আমেৰিকাত হোৱাইট হাউচত গুলীচালনা; আহত তিনিজন

Story by  atv | Posted by  [email protected] • 20 h ago
আমেৰিকাত হোৱাইট হাউচত গুলীচালনা; আহত তিনিজন
আমেৰিকাত হোৱাইট হাউচত গুলীচালনা; আহত তিনিজন
 
নতুন দিল্লী
 
আমেৰিকাৰ হোৱাইট হাউচত হাহাকাৰ। বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখনৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাসস্থানৰ পৰা মাত্ৰ কেইগজমান দূৰত্বত সংঘটিত হৈছে গুলীচালনা। ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউছৰ পৰা মাত্ৰ অলপ দূৰত সংঘটিত হয় এই গুলীচালনা।
 
এই গুলীচালনাৰ ঘটনাত কমেও তিনিজন লোক আহত হয়, য’ত নেশ্যনেল গাৰ্ডৰ দুজন সদস্যও আছে। স্থানীয় সময় অনুসৰি দুপৰীয়া ২:৩০ বজাত হোৱাইট হাউচৰ সমীপত সংঘটিত হয় এই ঘটনা। আহত নেশ্যনেল গাৰ্ডৰ সদস্য দুজনক পৃথকে পৃথকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
 
পশ্চিম ভাৰ্জিনিয়াৰ গৱৰ্ণৰ পেট্ৰিক মৰিছে প্ৰথমে টুইটাৰত পোষ্ট কৰিছিল যে নেশ্যনেল গাৰ্ডৰ দুজন সদস্যৰ মৃত্যু হৈছে। অৱশ্যে পিছত তেওঁ নিজৰ পোষ্টটো ডিলিট কৰে।
 
উল্লেখযোগ্য যে, মেট্ৰ’পলিটান আৰক্ষী বিভাগে প্ৰকাশ কৰা অনুসৰি হোৱাইট হাউছৰ সমীপত এই গুলীচালনা সংঘটিত হয়। ঘটনাৰ লগে লগে অঞ্চলটোত আৰক্ষীৰ মোতায়েন কৰা হয়। এছাল্ট ৰাইফল লৈ সজ্জিত আৰক্ষী কেইবাটাও ব্লকত বিয়পি পৰে আৰু সমগ্ৰ অঞ্চলটো ছীল কৰে। পথ বন্ধ কৰি দিয়া হয়, অসংখ্য আৰক্ষীৰ বাহন আৰু এম্বুলেন্স সেই স্থানত উপস্থিত হয় আৰু তদন্তকাৰী দল সক্ৰিয় কৰা হয়।
 
ইফালে এই ঘটনা সংঘটিত কৰা শ্বুটাৰজনক চিনাক্ত কৰা হৈছে। আইন প্ৰয়োগকাৰী সংস্থাৰ মতে আক্ৰমণকাৰীজন ৱাশ্বিংটন অঞ্চলৰ বাসিন্দা নহয়। বৰ্তমান আক্রমণকাৰীজন জিম্মাত আছে আৰু জেৰা অব্যাহত ৰখা হৈছে। এই ঘটনাৰ আঁৰৰ উদ্দেশ্যৰ তদন্তও অব্যাহত ৰাখিছে কৰ্তৃপক্ষই।