বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিছৰ মূৰব্বী যুদ্ধত নিহত, নতুন মূৰব্বীৰ নাম ঘোষণা

Story by  atv | Posted by  [email protected] • 1 Years ago
আবু হাছান আল-হাছিমি নিহত হোৱা সংঘৰ্ষস্থলীৰ দৃশ্য
আবু হাছান আল-হাছিমি নিহত হোৱা সংঘৰ্ষস্থলীৰ দৃশ্য
লেবানন

ইছলামিক ষ্টেটৰ জেহাদী গোট আইছিছে বুধবাৰে কয় যে তেওঁলোকৰ নেতা আবু হাছান আল-হাছিমি আল-কুৰাছী যুদ্ধত নিহত হৈছে আৰু ইয়াৰ সলনি এজন নতুন মূৰব্বীক তেওঁলোকে নিৰ্বাচিত কৰিছে। সংগঠনটোৱে অৱশ্যে আবু হাছান আল-হাছিমিৰ মৃত্যুৰ তাৰিখ বা পৰিস্থিতিৰ বিষয়ে বিশদভাৱে জনোৱা নাই। 
 
এটা অডিঅ’ বাৰ্তাযোগে ভাষণ দি আইছিছৰ মুখপাত্ৰ এগৰাকীয়ে গোটটোৰ নতুন নেতাজনক আবু আল হুছেইন আল হুছেইনী আল কুৰাছি বুলি ঘোষণা কৰে। মুখপাত্ৰগৰাকীয়ে নতুন নেতাজনৰ বিষয়ে সবিশেষ জনোৱা নাই যদিও তেওঁ এজন "অভিজ্ঞ" জেহাদী বুলি কয় আৰু আই এছৰ প্ৰতি আনুগত্যশীল সকলো গোটক আনুগত্য প্ৰকাশ কৰিবলৈ আহ্বান জনায়।
 
উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ ছিৰিয়াৰ ইডলিব প্ৰদেশত আমেৰিকাৰ অভিযানত নিহত হৈছিল আই এছৰ পূৰ্বৰ নেতা আবু ইব্ৰাহিম আল কুৰাছী। তেওঁৰ পূৰ্বসূৰী আবু বকৰ আল বাগদাদীক ২০১৯ চনৰ অক্টোবৰ মাহত ইডলিবতে হত্যা কৰা হৈছিল।