গাজাত অস্থায়ী যুদ্ধবিৰতিৰ আহ্বানক সমৰ্থন নকৰে আমেৰিকাই

Story by  atv | Posted by  [email protected] • 7 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নিউয়ৰ্ক

গাজাত তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতিৰ দাবীত নিৰাপত্তা পৰিষদৰ বিপুল সংখ্যক সদস্য আৰু আন বহু ৰাষ্ট্ৰৰ সমৰ্থনত ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱক আমেৰিকা যুক্তৰাষ্ট্ৰই ভেটো প্ৰদান কৰে। সংযুক্ত আৰব আমিৰশ্বাহীয়ে উত্থাপন কৰা চমু খচৰা প্ৰস্তাৱৰ সপক্ষে ১৩জন সদস্যই ভোটদান কৰাৰ বিপৰীতে ব্ৰিটেইনে ভোটদানৰ পৰা বিৰত থাকে।

ৰাষ্ট্ৰসংঘত আমেৰিকাৰ উপ-ৰাষ্ট্ৰদূত ৰবাৰ্ট উডে পৰিষদত ঘোষণা কৰে যে সামৰিক ব্যৱস্থা বন্ধ কৰিলে হামাছে শাসন অব্যাহত ৰাখিব পাৰিব আৰু পৰৱৰ্তী যুদ্ধৰ বাবে বীজ ৰোপণৰ সুযোগ পাব। ইজৰাইলত হামাছৰ আক্ৰমণক গৰিহণা দিয়াত ব্যৰ্থ হোৱাৰ বাবেও তেওঁ ৰাষ্ট্ৰসংঘক চোকা সমালোচনা কৰে।
 
"আমেৰিকাই যদিও ইজৰাইল আৰু পেলেষ্টাইন উভয় পক্ষই শান্তি আৰু নিৰাপত্তাৰে জীয়াই থাকিব পৰা স্থায়ী শান্তিৰ প্ৰতি সমৰ্থন আগবঢ়ায়, তথাপিও আমি এই প্ৰস্তাৱৰ অস্থায়ী যুদ্ধবিৰতিৰ আহ্বানক সমৰ্থন নকৰো, যিয়ে কেৱল পৰৱৰ্তী যুদ্ধৰ বীজহে ৰোপণ কৰিব।"- সংবাদ সংস্থা ৰয়টাৰে ৰবাৰ্ট উডৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে।
 
তেওঁ আৰু কয় যে ৰাষ্ট্ৰসংঘৰ এই প্ৰস্তাৱটো বাস্তৱৰ পৰা বহু যোজন দূৰত আছে। 
 
ইফালে, ভোটদানৰ পিছত ইজৰাইলৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত গিলাড এৰডানে দেশখনৰ এই স্থিতি পুনৰবাৰ উল্লেখ কৰে যে “সকলো পণবন্দী ঘূৰি আহিলে আৰু হামাছ ধ্বংস হ’লেহে যুদ্ধবিৰতি সম্ভৱ হ’ব”।