নতুন দিল্লী
মধ্যপ্ৰাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধই উত্তেজনা বৃদ্ধি কৰিছে। ইৰানে প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে, যিয়ে দুয়োখন দেশৰ বাবে এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। শুকুৰবাৰে ইৰাণে মধ্য ইৰাণৰ ওপৰেৰে লক্ষ্য কৰি লোৱা আমেৰিকাৰ এখন এফ-১৫ই যুদ্ধ বিমান ভূপতিত কৰে। বিমানখনত থকা পাইলট দুজনৰ এজনক আমেৰিকান বাহিনীয়ে উদ্ধাৰ কৰাৰ বিপৰীতে আনজন নিৰুদ্দেশ হৈ আছিল। ইয়াৰ মাজতে নিৰুদ্দেশ হোৱা পাইলটজনক উদ্ধাৰ কৰা বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে- “আমি তেওঁক বিচাৰি উলিয়ালো! মোৰ প্ৰিয় আমেৰিকান নাগৰিকসকল, যোৱা কেইঘণ্টামানৰ পৰা আমেৰিকাৰ সেনাই আমাৰ এজন অবিশ্বাস্য ক্ৰু মেম্বাৰ, এজন অতি সন্মানীয় কৰ্ণেলৰ বাবে আমেৰিকাৰ ইতিহাসৰ অন্যতম সাহসী অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাইছিল আৰু মই আপোনালোকক ক’বলৈ পাই ৰোমাঞ্চিত হৈছো যে তেওঁ এতিয়া নিৰাপদ আৰু সুস্থ !”
তেওঁ আৰু কয়, ‘এই সাহসী যোদ্ধাজন ইৰাণৰ দুৰ্গম পাহাৰত আঁৰত আছিল, প্ৰতি ঘণ্টাত ওচৰ চাপি অহা আমাৰ শত্ৰুৱে খেদি ফুৰিছিল, কিন্তু তেওঁ কেতিয়াও সম্পূৰ্ণৰূপে অকলশৰীয়া নাছিল কাৰণ তেওঁৰ কমাণ্ডাৰ ইন চিফ, যুদ্ধ সচিব, যুটীয়া মুখ্য সেনাধ্যক্ষৰ অধ্যক্ষ আৰু সহযোগী যোদ্ধাসকলে তেওঁৰ অৱস্থাক ২৪ ঘণ্টাই নিৰীক্ষণ কৰি আছিল আৰু তেওঁক উদ্ধাৰৰ পৰিকল্পনা কৰিছিল।’
তেওঁ কয় যে সামৰিক ইতিহাসত প্ৰথমবাৰৰ বাবে শত্ৰুৰ ভূখণ্ডত দুজন আমেৰিকান পাইলটক পৃথকে পৃথকে উদ্ধাৰ কৰা হৈছে । তেওঁ কয়, “আমি কেতিয়াও আমেৰিকাৰ সৈনিকক এৰি নাযাওঁ! কোনো আমেৰিকান সৈনিক নিহত বা আহত নোহোৱাকৈ আমি এই দুয়োটা অভিযান সফলতাৰে পৰিচালনা কৰিবলৈ সক্ষম হোৱাটোৱে আকৌ এবাৰ প্ৰমাণ কৰে যে আমি ইৰাণৰ আকাশৰ ওপৰত আকাশৰ আধিপত্য আৰু শ্ৰেষ্ঠত্ব অৰ্জন কৰিছো । এইটো এনেকুৱা এটা মুহূৰ্ত যিটোৰ বাবে সকলো আমেৰিকান, সেয়া ৰিপাব্লিকান, ডেম’ক্ৰেট, বা আন কোনোবাই হওক, গৌৰৱান্বিত আৰু একত্ৰিত হোৱা উচিত।”