বিশ্বৰ নেতাৰ তালিকাত পুনৰ শীৰ্ষস্থান দখল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Story by  atv | Posted by  [email protected] • 7 Months ago
প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী

মৰ্নিং কনছাল্টৰ এক সমীক্ষা অনুসৰি ৭৬ শতাংশ অনুমোদন ৰেটিং লাভ কৰি বিশ্বৰ নেতাসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰামৰ্শদাতা প্ৰতিষ্ঠানটোৰ ‘গ্ল’বেল লিডাৰ এপ্ৰ’ভেল ৰেটিং ট্ৰেকাৰ’ৰ তথ্য অনুসৰি ভাৰতৰ ৭৬ শতাংশ লোকে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বক অনুমোদন জনোৱাৰ বিপৰীতে ১৮ শতাংশ লোকে তেওঁৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে। আনহাতে, ৬ শতাংশ লোকে মতামত দিয়াৰ পৰা বিৰত থাকে। 
 
উল্লেখযোগ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে বৃহৎ ব্যৱধান (৭৬)ত এই খিতাপ অক্ষুন্ন ৰখাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ অনুমোদন ৰেটিং লাভ কৰিছে মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰ (৬৬ শতাংশ) আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি এলেন বাৰ্চেটে (৫৮ শতাংশ)। প্ৰধানমন্ত্ৰী মোদীয়ে গ্লোবেল ৰেটিঙত শীৰ্ষস্থান দখল কৰাটো প্ৰথম কথা নহয়। একে সময়তে অন্যান্য বৃহৎ বিশ্বৰ নেতাসকলৰ অনুমোদনৰ ৰেটিং একেবাৰে সামান্য স্তৰত আছে।
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ অনুমোদন ৰেটিং ৩৭ শতাংশ, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ ৩১ শতাংশ, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ ৰেটিং ২৫ শতাংশ, আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মাত্ৰ ২৪ শতাংশ।
 
প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দী বলয়ৰ ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত শেহতীয়াকৈ অনুষ্ঠিত তিনিটা বিধানসভা নিৰ্বাচনত আকৰ্ষণীয় বিজয় সাব্যস্ত কৰাৰ পিছতে এই ৰেটিং পোৱা গৈছে।
 
২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ দলৰ বাবে ইয়াক এক বৃহৎ উত্থান হিচাপে দেখা গৈছে।