কাঠমাণ্ডু
নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে দেওবাৰে কয় যে, যোৱা সপ্তাহত চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা ধ্বংসলীলাত জড়িতসকলক ন্যায়ৰ আওঁতালৈ অনা হ’ব কাৰণ তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিয়ে তিনিজন মন্ত্ৰী নিযুক্তি দিছে।
নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ৭৩ বছৰীয়া কাৰ্কীয়ে ঘোষণা কৰে যে, ‘জেন জি’ প্ৰতিবাদৰ সময়ত নিহত হোৱাসকলক শ্বহীদ ঘোষণা কৰা হ’ব আৰু তেওঁলোকৰ পৰিয়ালক নেপালী টকা ১০ লাখকৈ প্ৰদান কৰা হ’ব।
সামাজিক মাধ্যমত নিষেধাজ্ঞা আৰু অভিযোগ কৰা দুৰ্নীতিৰ বিৰুদ্ধে জেন জি গোটৰ নেতৃত্বত ব্যাপক চৰকাৰ বিৰোধী প্ৰতিবাদৰ পিছত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ হঠাতে পদত্যাগ কৰে, ইয়াৰ পিছতে দেশখনত ৰাজনৈতিক অনিশ্চয়তাৰ দিনৰ অন্ত পেলাই ১২ ছেপ্টেম্বৰত শপত গ্ৰহণ কৰে কাৰ্কীয়ে।
দেওবাৰে সন্ধিয়া কুলমান ঘিছিং, ৰামেশ্বৰ খানাল আৰু ওম প্ৰকাশ আৰিয়ালক প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি পৌডেলে মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। সোমবাৰে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব তিনিওজন কেবিনেট মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান।
নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক ঘিছিঙক ভৌতিক আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্ৰালয় আৰুনগৰ উন্নয়ন মন্ত্ৰালয় আৰু শক্তি মন্ত্ৰালয়ৰ নেতৃত্ব প্ৰদান কৰা হব, প্ৰাক্তন বিত্ত সচিব খানালক বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতেএজন অধিবক্তা আৰু দুৰ্নীতি বিৰোধী কৰ্মী আৰিয়ালক আইন আৰু গৃহ পৰিক্ৰমা বিভাগৰ দায়িত্ব দিয়া হব।
লগতে দেওবাৰে জ্যেষ্ঠ অধিবক্তা সবিতা ভাণ্ডাৰীক নেপাল চৰকাৰৰ এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি দিয়া হয় আৰু তেওঁ এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে বৰ্তমানৰ ৰমেশ বাদলৰ পদত্যাগৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্কীৰ পৰামৰ্শ অনুসৰি ভাণ্ডাৰীক ৰাষ্ট্ৰীয় তথ্য আয়োগৰ প্ৰাক্তন তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিয়ে।
৯ ছেপ্টেম্বৰত হিংসাত্মক প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত জুই লগোৱাৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো সিংদুৱাৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গৃহ মন্ত্ৰালয় ভৱনলৈ স্থানান্তৰিত কৰিছে। পুৱা ১১ বজাত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সচিব আৰু চৰকাৰী উচ্চপদস্থ বিষয়াৰ বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী কাৰ্কীয়ে কয় যে, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ হিংসা আৰু ধ্বংসৰ লগত জড়িতসকলক ন্যায়ৰ আওঁতালৈ অনা হ’ব।
৯ ছেপ্টেম্বৰৰ প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা অগ্নিসংযোগ আৰু চৰকাৰী সম্পত্তি লণ্ড-ভণ্ড কৰাৰ পূৰ্ব পৰিকল্পিত আছিল আৰু জেন জি প্ৰতিবাদকাৰীসকল এনে কাৰ্যত জড়িত নাছিল বুলিও তেওঁ মন্তব্য কৰিছে। যি ধৰণৰ অগ্নিসংযোগ আৰু ধ্বংশলীলা সংঘটিত হৈছে সেয়া অপৰাধমূলক কাণ্ড। এই কাম সংগঠিতভাৱে সম্পন্ন কৰা হৈছিল। দোষীসকলক উপযুক্ত শাস্তি বিহা হব বুলিও কাৰ্কীয়ে উল্লেখ কৰি।
মুখ্য সচিব এক নাৰায়ণ আৰয়ালে কয় যে, আন্দোলনৰ সময়ত মৃত্যু হোৱা লোকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি পাইছে। ইয়াত ৫৯ জন প্ৰতিবাদকাৰী তিনিজন আৰক্ষী আৰু ১০ জন কয়দী আছিল।
ব্ৰিটেইন আৰু আমেৰিকাৰ বাহিৰেও কাৰ্কীৰ বাবে শুভেচ্ছা প্ৰেৰণ কৰা দেশসমূহৰ ভিতৰত চীন, জাপান, পাকিস্তান আৰু ভূটান অন্যতম।
চীনে দুয়োখন চুবুৰীয়া দেশৰ মাজত সময়োপযোগী বন্ধুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, চীনে সদায়ৰ দৰেই নেপালৰ জনসাধাৰণে স্বতন্ত্ৰভাৱে বাছি লোৱা উন্নয়নৰ পথক সন্মান কৰে।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই বেইজিঙত এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, আমি নেপালৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থানৰ পাঁচটা নীতিক প্ৰসাৰিত কৰিবলৈ, বিভিন্ন ক্ষেত্ৰত আদান-প্ৰদান আৰু সহযোগিতা বৃদ্ধি কৰিবলৈ আৰু দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক আগুৱাই নিবলৈ কাম কৰিবলৈ সাজু হৈ আছো।
ইফালে যোৱা সপ্তাহত চৰকাৰ বিৰোধী হিংসাত্মক প্ৰতিবাদৰ সময়ত বিভিন্ন কাৰাগাৰৰ পৰা পলায়ন কৰা ৩৭০০ৰো অধিক কয়দীক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে দেওবাৰে। নেপাল আৰক্ষীৰ উপ-মহাপৰিদৰ্শক বিনোদ ঘিমিৰেৰ মুখপাত্ৰই জনোৱা মতে, দেওবাৰে বিয়লিলৈকে ৩৭২৩ জন কয়দীক জেললৈ অনাৰ বিপৰীতে ১০,৩২০ জন কয়দী এতিয়াও পলাতক অৱস্থাত আছে।
একাংশ কয়দী স্বেচ্ছাই ঘূৰি অহাৰ বিপৰীতে ভাৰতলৈ পলায়ন কৰিবলৈ চেষ্টা কৰাসকলক গ্ৰেপ্তাৰ কৰাত ভাৰতীয় আৰক্ষীয়েও সহায় কৰে বুলি তেওঁ কয়।