নতুন দিল্লী
ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু যোগান শৃংখলাৰ বিপদাশংকাৰ দোহাই দি 'চেকচন ২৩২' তদন্তৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পেটেণ্টযুক্ত ফাৰ্মাচিউটিকেল (ঔষধি) আমদানিৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ যি সিদ্ধান্ত লৈছে, তাৰ ফলত ভাৰতত এক মিশ্ৰিত প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।
ভাৰতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, এই ঘোষণাপত্ৰত স্পষ্ট কৰি দিয়া হৈছে যে জেনেৰিক দৰবসমূহ—যিটো খণ্ডত ভাৰতীয় কোম্পানীসমূহে বিশ্বজুৰি আধিপত্য বিস্তাৰ কৰি আছে—সেইবোৰক "বৰ্তমানৰ বাবে" ৰেহাই দিয়া হৈছে। লগতে কোৱা হৈছে যে এনে সামগ্ৰীসমূহ "চেকচন ২৩২ শুল্কৰ অধীনত নপৰিব।"
ভাৰতৰ বাবে ইয়াৰ প্ৰভাৱ মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে। নিকট ভৱিষ্যতে, জেনেৰিক দৰবৰ এই ৰেহাইয়ে এক সুৰক্ষা কৱচ প্ৰদান কৰিব, যাৰ ফলত আমেৰিকাৰ সৈতে ভাৰতৰ ঔষধ বাণিজ্যৰ মূল ভেটিস্বৰূপ কম খৰচী ঔষধৰ ৰপ্তানি অব্যাহত থাকিব। আমেৰিকাৰ জেনেৰিক বজাৰৰ এক বুজন অংশ দখল কৰি থকা ভাৰতীয় দৰব নিৰ্মাতাসকলে তাৎক্ষণিকভাৱে কোনো বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নাই।
হোৱাইট হাউছৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থা ANI-ক কয়, "ভাৰতীয় ফাৰ্মাচিউটিকেল ৰপ্তানিৰ সৰহভাগেই হৈছে জেনেৰিক দৰব আৰু সেইবোৰক শুল্কৰ পৰা ৰেহাই দিয়া হৈছে। অৱশ্যে বাণিজ্য বিভাগে জেনেৰিক দৰবৰ উৎপাদন নিজ দেশলৈ ওভতাই অনাৰ (reshoring) স্থিতি পৰ্যালোচনা কৰিব আৰু সেই অনুসৰি শুল্কৰ পুনৰ মূল্যায়ন কৰিব।"
এই সকলোবোৰৰ পাছতো, দীৰ্ঘম্যাদী পৰিণাম অধিক জটিল হ’ব পাৰে। পেটেণ্টযুক্ত দৰব আৰু এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েন্টছ (API) ৰ ওপৰত আৰোপ কৰা এই অত্যধিক শুল্কই বিশ্বজুৰি যোগান শৃংখলাত প্ৰভাৱ পেলাব পাৰে, য’ত ভাৰতীয় কোম্পানীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে—বিশেষকৈ চুক্তিভিত্তিক উৎপাদন (contract manufacturing) আৰু বহুজাতিক ঔষধ কোম্পানীসমূহক মধ্যৱৰ্তী কেঁচামাল যোগান ধৰাৰ ক্ষেত্ৰত।
হোৱাইট হাউছৰ বিষয়াজনে স্পষ্ট কৰি দিয়ে যে, "পেটেণ্টযুক্ত সামগ্ৰীৰ ক্ষেত্ৰত ১০০ শতাংশ শুল্ক প্ৰযোজ্য হ’ব। যিবোৰ কোম্পানীয়ে নিজৰ উৎপাদন আমেৰিকালৈ স্থানান্তৰ কৰাৰ পৰিকল্পনাৰ (reshoring plan) অনুমোদন লাভ নকৰে, তেনে কোম্পানীয়ে ভাৰতৰ পৰা আমদানি কৰা যিকোনো পেটেণ্টযুক্ত দৰবৰ ওপৰত ১০০ শতাংশ শুল্ক ভৰিব লাগিব।"
