ইৰানৰ আভ্যন্তৰীণ বিষয়ক লৈ ট্ৰাম্পৰ স্থিতিক কঠোৰ সমালোচনা ৰাছিয়াৰ

Story by  atv | Posted by  [email protected] • 3 h ago
ইৰানৰ আভ্যন্তৰীণ বিষয়ক লৈ ট্ৰাম্পৰ স্থিতিক কঠোৰ সমালোচনা ৰাছিয়াৰ
ইৰানৰ আভ্যন্তৰীণ বিষয়ক লৈ ট্ৰাম্পৰ স্থিতিক কঠোৰ সমালোচনা ৰাছিয়াৰ
 
নতুন দিল্লী
 
ইৰানৰ পৰিস্থিতি ক্ৰমান্বয়ে অধিক অৱনতি ঘটিছে। বিগত দিনকেইটাত শ শ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। ইৰানত চৰকাৰ বিৰোধী প্ৰতিবাদৰ দমনৰ পিছত এতিয়ালৈকে প্ৰায় ২০০০ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ইৰানৰ নেতা আয়াতুল্লাহ আলী খামেনেইৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলি সমৰ্থন জনাইছে প্ৰতিবাদকাৰীসকলক।
 
শেহতীয়াকৈ ট্ৰাম্পে প্ৰতিবাদকাৰীসকলক প্ৰতিবাদ অব্যাহত ৰখাৰ বাবে উচতনি প্ৰদান কৰি কয়, ‘‘ইৰানৰ দেশ প্ৰেমিকসকল, প্ৰতিবাদ অব্যাহত ৰাখক। আপোনালোকৰ সহায়ৰ বাবে আমি সদায়েই প্ৰস্তুত’’। ইৰানৰ আভ্যন্তৰীণ ৰাজনীতিত আমেৰিকাৰ এনে স্থিতিক গৰিহণা দিছে ৰাছিয়াই। 
 
ৰাছিয়াই আমেৰিকাক উদ্দেশ্যি কয় যে, ইৰানৰ বিৰুদ্ধে নতুন সামৰিক আক্ৰমণৰ ভাবুকি সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ে এক বিবৃতিত কয় যে, মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ইয়াৰ দ্বাৰা বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত হ’ব পৰা বিধ্বংসী পৰিণতিৰ বিষয়ে আমেৰিকা সচেতন হোৱা উচিত।
 
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ে কয় যে, ২০২৫ চনৰ জুন মাহত ইৰানৰ বিৰুদ্ধে আক্ৰমণৰ পুনৰাবৃত্তিৰ অজুহাত হিচাপে অশান্তিৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰাসকলে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু বিশ্ব আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এনে কাৰ্যৰ বিপৰ্যয়জনক পৰিণতিৰ বিষয়ে সচেতন হোৱা উচিত।
 
ইফালে, প্ৰতিবাদকাৰীৰ হত্যা বন্ধ নোহোৱালৈকে ইৰানৰ বিষয়াসকলৰ সৈতে হোৱা সকলো আলোচনা ট্ৰাম্পে স্থগিত ৰাখিছে।