ভাৰতৰ বাবে মুকলি হ’ল হৰমুজ প্ৰণালী; ৫খন ৰাষ্ট্ৰ'ই সন্মুখীন নহয় কোনো বাধাৰ

Story by  atv | Posted by  [email protected] • 1 h ago
ভাৰতৰ বাবে মুকলি হ’ল হৰমুজ প্ৰণালী
ভাৰতৰ বাবে মুকলি হ’ল হৰমুজ প্ৰণালী
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ইৰানে ঘোষণা কৰিছে যে হৰমুজ প্ৰণালীত ভাৰতসহ পাঁচখন মৈত্ৰীপূৰ্ণ দেশৰ জাহাজৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ অৱৰোধ আৰোপ নকৰে। ভাৰতৰ উপৰিও ৰাছিয়া, চীন, পাকিস্তান আৰু ইৰাকৰ জাহাজসমূহক এই সংঘৰ্ষজৰ্জৰ গুৰুত্বপূৰ্ণ জলপথেৰে নিৰাপদে যাতায়ত কৰাৰ অনুমতি দিয়া হৈছে।
 
ইৰানৰ চৰকাৰী টেলিভিছনক দিয়া এক সাক্ষাৎকাৰত দেশখনৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচীয়ে কয় যে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰা হোৱা নাই। ইৰানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা কেইবাখনো দেশৰ জাহাজক ইয়াৰ মাজেৰে পাৰ হৈ যাবলৈ অনুমতি দিয়া হৈছে।
 
ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি আৰাঘচীয়ে কয়, "বহুতো জাহাজৰ মালিকে বা এই জাহাজসমূহৰ গৰাকী দেশসমূহে আমাৰ সৈতে যোগাযোগ কৰিছে আৰু প্ৰণালীটোৰ মাজেৰে তেওঁলোকৰ নিৰাপদ যাতায়ত নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে। যিবোৰ দেশক আমি বন্ধু হিচাপে গণ্য কৰোঁ বা আন কিছুমান কাৰণত যিবোৰৰ ক্ষেত্ৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, সেই দেশসমূহক আমাৰ সশস্ত্ৰ বাহিনীয়ে নিৰাপদ যাতায়তৰ সুবিধা কৰি দিছে।"
 
তেওঁ লগতে কয়, "আপোনালোকে বাতৰিত দেখিছেই: চীন, ৰাছিয়া, পাকিস্তান, ইৰাক আৰু ভাৰত। কেইদিনমান আগতে ভাৰতৰ দুখন জাহাজ পাৰ হৈ গৈছে, লগতে আন কিছুমান দেশ আৰু মোৰ বোধেৰে বাংলাদেশৰ জাহাজো পাৰ হৈছে। এই দেশসমূহে আমাৰ সৈতে কথা পাতিছে আৰু সমন্বয় ৰক্ষা কৰিছে। যুদ্ধৰ পিছতো ভৱিষ্যতে এই ধাৰা অব্যাহত থাকিব।"
 
অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু বৰ্তমানৰ মধ্যপ্ৰাচ্যৰ সংঘৰ্ষত ভূমিকা পালন কৰা উপসাগৰীয় দেশসমূহৰ জাহাজক এই যুদ্ধবিধ্বস্ত জলপথেৰে পাৰ হ’বলৈ অনুমতি (সেউজ সংকেত) দিয়া নহ’ব।
 
'শত্ৰু দেশ'ৰ জাহাজসমূহৰ বিষয়ে ক’বলৈ গৈ আৰাঘচীয়ে কয়, "আমি এতিয়া যুদ্ধকালীন অৱস্থাত আছোঁ। এই অঞ্চলটো এটা যুদ্ধক্ষেত্ৰ আৰু আমাৰ শত্ৰু তথা তেওঁলোকৰ মিত্ৰশক্তিৰ জাহাজক ইয়াৰ মাজেৰে যাবলৈ দিয়াৰ কোনো কাৰণ নাই। কিন্তু আন দেশৰ বাবে এই পথ মুকলি থাকিব।"
 
