজ্যিক আলোচনা ভালদৰে চলি আছে বুলিও উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্প প্ৰশাসনে ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত গৌণ শুল্ক আৰোপ কৰাৰ পিছত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক যোৱা কেইসপ্তাহমানৰ পৰা তিক্ত হৈ পৰিছিল। ভাৰতীয় ৰপ্তানিৰ ওপৰত আমেৰিকাৰ শুল্ক এতিয়া ৫০ শতাংশৰ ওপৰত আৰোপ কৰা হৈছে, যিটো ব্ৰাজিলৰ বাহিৰেও ট্ৰাম্পে তেওঁৰ নতুন তালিকা অনুসৰি আৰোপ কৰা সৰ্বোচ্চ শুল্ক। ভাৰতে এই পদক্ষেপক অন্যায় আৰু অযুক্তিকৰ বুলি অভিহিত কৰি গৰিহণা দিছিল।
চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ সৈতে নিজৰ তিক্ত সম্পৰ্কৰ মাজতে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাল সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰে।