যুদ্ধ কেতিয়া শেষ হ'ব সেয়া আমি নিৰ্ধাৰণ কৰিম; ট্ৰাম্পক প্ৰত্যুত্তৰ ইৰানৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
মাধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইজৰাইল-আমেৰিকা আৰু ইৰানৰ মাজৰ যুদ্ধৰ বাবে ইতিমধ্যে বহু শ শ লোকে প্ৰাণ হেৰুৱাইছে। বহু সহস্ৰাধিক লোক আহত হৈছে আৰু অট্টালিকা, হাস্পতাল আদিও ক্ষতিগ্ৰস্ত হৈছে।
 
ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে উল্লেখ কৰিছিল যে- মাত্ৰ কিছুদিন। যুদ্ধ প্ৰায় শেষ হৈ গৈছে। ইয়াৰ লগতে ট্ৰাপে হৰমুজ প্রণালী বাধাগ্ৰস্ত নকৰিবলৈ ইৰানক সকিয়নি প্ৰপদান কৰে। হৰমুজ প্ৰণালীৰে তেল পৰিবহণত বাধা নিদিবলৈ সকিয়নি। বাধা দিলে ইৰানত ২০ গুণ অধিক শক্তিশালী আক্ৰমণৰ কৰাৰ  হুংকাৰ প্ৰদান।
 
উল্লেখযোগ্য যে, এই ঘোষণাৰ কেইঘণ্টামানৰ ভিতৰতে ইৰানৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পে ইয়াৰ প্ৰত্যুত্তৰত এটা বিবৃতি প্ৰকাশ কৰি কয়- 'যুদ্ধ কেতিয়া শেষ হ'ব সেইটো আমি নিৰ্ধাৰণ কৰিম। আন কোনোৱে নহয়। পশ্চিম এছিয়াৰ ভৱিষ্যত এতিয়া আমাৰ হাতত। আমেৰিকাৰ সামৰিক বাহিনীৰ হাতত একো নাই। এইদৰে কৈ তীব্ৰ হুংকাৰ প্ৰদান কৰে।'