ঘোষণাপত্ৰত দুৰ্বল যোগান শৃংখলা আৰু বিদেশী নিৰ্ভৰশীলতাৰ ওপৰত যি গুৰুত্ব দিয়া হৈছে, সেয়া এক ব্যাপক নীতিগত পৰিৱৰ্তনৰ ইংগিত। ই আমেৰিকা আৰু গোলকীয় কোম্পানীসমূহক ভাৰতৰ দৰে প্ৰতিষ্ঠিত কেন্দ্ৰসমূহৰ পৰা উৎপাদন আঁতৰাই নিবলৈ উৎসাহিত কৰিব পাৰে।
একে সময়তে, উৎপাদন আৰু গৱেষণা তথা উন্নয়ন (R&D) আমেৰিকালৈ লৈ যোৱাৰ সৈতে জড়িত উদগনিমূলক আঁচনিসমূহে ভৱিষ্যতৰ বিনিয়োগক আমেৰিকাৰ দিশে ধাবিত কৰিব পাৰে। ই সম্ভৱতঃ ভাৰতৰ ফাৰ্মাচিউটিকেল খণ্ডত হ’বলগীয়া মূলধনৰ প্ৰৱাহতো প্ৰভাৱ পেলাব।
এই শুল্কসমূহ ২০২৬ চনৰ জুলাই আৰু ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ’ব আৰু আমেৰিকা প্ৰশাসনে সংশোধন নকৰালৈকে এইয়া বাহাল থাকিব।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘোষণাপত্ৰত উল্লেখ কৰা হৈছে যে "ফাৰ্মাচিউটিকেল আৰু সংশ্লিষ্ট এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েন্টছ (APIs)... এনে পৰিমাণত আৰু এনে পৰিস্থিতিত আমদানি কৰা হৈছে যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তাক বিঘ্নিত কৰাৰ ভাবুকি কঢ়িয়াই আনিছে।"
ঘোষণাপত্ৰত আলোকপাত কৰা হৈছে যে "ঘৰুৱাভাৱে বিতৰণ কৰা পেটেণ্টযুক্ত ফাৰ্মাচিউটিকেল সামগ্ৰীৰ প্ৰায় ৫৩ শতাংশ দেশৰ বাহিৰত উৎপাদিত হয়," আনহাতে মাত্ৰ "১৫ শতাংশ পেটেণ্টযুক্ত API (পৰিমাণৰ হিচাপত)" দেশৰ ভিতৰত নিৰ্মাণ কৰা হয়।
ইয়াত সতৰ্ক কৰি দিয়া হৈছে যে এনে নিৰ্ভৰশীলতাই "বিশ্বব্যাপী যোগান শৃংখলাত ব্যাঘাত জন্মিলে জীৱন ৰক্ষাকাৰী ঔষধৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰৱেশাধিকাৰ সীমিত কৰিব পাৰে।"
নতুন নীতিৰ অধীনত, "পেটেণ্টযুক্ত ঔষধ আৰু সংশ্লিষ্ট ঔষধৰ উপাদানসমূহৰ আমদানিৰ ওপৰত ১০০ শতাংশ এড ভেলোৰেম (ad valorem) শুল্কৰ হাৰ প্ৰযোজ্য হ’ব।" যিবোৰ কোম্পানীয়ে আমেৰিকালৈ উৎপাদন স্থানান্তৰ কৰিবলৈ সন্মত হ’ব, তেওঁলোকে সাময়িক সকাহ পাব। প্ৰথম অৱস্থাত তেওঁলোকৰ বাবে শুল্ক ২০ শতাংশলৈ হ্ৰাস কৰা হ’ব, যদিও "সেই হাৰ চাৰি বছৰৰ ভিতৰত ১০০ শতাংশলৈ বৃদ্ধি পাব।"
আমেৰিকা প্ৰশাসনে জোৰ দি কৈছে যে কেন্সাৰ, বিৰল ৰোগ, অটোইমিউন ডিছঅৰ্ডাৰ, সংক্ৰামক ৰোগ আৰু অন্যান্য জটিল স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ চিকিৎসাৰ বাবে পেটেণ্টযুক্ত ঔষধসমূহ "অত্যন্ত গুৰুত্বপূৰ্ণ"। লগতে যুক্তি দিয়া হৈছে যে "ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু জনস্বাস্থ্যৰ নিৰাপত্তা বজাই ৰাখিবলৈ এক স্বাৱলম্বী ঘৰুৱা উৎপাদন আৰু ঔদ্যোগিক ভেটিৰ প্ৰয়োজন।"