প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ ছৌদি আৰবৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
ৰুমী আলকাহতানী
ৰুমী আলকাহতানী
 
নতুন দিল্লী 
 
ইছলামিক দেশখনৰ প্ৰথম প্ৰতিনিধি হিচাপে ৰুমী আলকাহতানীৰ সৈতে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত আনুষ্ঠানিকভাৱে যোগদান কৰে ছৌদি আৰবে। ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমান আল ছৌদৰ অধীনত ছৌদি আৰৱৰ বাবে এয়া আন এক পদক্ষেপ।
 
২৭ বছৰীয়া মডেল ৰুমী আলকাহতানীয়ে সোমবাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত দেশৰ পৰা প্ৰথমগৰাকী অংশগ্ৰহণকাৰী হ’ব। ইনষ্টাগ্ৰামত ৰুমীয়ে লিখিছে যে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ছৌদি আৰবে প্ৰথম অংশগ্ৰহণ।
 
এইবাৰ ছৌদি আৰবে মিছ ইউনিভাৰ্ছ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি দ্য খালিজ টাইমছ আৰু এবিচি নিউজে প্ৰকাশ কৰিছে। ছৌদি আৰবৰ ৰাজধানী ৰিয়াদৰ পৰা অহা আলকাহতানীয়ে কেইসপ্তাহমানৰ আগতে মালয়েছিয়াত অনুষ্ঠিত হোৱা মিছ এণ্ড মিচেছ গ্ল’বেল এছিয়ানত শেহতীয়াকৈ অংশগ্ৰহণ কৰাকে ধৰি বিশ্বব্যাপী সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পৰিচিত।
 
আৰব নিউজৰ বাতৰি অনুসৰি ৰুমী আলকাহতানীয়ে কয় যে মোৰ অৱদান হৈছে বিশ্ব সংস্কৃতিৰ বিষয়ে জানিবলৈ আৰু আমাৰ প্ৰামাণিক চৌদি সংস্কৃতি আৰু ঐতিহ্যক বিশ্বদৰবাৰলৈ লৈ যোৱা।
 
মিছ চৌদি আৰৱৰ মুকুট পৰিধান কৰাৰ উপৰিও তেওঁ মিছ মিডল ইষ্ট (চৌদি আৰব), মিছ আৰব ৱৰ্ল্ড পিছ ২০২১ আৰু মিছ উইমেন (চৌদি আৰব)ৰ খিতাপ লাভ কৰিছে। যোৱা বছৰ মিছ নিকাৰাগুয়া শ্বেইনিছ পেলাচিঅ’ছক মিছ ইউনিভাৰ্ছ ২০২৩ৰ মুকুট লাভ কৰিছিল।     
 
ইনষ্টাগ্ৰামত এক মিলিয়ন আৰু এক্সত (পূৰ্বৰ টুইটাৰ) প্ৰায় দুহাজাৰ অনুগামী থকা ৰিয়াদত জন্মগ্ৰহণ কৰা মডেল আৰু কন্টেন্ট ক্ৰিয়েটৰগৰাকীয়ে আগন্তুক মিছ ইউনিভাৰ্ছ ২০২৪ প্ৰতিযোগিতাত চৌদি আৰৱক প্ৰতিনিধিত্ব কৰাৰ বাবে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে উত্তেজনা প্ৰকাশ কৰে। 
 
আল-কাহতানীয়ে এটা পোষ্টত কয়, "মালয়েছিয়াত অনুষ্ঠিত হোৱা মিছ এছিয়া ইণ্টাৰনেশ্যনেল ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মই সন্মানিত হৈছো।"