লোহিত সাগৰত য়েমেনৰ চাৰিখন বিদ্ৰোহী ড্ৰ’নক লক্ষ্য কৰি লয় আমেৰিকাৰ সেনাই

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ৱাশ্বিংটন

ইৰাণ সমৰ্থিত হাউথী বাহিনীয়ে য়েমেনৰ লোহিত সাগৰত আমেৰিকাৰ যুদ্ধ জাহাজক লক্ষ্য কৰি নিক্ষেপ কৰা চাৰিটা ড্ৰ’ন আমেৰিকাৰ সেনাই বুধবাৰে গুলীয়াই ধ্বংস কৰে।

ইউ এছ চেণ্ট্ৰেল কমাণ্ডে টুইটাৰত এক বিবৃতিত কয়, “আমাৰ সেনা বাহিনীয়ে দুপৰীয়া প্ৰায় ২:০০ বজাত চাৰিটা দীৰ্ঘ দূৰত্বৰ মানৱবিহীন আকাশী ড্ৰ'ন গুলীয়াই ধ্বংস কৰে।” আমেৰিকাই লগতে কয় যে এই ঘটনাত কোনো লোকৰ কোনো ধৰণৰ আঘাত বা ক্ষতিৰ কোনো তথ্য নাই।

বিবৃতিটোত কোৱা হৈছে যে এই অস্ত্ৰসমূহে অঞ্চলটোৰ বাণিজ্যিক জাহাজ আৰু আমেৰিকাৰ নৌসেনাৰ জাহাজৰ বাবে ভাবুকি কঢ়িয়াই আনিছে বুলি নিৰ্ণয় কৰা হৈছিল। এই ব্যৱস্থা নৌ-পথৰ স্বাধীনতা ৰক্ষা আৰু আমেৰিকাৰ নৌসেনা আৰু বণিক জাহাজৰ বাবে আন্তঃৰাষ্ট্ৰীয় জলসীমাক সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, নৱেম্বৰ মাহত হাউথীয়ে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধৰ সময়ত পেলেষ্টাইনীসকলৰ সৈতে সংহতি প্ৰকাশ কৰি বিশ্ব বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ অঞ্চল লোহিত সাগৰত জাহাজৰ বিৰুদ্ধে ড্ৰোন আৰু মিছাইল আক্ৰমণৰ অভিযান আৰম্ভ কৰিছিল। ইয়াৰ উত্তৰত আমেৰিকা আৰু ব্ৰিটিছ বাহিনীয়ে হাউথীৰ বিৰুদ্ধে আক্ৰমণ চলাইছে আৰু তাৰ পিছত তেওঁলোকেও আমেৰিকা আৰু ব্ৰিটিছৰ স্বাৰ্থক নিজৰ লক্ষ্য হিচাপে ঘোষণা কৰিছে।


শেহতীয়া খবৰ