প্ৰায় পাঁচ দশকৰ পাছত হৰমুজ প্ৰণালীৰ ওপৰত ইৰাণে দেখুওৱা কৰ্তৃত্বক লৈও আৰাঘচীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে যেতিয়া ইৰাণে আংশিক অৱৰোধৰ কথা ঘোষণা কৰিছিল, তেতিয়া বিশ্বৰ বহুতৰে বিশ্বাস হোৱা নাছিল আৰু তেওঁলোকে ইয়াক এটা ফাঁকি বুলি ভাবিছিল। কিন্তু সময়ৰ লগে লগে ইৰানে হৰমুজ প্ৰণালীৰ ওপৰত নিজৰ শক্তি আৰু ক্ষমতা প্ৰদৰ্শন কৰিলে।
 
আৰাঘচীয়ে উল্লেখ কৰে যে, "তেওঁলোকে ভাবিছিল ইৰাণৰ এনে কাম কৰাৰ সাহস নাই। কিন্তু আমি শক্তিৰে সেয়া কৰি দেখুৱালোঁ। তেওঁলোকে ইয়াক বন্ধ কৰিবলৈ সকলো সামৰ্থ্য প্ৰয়োগ কৰিছিল, কিন্তু ব্যৰ্থ হ’ল। আনকি তেওঁলোকে আন দেশৰ সহায়ো বিচাৰিছিল। যিসকলক তেওঁলোকে নিজে শত্ৰু বুলি ভাবে, তেওঁলোককো এই জলপথটো পুনৰ মুকলি কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু কোনেও সঁহাৰি নিদিলে, কাৰণ এয়া সম্ভৱপৰ নহয়।"
 
হৰমুজ প্ৰণালীত আচলতে কি ঘটিছিল?
 
ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া সামৰিক অভিযানৰ কেইদিনমানৰ পাছত ইৰানৰ ইছলামিক ৰিভল্যুশ্যনেৰী গাৰ্ড কৰ্পছৰ (IRGC) এজন জ্যেষ্ঠ বিষয়াই হৰমুজ প্ৰণালী আংশিকভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল।
 
বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, এই অৱৰোধৰ ফলত বিশ্বজুৰি এক শক্তি সংকটৰ সৃষ্টি হৈছিল। এই জলপথটো বিশ্বৰ অন্যতম ব্যস্ত তেল পৰিবহণ পথ, যাৰ মাজেৰে বিশ্বৰ প্ৰায় ২০ শতাংশ তেল আৰু তৰলীকৃত প্ৰাকৃতিক গেছ (LNG) পৰিবহণ কৰা হয়। এই অৱৰোধৰ ফলত বিশ্ববজাৰত তেল আৰু গেছৰ মূল্য বৃদ্ধি পায়, যাৰ দ্বাৰা কেইবাখনো দেশ প্ৰভাৱিত হয়।
 
এই সামুদ্ৰিক বাধাৰ ফলত ভাৰতত তৰলীকৃত পেট্ৰ’লিয়াম গেছৰ (LPG) নাটনিৰ সৃষ্টি হৈছিল, কাৰণ ভাৰতে ইয়াৰ মুঠ এলপিজিৰ প্ৰায় ৯০ শতাংশ এই প্ৰণালীটোৰ মাজেৰেই আমদানি কৰে। এই নাটনিয়ে ক্ষুদ্ৰ পথৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি ৰেষ্টুৰেণ্টৰ মালিকলৈকে এক বিশাল সংখ্যক লোকক জুৰুলা কৰিছিল।
 
অৱশ্যে অলপতে পৰিস্থিতিৰ উন্নতি ঘটে। এলপিজি লৈ হৰমুজ প্ৰণালীত আৱদ্ধ হৈ থকা 'নন্দা দেৱী' আৰু 'শিৱালিক'কে ধৰি কেইবাখনো জাহাজক পাৰ হৈ যোৱাৰ অনুমতি দিয়া হয়। এই জাহাজসমূহ কেইসপ্তাহমান আগতে ভাৰতত উপস্থিত হৈছে।