একেখন গাড়ীত ট্ৰাম্প-পুটিন; আলোচনা হ'ল, নহ'ল যুদ্ধ বিৰতি

Story by  atv | Posted by  [email protected] • 1 d ago
একেখন গাড়ীত ট্ৰাম্প-পুটিন
একেখন গাড়ীত ট্ৰাম্প-পুটিন
 
নতুন দিল্লী
 
প্ৰায় তিনি ঘণ্টাৰ ধাৰাবাহিক আলোচনাৰ অন্তত আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠকৰ অন্ত পৰিল। আশা কৰা হৈছিল ট্ৰাম্প- পুটিনৰ এই বৈঠকে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ এক সমাধান সূত্ৰ দিব। কিন্তু নহ'ল।
 
ট্ৰাম্প আৰু পুটিনৰ বৈঠকত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সন্দৰ্ভত ল'ব পৰা নগ'ল কোনো চূড়ান্ত সিদ্ধান্ত। তথাপিও বৈঠকৰ পিছতে অনুষ্ঠিত হোৱা ৯ মিনিটৰ সংবাদ মেলত ট্ৰাম্পে সাংবাদিকৰ আগত ক’লে এই আলোচনাই যুদ্ধ বিৰতিৰ ক্ষেত্ৰত এক অগ্ৰগতি লৈছে। তেওঁ লগতে এই কথাও কয় কয় যে, শান্তি চুক্তিৰ বিষয়ে ইউক্ৰেইন আৰু নাটোৰ সদস্যৰ সৈতেও আলোচনা কৰিব লাগিব।
 
আনহাতে বৈঠকৰ পিছত পুটিনে কয়, “যুদ্ধৰ অৱসান ঘটাবলৈ প্ৰথমে এই সংঘাত আৰম্ভ কৰা বিষয়বোৰ আঁতৰাব লাগিব।”  অৱশ্যে এই বাৰ্তাও দিয়ে যে, ট্ৰাম্পৰে হোৱা আলোচনাই আমেৰিকা আৰু ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিব। যুদ্ধবিৰতিৰ এই প্ৰচেষ্টাৰ উদ্যোগ লোৱাৰ বাবে পুটিনে ট্ৰাম্পক ধন্যবাদো জনায়।
 
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও হোৱা যুদ্ধ বিৰতি সম্পৰ্কীয় আলোচনাত মস্কোৱে ইংগিত দিছিল যে ট্ৰাম্প-পুটিনৰ বৈঠকত যুদ্ধবিৰতিৰ ‘চৰ্ত’ হিচাপে ‘ভূমি বিনিময়’ৰ প্ৰস্তাৱ দিব পাৰে। কিন্তু শুকুৰবাৰে তেনে পোনপটিয়া চৰ্ত আৰোপ কৰাৰ বিপৰীতে স্পষ্ট হৈছে যুদ্ধ বিৰতি তথা স্থায়ী শান্তি, সমস্যাৰ স্থায়ী সমাধানৰ বাবে দুয়োখন দেশৰ ৰাষ্ট্ৰনেতাই পুনৰ আলোচনাত বহিব লাগিব।
 
ট্ৰাম্প আৰু পুটিন এই দুয়ো ৰাষ্ট্ৰনেতাই সেই ইংগিতেই দিলে। অৱশ্যে ট্ৰাম্পেও বৈঠকৰ পূৰ্বেই শুকুৰবাৰৰ বৈঠকতেই যে যুদ্ধ বিৰতি সম্পৰ্কীয় সমাধান সূত্ৰ উলিয়াব পাৰিব তাক দাবী কৰা নাছিল। ট্ৰাম্পেও কৈছিল এখন বৈঠকতে স্থায়ী বা চূড়ান্ত সমাধান নহ’ব। দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব।
 
এই দ্বিতীয়খন বৈঠক মস্কোত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই দ্বিতীয়খন বৈঠকহে হ’ব অতি গুৰুত্বপূৰ্ণ। পুটিনে স্পষ্ট কৰি এই কথাও কয় যে, ইউক্ৰেইন বা ৰাছিয়া কোনো এখন দেশেই শান্তি প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি নকৰে।
 
যদিও কোনো সমাধান সূত্ৰ উলিয়াব পৰা নগ’ল তথাপিও শুকুৰবাৰৰ এই বৈঠকখন ‘গঠনমূলক’ বুলি দাবী কৰা হৈছে। বৈঠকত আমেৰিকা আৰু ৰাছিয়াৰ পাৰস্পৰিক সহযোগিতাৰ বিষয়েও আলোচনা কৰা হৈছে।
 
এই বৈঠকৰ অন্তত ট্ৰাম্পে কয় যে, বৈঠকখন যোগাত্মক আছিল। বৈঠকৰ ফলাফলৰ ভিত্তিত আগবাঢ়ি যোৱাৰ সুযোগ আছে। যদিও কিছুমান বিষয়ত এতিয়াও কোনো সিদ্ধান্ত ল’ব পৰা হোৱা নাই তথাপিও আমি আশাবাদী যে অতি সোনকালে সমাধানৰ পথত উপনীত হ’ব পাৰিম।

স্মৰ্তব্য আলাস্কাত ৰাষ্ট্ৰপতি পুটিন উপস্থিত হোৱাৰ পূৰ্বেই ৰেড কাৰ্পেটেৰে সজাই তোলা হৈছিল বিমান বন্দৰ। ৰেড কাৰ্পেট গছকিয়েই আলোচনাৰ বাবে আহিছিল পুটিন। আনকি বিমান বন্দৰৰ পৰা পুটিনে ট্ৰাম্পৰ সৈতে একেখন বাহনতে উঠি আলোচনাৰ বাবে আগুৱাই গ’ল। 

পুটিনক এইদৰে ট্ৰাম্পে গুৰুত্ব আৰু সন্মান প্ৰদান কৰা বিষয়টোত নিশ্চিতভাৱে হতাশ হৈছে ইউক্ৰেইন। মন কৰিবলগীয়া যে যোৱা বুধবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি জাৰ্মানীৰ ৰাজধানী বাৰ্লিনলৈ গৈছিল।
 
তেওঁ জাৰ্মানীৰ চেন্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জৰ সৈতে সাক্ষাৎ কৰে। পিছত জেলেনস্কিয়ে বাৰ্লিনৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ভাৰ্চুৱেল বৈঠকতো মিলিত হৈছিল। এই বৈঠকত ভাৰ্ছুৱেলীয়েই উপস্থিত আছিল জাৰ্মানীৰ চেন্সেলৰ গৰাকীও।
 
ইয়াৰ উপৰিও ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু অন্যান্য ইউৰোপীয় নেতাসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। সেই ভাৰ্চুৱেল বৈঠকৰ পিছত ট্ৰাম্পে কয় যে জেলেনস্কি আৰু ইউৰোপীয় নেতাসকলৰ সৈতে তেওঁৰ বৈঠক যোগাত্মক আছিল।
 
যোৱা অক্টোবৰ মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ট্ৰাম্পে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই লক্ষ্যক লৈ শুকুৰবাৰে তেওঁ আলাস্কালৈ গৈছিল। ইয়াৰ পূৰ্বেও তেওঁ পুটিনৰ সৈতে এই সন্দৰ্ভত ফোনযোগে আলোচনাত মিলিত হৈছে।