২৩ জুলাইত মালদ্বীপ, ব্ৰিটেইন ভ্ৰমণলৈ ৰাওনা হব প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  Munni Begum • 9 Months ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুলাইৰ পৰা ২৬ জুলাইলৈ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব বুলি দেওবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা কৰিছে। 
 
প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ আমন্ত্ৰণত ব্ৰিটেইন ভ্ৰমণ কৰাৰ বিপৰীতে ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ আমন্ত্ৰণত মালদ্বীপৰ ৰাজ্যিক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।  
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে চতুৰ্থ বাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণ কৰিব। তেওঁ ব্ৰিটেইনৰ সমকক্ষৰ সৈতে ভাৰত-ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত ব্যাপক আলোচনাত মিলিত হ’ব। আঞ্চলিক আৰু বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰজা তৃতীয় চাৰ্লছকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ সময়ত দুয়োপক্ষই বাণিজ্য আৰু অৰ্থনীতি, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু, স্বাস্থ্য, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্কৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰিব।
 
ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৰ আমন্ত্ৰণত ২৫ জুলাইৰ পৰা ২৬ জুলাইলৈ মালদ্বীপলৈ ৰাজ্যিক ভ্ৰমণ  কৰিব। এইটো হ’ব প্ৰধানমন্ত্ৰীৰ তৃতীয়টো মালদ্বীপ ভ্ৰমণ, আৰু ড০ মহম্মদ মুইজুৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত কোনো ৰাষ্ট্ৰ বা চৰকাৰৰ মুৰব্বীৰ মালদ্বীপ ভ্ৰমণৰ প্ৰথমটো ভ্ৰমণ হ’ব। 
 
তাৎপৰ্যপূৰ্ণভাৱে ২০২৫ চনৰ ২৬ জুলাইত মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনত ‘মান্য অতিথি’ হিচাপে পৰিগণিত হ’ব প্ৰধানমন্ত্ৰী মোদী। 
 
এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ড০ মহম্মদ মুইজুক সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থৰ বিষয়ত আলোচনা কৰিব। ২০২৪ চনৰ অক্টোবৰ মাহত মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত গ্ৰহণ কৰা ‘ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্ব’ৰ বাবে ভাৰত-মালদ্বীপৰ যুটীয়া দৃষ্টিভংগী ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বুজ ল’ব দুয়োগৰাকী নেতাই।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত এই কথাত গুৰুত্ব আৰোপ কৰা হৈছে যে, এই ভ্ৰমণে ভাৰতৰ ‘চুবুৰী প্ৰথম’ নীতি আৰু দৃষ্টিভংগী মহাসাগৰত বিশেষ স্থান দখল কৰি থকা সামুদ্ৰিক প্ৰতিবেশী দেশ মালদ্বীপৰ প্ৰতি ভাৰতে যি গুৰুত্ব প্ৰদান কৰিছে, সেই গুৰুত্ব প্ৰতিফলিত কৰিছে। এই ভ্ৰমণে দুয়োপক্ষৰ বাবে ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক গভীৰ আৰু সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব।